বিভিন্ন ধৰ্মীয় ৰীতি-নীতি তথা পৰম্পৰাত বিশ্বাসী জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ অসমত অতীজৰে পৰা বহুতো উৎসৱ-পাৰ্বণ উদযাপিত হৈ আহিছে৷ আমাৰ সংস্কৃতি আৰু সমাজ জীৱনক বৰ্ণিল কৰি তোলা এই উৎসৱসমূহৰ ভিতৰত শাৰদীয় দুৰ্গোৎসৱ হৈছে অন্যতম৷ শক্তিপীঠ কামাখ্যা ধামৰ লগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নানা স্থানত বিভিন্ন দেৱ-দেৱীৰ আৰাধনাৰ সমান্তৰালকৈ শাৰদীয় দুৰ্গা পূজাও উদযাপিত হৈ আহিছে৷ ইয়াৰে কিছুমান তীৰ্থস্থানত, কিছুমান ৰাজকীয় পৃষ্ঠপোষকতাত, কেইটিমান বিশেষ পৰিয়ালত আৰু আন কিছুমান ৰাজহুৱা বা সাৰ্বজনীনভাৱে অনুষ্ঠিত কৰা হয়৷
নগাঁও জিলাৰ পুৰণিগুদামত ১৮৮৫ চনতে এভাগি বিশেষ সাৰ্বজনীন পূজা আৰম্ভ হৈছিল৷ এই পূজাভাগি এতিয়া আধ্যাত্মিকতা, সংস্কৃতি, সমন্বয় আৰু শিল্পকৰ্মৰ নিদৰ্শনেৰে এক ঐতিহ্যস্থলীলৈ পৰিণত হৈছে৷ লেৰেলা খনিকৰৰ ১২১ বছৰ পুৰণি কাঠৰ প্ৰতিমাৰ বাবে বিখ্যাত এই অকালবোধন দেশজুৰি চৰ্চিত হৈ আহিছে আৰু অঞ্চলটোৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হিচাপে এক সুকীয়া ঐতিহ্য বহন কৰিছে৷
পুৰণিগুদামৰ দাৰুশিল্পী লেৰেলা খনিকৰ নামেৰে জনাজাত লেশধৰ শৰ্মাই প্ৰতিবছৰে এই পূজাৰ প্ৰতিমা মাটিৰে নিৰ্মাণ কৰিছিল৷ প্ৰবাদ অনুসৰি এবাৰ খনিকৰে প্ৰতিমা তৈয়াৰ কৰি ভাতৃ দুৰ্গা শৰ্মাক ১০ টকা মূল্যৰ বিনিময়ত ৰাইজক মূৰ্তিভাগ আগবঢ়াই দিবলৈ পৰামৰ্শ দি নগাঁৱৰ আমোলাপট্টিত পূজাৰ পৌৰোহিত্য কৰিবলৈ যায়৷ তাৰ পৰা উভতি আহি তেখেতে চ’ৰাঘৰতে প্ৰতিমাভাগ দেখা পালে৷ পাছত ভাতৃৰ পৰা তেওঁ জানিবলৈ পালে যে যথা সময়ত ধন যোগাৰ কৰিব নোৱৰাত ৰাইজে প্ৰতিমাভাগ নিব নোৱাৰিলে৷ এই কথাত খনিকৰে মনত বৰ আঘাত পালে৷ তেতিয়াই তেওঁ চিন্তা কৰিলে যে তেওঁ এনে এভাগি প্ৰতিমা নিৰ্মাণ কৰিব যি বহু বছৰলৈ স্থায়ী হ’ব আৰু প্ৰতিবছৰে নিৰ্মাণ কৰিবলগীয়া নহ’ব৷ আন এক প্ৰবাদ অনুসৰি প্ৰতি বছৰে তেখেতে নিজ হাতে সাজি উলিওৱা প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত মনত বৰ দুখ পাইছিল৷ গতিকে এই দুখৰ বোজা আঁতৰাবলৈ খনিকৰে এভাগি কাঠৰ মূৰ্তি সজাৰ পৰিকল্পনা কৰিছিল৷
