• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Wednesday, March 22, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

শৈক্ষিক বৃত্তিৰে অংকুৰিত হৈছে আশাৰ বীজ

AB Bureau by AB Bureau
September 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
শৈক্ষিক বৃত্তিৰে অংকুৰিত হৈছে আশাৰ বীজ

বিশ্বনাথ জিলাৰ সুন্দৰ আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে আবৃত মিজিকাজান চাহ বাগিচাত জন্মগ্ৰহণ কৰা প্ৰণৱ কুৰ্মীৰ পৰিয়ালৰ আৰ্থিক অৱস্থা যথেষ্ট সবল নহয় যদিও শৈশৱৰে পৰা উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ এটা সপোন তেওঁ মনত পুহি ৰাখিছিল৷ বছৰজোৰা কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ অন্তত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা প্ৰণৱৰ এই সাফল্যই তেওঁৰ পিতৃ বিজয় কুৰ্মীক গৌৰৱান্বিত কৰি তুলিছে৷

প্ৰণৱৰ দৰেই ৰাজ্যখনৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে অসম চৰকাৰৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত চাহ জনজাতিৰ বিভিন্ন পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যেৰে চৰকাৰে চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ অধীনত কেতবোৰ বিশেষ জলপানি আঁচনিৰ ঘোষণা কৰিছে৷ (বক্সত চাওক)

এই আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ আৱেদনকাৰীয়ে ‘শিৰীষ’ (SIRISH) প’ৰ্টেলৰ জৰিয়তে অনলাইন আৱেদন কৰিব পাৰিব৷

বিগত বৰ্ষত প্ৰণৱ কুৰ্মীয়ে এই আচঁনিৰ এগৰাকী যোগ্য হিতাধিকাৰী হিচাপে দুটাকৈ জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল৷ প্ৰণৱে প্ৰৱেশিকোত্তৰ (পোষ্ট-মেট্ৰিক) জলপানি হিচাপে ৫,০০০ টকা আৰু ছাইমন সিং হৰ’ বিশেষ জলপানিৰ অধীনত ১০,০০০ টকা লাভ কৰিছিল৷ “জলপানিৰ ধনেৰে মই উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ লগতে পাঠ্যপুথিও ক্ৰয় কৰিছিলোঁ৷ চৰকাৰে আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰিবলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ,” প্ৰণৱে অসম বাৰ্তাক কয়৷

শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিএমএইছএছ অধ্যয়ন কৰা এগৰাকী প্ৰাক্তন ছাত্ৰ মৃণ্ময় চাহু বৰ্তমান এখন চৰকাৰী চিকিৎসালয়ত ইনটাৰ্ন হিচাপে কৰ্মৰত৷ তেওঁ উচ্চ শিক্ষাৰ বাবে বিভাগে আগবঢ়োৱা বিত্তীয় অনুদান স্বৰূপে বছৰি ৩৫,০০০ টকাকৈ লাভ কৰিবলৈ সক্ষম হৈছিল৷ “এই জলপানিয়ে মোক যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিছিল৷ অৱশ্যে এই জলপানিৰ বিষয়ে এতিয়াও বহু ছাত্ৰ-ছাত্ৰী অৱগত নহয়৷ সেইবাবে ইয়াৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে চৰকাৰে কিছু নতুন পন্থা অৱলম্বন কৰিলে অধিক ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰিব,” মৃণ্ময়ে অসম বাৰ্তাৰ আগত নিজৰ মতামত ব্যক্ত কৰে৷

ছাত্ৰ-ছাত্ৰীসকলক এই জলপানিসমূহ প্ৰদান কৰাৰ অৰ্থে চলিত বৰ্ষৰ বাজেটত মুঠ ২৯.৫০ কোটি টকা ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে ২০২১-২২ বৰ্ষত বিভিন্ন পৰ্যায়ত অধ্যয়নৰত চাহ জনগোষ্ঠীয় মুঠ ২৫,৫৮৫গৰাকী শিক্ষাৰ্থীক ২১.৪৩ কোটি টকাৰ জলপানি প্ৰদান কৰা হৈছিল৷

চাহ জনগোষ্ঠীৰ তথা অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ লগতে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে অসম চৰকাৰৰ এয়া মাথোঁ এক প্ৰচেষ্টাহে৷ ইয়াৰ সমান্তৰালকৈ সমাজৰ বিভিন্ন স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে৷

একেদৰেই অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা সঞ্চালকালয় (ভৈয়াম)ৰ দ্বাৰা ৰূপায়িত বিশেষ অনুদান আঁচনিৰ অধীনতো অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰিবলৈ এই অনুদানসমূহ আগবঢ়োৱা হয়৷ ইয়াৰ লগতে স্নাতক পৰ্যায়ত ৭০% আৰু স্নাতকোত্তৰত ৬৫% লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলকো এই আঁচনিৰ অধীনত আৰ্থিক অনুদান আগবঢ়োৱা হয়৷

প্ৰণৱ কুৰ্মী (বাঁওফালে) আৰু মৃণ্ময় চাহু, চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ অধীনত জলপানি লাভ কৰা দুগৰাকী হিতাধিকাৰী

বিগত বৰ্ষত আটাইকেইটা পৰ্যায়ত সফলতাৰে উত্তীৰ্ণ হোৱা অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মুঠ ১,৮৩০ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে এই অনুদান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০২২-২৩ বৰ্ষতো বিভাগটোৱে এই অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰবাবে ইতিমধ্যে বিত্তীয় বাজেট অধিৱেশনত মুঠ ৪.৫০ কোটি টকা ঘোষণা কৰা হৈছে৷

অনুসূচীত জাতিৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলকো সকাহ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনত বিশেষ জলপানি আঁচনিৰ ৰূপায়ণ কৰিছে৷ প্ৰাক্‌-প্ৰৱেশিকা (প্ৰি-মেট্ৰিক) আৰু প্ৰৱেশিকোত্তৰ (পোষ্ট-মেট্ৰিক)এই দুটা ভাগত বিভক্ত জলপানিৰ বাবে শিক্ষাৰ্থীসকলে নেচনেল স্ক’লাৰশ্বিপ প’ৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰে৷

উল্লেখ্য যে অসম চৰকাৰৰ অনুসূচীত জাতিৰ কল্যাণ বিভাগে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ লাভ কৰা অনুসূচিত জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰিবলৈ আৰ্থিক সকাহ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে বাজেটত মুঠ ১৬ লাখ টকাৰ ঘোষণা কৰা হৈছে৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In