আমাৰ দেশ তথা অসমত আজি সমীৰ বৰদলৈৰ দৰে কৃষি উদ্যোগী আৰু চিন্তাশীল ব্যক্তিৰ বাবে কৃষি ক্ষেত্ৰখনত দ্ৰুতগতিত সংস্থাপনৰ বাট মুকলি হৈছে৷ দেশ-বিদেশৰ বহুজনৰ মাজত ‘কৃষক সমীৰ বৰদলৈ’ নামেৰে পৰিচিত এইগৰাকী কৃষি উদ্যোগীয়ে যুৱক-যুৱতীসকলক পথাৰত নামি বোকা-পানী গচকি খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিছে৷ তেওঁলোকক মূল শিপাডালৰ সৈতে পৰিচয় কৰোৱাৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ এটা বহুজাতিক প্ৰতিষ্ঠানত ভাল দৰমহাৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ কৰ্মক্ষেত্ৰত তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল যদিও খাদ্য উদ্যোগ ক্ষেত্ৰখনত প্ৰত্যক্ষ কৰা এক অস্বাস্থ্যকৰ প্ৰতিচ্ছবিয়ে তেওঁৰ যুৱ মনটোক বিচলিত কৰিছিল৷ বৰদলৈয়ে উপলব্ধি কৰিছিল যে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে কৃষকসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ কৃষক আৰু উপভোক্তাসকলৰ মাজত পোনপটীয়া সম্পৰ্কৰ অভাৱো তেখেতে অনুভৱ কৰিছিল৷ সেয়ে তেওঁ জৈৱিক কৃষিক জীৱনৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰি ল’লে৷ জৈৱিক কৃষি পদ্ধতিৰ প্ৰচাৰৰ জৰিয়তে ভাৰতবৰ্ষৰ অধিকাংশ কৃষকক নিৰপেক্ষভাৱে সেৱা আগবঢ়াবলৈ তেখেতে সিদ্ধান্ত লয়৷
সমীৰ বৰদলৈয়ে ২০১৫ চনত কৰ্প’ৰেট খণ্ডৰ চাকৰি ইস্তাফা দি যোৰহাটত ‘এছ এছ বটানিকেলছ’ নামেৰে তেওঁৰ প্ৰথমখন উদ্ভিদ স্বাস্থ্য কেন্দ্ৰৰ শুভাৰম্ভণি কৰিছিল৷ তেওঁ উপলব্ধি কৰিবলৈ লৈছিল যে কৃষি পদ্ধতিৰ পৰিৱৰ্তনৰ ফলত পৰম্পৰাগত খাদ্যজ্ঞানসমূহৰ প্ৰয়োগ দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰাৰ লগতে খাদ্য নিৰাপত্তাহীনতা বৃদ্ধি হৈ গৈ আছে৷ ২০১৭ চনত তেওঁ ছ’চাইটী ফৰ প্ৰম’শ্যন অফ ৰুৰেল ইক’ন’মী এণ্ড এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট, নৰ্থ ইষ্ট (Spread NE) নামৰ এক বেচৰকাৰী সংগঠনৰ প্ৰতিষ্ঠা কৰে৷ এই সংগঠনটোৱে সমাজৰ প্ৰতিটো শ্ৰেণীৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰি স্থানীয় খাদ্য আৰু জৈৱিক কৃষিৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰে৷
এই অভিযানক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ‘গ্ৰীন কমাণ্ডো’ৰ ধাৰণাটো উদ্ভৱ হৈছিল৷ গ্ৰীন কমাণ্ডোসকলে জৈৱিক কৃষিৰ প্ৰচাৰৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে কৃষক আৰু গ্ৰাহকসকলৰ মাজত এক সু-সম্পৰ্ক স্থাপন কৰাত মধ্যস্থতাকাৰী হিচাপে কাম কৰি আহিছে৷ তেওঁলোকে প্ৰতিজন উপভোক্তাক সজাগ কৰাৰ ক্ষেত্ৰতো কাম কৰে৷
তেওঁ সোণাপুৰত এখন ‘খাদ্য অৰণ্য’ত শিবিৰ স্থাপন কৰি গ্ৰীন কমাণ্ডোসকলক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিল৷ ‘থলুৱা লোক – থলুৱা খাদ্য – থলুৱা অৰ্থনীতি’, এই তিনিটা সৰল নীতিৰ আধাৰত তেওঁ জৈৱিক খেতিৰ ধাৰণাটো প্ৰস্তুত কৰিছিল৷ কিছুমান বৃহৎ কৃষি প্ৰতিষ্ঠানৰ শোষণৰ বিৰুদ্ধে স্থানীয় কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাক অনুধাৱন কৰিয়েই এই নীতি প্ৰস্তুত কৰা হৈছিল৷ তেওঁ অনুভৱ কৰিছিল যে স্থানীয় কৃষকসকলে তেওঁলোকৰ পৰিশ্ৰমৰ বাবদ উচিত প্ৰাপ্য লাভ নকৰে৷ বৰদলৈয়ে এইপৰ্যন্ত ৭৮৬জন গ্ৰীন কমাণ্ডোক প্ৰশিক্ষণ প্ৰদান কৰিছে৷