১৯০০ চনতে লেশধৰ শৰ্মাই দশভুজা দেৱী দুৰ্গাৰ লগতে সৰস্বতী, লক্ষ্মী, কাৰ্তিক আৰু গণেশৰ মূৰ্তি বেলকাঠেৰে বনোৱা আৰম্ভ কৰে৷ তেখেতৰ আজোনাতি যোগেন্দ্ৰ শৰ্মাই কয়, “দেউতাহঁতৰ পৰা শুনা মতে আমাৰ বাৰীত প্ৰকাণ্ড বেলগছ কিছুমান আছিল৷ বেলগছৰ কাঠৰ মান উৎকৃষ্ট হোৱাৰ বাবেই তেখেতে বেলকাঠেৰে প্ৰতিমাসমূহ নিৰ্মাণ কৰিছিল৷ সেইবাবেই ইমান দিনলৈ কাঠবোৰ ঘুণে খোৱা নাই বা নষ্ট নোহোৱাকৈ ভালে আছে৷ মহিষাসুৰক ৰূপ দিবলৈ তেখেতে মন্দিৰৰ গাতে লাগি থকা কলং নৈত উটি অহা কাঠৰ কুন্দা ব্যৱহাৰ কৰিছিল৷” কোৱা হয় যে লেশধৰ শৰ্মাই এই কাঠৰ টুকুৰাটো সপোনত পাইছিল৷ কাঠবিধ এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই যদিও ইয়াৰ গুণগত মান যে উত্তম আছিল তাত কোনো সন্দেহ নাই বুলি শৰ্মাই অসম বাৰ্তাক কয়৷
২০০১ চনত কাঠৰ প্ৰতিমাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত জ্ঞানপীঠ বঁটাপ্ৰাপক বিশিষ্ট সাহিত্যিক মামনি ৰয়ছম গোস্বামীয়ে লিখিছিল, “মই এশ বছৰীয়া কাঠৰ দুৰ্গা প্ৰতিমা নিজ চকুৰে দেখা পাই অভিভূত হ’লোঁ৷ এয়া এক অনন্য প্ৰতিমা৷ কাৰিকৰৰ প্ৰতি মোৰ মূৰ দোঁ খাই পৰিল৷ মোৰ জীৱনত এয়া এক অনন্য স্মৃতি হৈ থাকিব৷”
শতিকাৰো অধিক কাল সম্পূৰ্ণ কৰা এই কাঠৰ প্ৰতিমাসমূহৰ সংৰক্ষণৰো এক ইতিহাস আছে৷ পূৰ্বতে প্ৰত্যেক বছৰ পূজা সমাপনৰ পাছত প্ৰতিমাসমূহ শৰ্মা পৰিয়ালৰ ঘৰতে ৰখা হৈছিল বুলি যোগেন্দ্ৰ শৰ্মাই কয়৷ কাঠত যাতে ঘুণে নধৰে বা অন্য কোনো ক্ষয়-ক্ষতি নহয়, তাৰ বাবে জোনাকী পৰুৱাৰ বাঁহৰ মাটিৰে এখন কাপোৰত বোকাৰ প্ৰলেপ সানি মূৰ্তিবোৰ ঢাকি ৰখা হয়৷ শাৰদোৎসৱৰ আগে আগে মূৰ্তিবোৰ উলিয়াই আনিপৰিষ্কাৰ কৰি ৰং সানি বস্ত্ৰ পৰিধান কৰোৱা হয়৷ প্ৰতি বছৰে ভক্তসকলেই দেৱীৰ বস্ত্ৰ দান কৰে৷
“পুৰণিগুদামৰ এই পূজা আধ্যাত্মিক আৰু সামাজিক দৃষ্টিকোণৰ পৰা ঐতিহ্যমণ্ডিত হিচাপে বিবেচিত হৈ আহিছে৷ দুৰ্গোৎসৱৰ চাৰিটা দিন এই পূজাস্থলী সমন্বয়ৰ সংগমস্থলীলৈ ৰূপান্তৰ হয়৷ স্থানীয় বিভিন্ন সম্প্ৰদায়ৰ লগতে আমাৰ থলুৱা মুছলমানসকলেও পূজাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়াই আহিছে৷ উল্লেখ্য যে এই পূজাৰ বাবে আমি দান-বৰঙণি বিচাৰি নাযাওঁ, ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি পূজা সম্পন্ন কৰাত সহায়-সহযোগিতা আগবঢ়ায়,” অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুলিন হাজৰিকাই অসম বাৰ্তাক কয়৷
আধ্যাত্মিক বা ধৰ্মীয় ৰীতি-নীতি পালনৰ সমানেই সাহিত্য-সংস্কৃতিৰ উত্তৰণতো পুৰণিগুদামৰ এই দুৰ্গোৎসৱে বিশেষ ভূমিকা পালন কৰিছে৷ ১৯৯৬ চনৰ পৰা পূজাক কেন্দ্ৰ কৰি হোৱা মেলা প্ৰাংগণতে প্ৰথমবাৰৰ বাবে শিশু গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছিল৷ শিশু-সাহিত্যৰ প্ৰসাৰত ব্ৰতী ‘শিশুবন্ধু’ নামেৰে জনাজাত দুলাল বৰাই অসম বাৰ্তাক কয়, “আমি জনামতে পুৰণিগুদামতে অসমত প্ৰথমবাৰৰ বাবে শিশুৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল৷ ক’ভিড অতিমাৰীৰ বাবে দুবছৰ অনলাইন মাধ্যমত অনুষ্টুপীয়াকৈ আয়োজন হ’লেও ১৯৯৬ চনৰ পৰা এই গ্ৰন্থমেলা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ আহিছে৷ পুতলা পিষ্টলৰ সলনি নিজৰ শিশুটিক একোখনকৈ কিতাপ পূজাৰ উপহাৰ হিচাপে দিবলৈ আমি আহ্বান জনাই আহিছোঁ৷ সাহিত্য আৰু আধ্যাত্মিকতাৰ সংগমৰ এনে উদাহৰণ আজিৰ দিনত বিৰল৷”
লেৰেলা খনিকৰৰ কাঠৰ প্ৰতিমাৰ বাবে পুৰণিগুদামে পালে এক সুকীয়া পৰিচয়৷ গতিকে, এই কাঠৰ প্ৰতিমাৰ উপযুক্ত সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ দিশত পূজা উদযাপন সমিতিৰ সভাপতি মিণ্টু শৰ্মাই গুৰুত্ব প্ৰদান কৰে৷ তেখেতে লগতে কয়, “আমি মন্দিৰৰে এটা কোঠালিত মূৰ্তিবোৰ ৰখাৰ অস্থায়ী ব্যৱস্থা কৰিছোঁ যদিও এনে ঐতিহ্যপূৰ্ণ সম্পদৰ বিজ্ঞানসন্মত সংৰক্ষণ হোৱা উচিত৷ এইক্ষেত্ৰত আমি চৰকাৰৰ সহযোগিতা পালে নথৈ আনন্দিত হ’ম৷ ইতিমধ্যে আমি অসম দৰ্শন আঁচনিৰ বাবে আৱেদন জনাইছোঁ৷ আশা কৰিছোঁ এই আঁচনিৰ সুবিধা পালে আমি সংৰক্ষণ পদ্ধতি উন্নত কৰাৰ লগতে মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু অন্য কামবোৰ সমাধা কৰিব পাৰিম৷”
শাৰদীয় দুৰ্গোৎসৱৰ সময়ত পুৰণিগুদামৰ আকাশ-বতাহ হৈ পৰে উৎসৱমুখৰ৷ নাৰীশক্তিৰ আৰাধনাৰ এই সৰ্ববৃহৎ উৎসৱটিত প্ৰাণ পাই উঠে ধৰিত্ৰী৷ শৰতৰ এই প্ৰাণৱন্ত সময়ছোৱাত পুৰণিগুদামত যি আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈল্পিক সত্তাৰ মহামিলন ঘটে, তাৰ সাক্ষী হোৱাটো এক পৰম প্ৰাপ্তি৷