Spread NE-য়ে অসমৰ লগতে মণিপুৰ, নাগালেণ্ড, মিজোৰাম তথা ভাৰতৰ অন্যান্য প্ৰান্তৰ বিভিন্ন লোকক গ্ৰীন কমাণ্ডোত অন্তৰ্ভুক্ত হ’বলৈ আকৰ্ষিত কৰিছে৷ তেওঁলোকৰ লক্ষ্য হ’ল- নগৰাঞ্চলত বাস কৰা বা নগৰীয়া জীৱন শৈলীৰ সৈতে জড়িত কমাণ্ডোসকলৰ দ্বাৰা নগৰাঞ্চলত থলুৱা, পৰম্পৰাগত আৰু জৈৱিক খাদ্য ব্যৱহাৰৰ প্ৰচাৰ কৰা৷

কোনো সভা-সমিতিত বা কাৰোবাৰ সৈতে চাহ মেলত গ্ৰীন কমাণ্ডোসকলে কোনো এটা পৰিয়ালক গাঁওসমূহত এনে খেতি কৰি থকা কৃষকসকলক প্ৰতিপালন কৰিবলৈ উৎসাহিত কৰে৷ এই ব্যৱস্থাৰ অধীনত পৰিয়ালসমূহে এবছৰলৈ কৃষকসকলে উৎপাদন কৰা শাক-পাচলি/বনৌষধি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব পাৰে৷ এনেদৰে এজন কৃষক বহু পৰিয়ালৰ সৈতে সংযুক্ত হৈ পৰে যি তেওঁৰ পৰাহে উৎপাদিত সামগ্ৰীসমূহ ক্ৰয় কৰে৷ কৃষকসকলে অতিৰিক্ত সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰাৰ সুবিধাও পায়৷
গ্ৰীন কমাণ্ডো আৰু কৃষকসকলৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰাৰ উদ্দেশ্যেৰে তেওঁ ‘ফাৰ্ম কানেক্ট’ নামৰ এক প্ৰচেষ্টাৰ আৰম্ভণি কৰিছিল য’ত পূৰ্বৰ প্ৰশিক্ষাৰ্থীসকলে নতুন সদস্যসকলক স্থানীয় পৰ্যায়ত প্ৰশিক্ষণ দিয়াৰ লগতে চহৰৰ বজাৰসমূহত তেওঁলোকৰ সামগ্ৰীৰ বিপণন কৰিব পাৰে৷
“ভাৰতৰ আটাইতকৈ লাভজনক উদ্যোগসমূহৰ ভিতৰত খাদ্য উদ্যোগটো অন্যতম যদিও, এতিয়াও আমাৰ দেশত কৃষকসকলে অনাহাৰে থাকিবলগীয়া হয়৷ Spread NE-ৰ জৰিয়তে এজন কৃষকে প্ৰতি মাহে প্ৰায় ১৫,০০০ টকাৰ নিশ্চিত উপাৰ্জন লাভ কৰিব পাৰে৷ পূৰ্বতে তেওঁলোকে মুম্বাই, বেংগালুৰু আৰু দিল্লীৰ দৰে চহৰত চাকৰি কৰিবলৈ গৈ ইয়াতকৈ কম টকা উপাৰ্জন কৰিছিল৷ এই প্ৰচেষ্টাৰ দ্বাৰা এতিয়া অন্ততঃ তেওঁলোকে নিজৰ জন্মস্থানতে থাকি একেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছে,” তেওঁ অসম বাৰ্তাক কয়৷
২০১৭ চনৰ পৰা এইপৰ্যন্ত সমীৰ বৰদলৈ আৰু তেওঁৰ গ্ৰীন কমাণ্ডোৰ সদস্যসকলে ১৫০খনতকৈও অধিক বিদ্যালয় সাঙুৰি লৈছে৷ তেওঁলোকে শিক্ষাৰ্থীসকলক কেঁচুসাৰ তৈয়াৰ কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ লগতে জৈৱিক কৃষিৰ গুৰুত্ব আৰু স্থানীয় খাদ্য সামগ্ৰীৰ বিকাশ আৰু ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষা প্ৰদান কৰে৷
যোৱা মাহত পালন কৰা বিশ্ব পৰিৱেশ সপ্তাহৰ প্ৰথম দিনটোত সমগ্ৰ মেঘালয়ৰ ৫৪,০০০ৰো অধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ২ লাখ ৩০ হাজাৰতকৈও অধিক বীজৰ বল সিঁচি দিনে দিনে হ্ৰাস হৈ অহা বনাঞ্চলক পুনৰ প্ৰাণ দিয়াৰ এক অভিনৱ কৌশল অৱলম্বন কৰিছিল, যাক এক বিশেষ ধ্বজাবাহী অভিযান ৰূপে তেওঁ অভিহিত কৰিবলৈ বিচাৰে৷
সমীৰ বৰদলৈৰ এই প্ৰচেষ্টাসমূহে ইতিমধ্যে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ ২০১৬ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR) আৰু সৰ্বভাৰতীয় কৃষি ছাত্ৰ সন্থাৰ পৰা প্ৰগতি পুৰস্কাৰ লাভ কৰিছিল৷ তেওঁ ২০১৭ চনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ পৰা দেশৰ শ্ৰেষ্ঠ কৃষি উদ্দ্যেগীৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৮ চনত তেওঁক অসম কৃষি বিশ্ববিদ্যালয়ে কৃষক ৰত্ন বঁটা প্ৰদান কৰিছিল৷ ২০১৯ চনত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (IARI) পৰা তেওঁ দেশৰ উদ্ভাৱনীমূলক কৃষক বঁটাও লাভ কৰিছে৷
অৱশ্যে, বৰদলৈয়ে উল্লেখ কৰে যে তেওঁ জীৱনৰ শ্ৰেষ্ঠ পুৰস্কাৰ তেতিয়াহে লাভ কৰিব যেতিয়া তেখেতে প্ৰশিক্ষণ প্ৰদান কৰা উৎসাহী যুৱপ্ৰজন্মই কৃষি খণ্ডত নিজকে নিয়োজিত কৰিব৷