দৰিদ্ৰতা হ্ৰাস সৰ্বাংগীনভাৱে নিশ্চিত কৰাত অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সফলতা বা নীতি আয়োগৰ প্ৰতিৱেদনত বহুমাত্ৰিক দৰিদ্ৰতাৰ উল্লেখে কেন্দ্ৰৰ লগতে দিশপুৰৰ ৰাজ্য চৰকাৰে দৰিদ্ৰ লোকৰ স্বাৰ্থত গ্ৰহণ কৰা নীতিসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে৷ এই প্ৰতিৱেদনখন পূৰ্বৰ দৰে কেৱল উপাৰ্জন বা আৰ্থিক ব্যৱস্থাৰ বিপৰীতে এক বিস্তৃস্ত মাপকাঠী বা বিষয়ত নিৰ্ভৰ কৰি প্ৰকাশ কৰা হৈছে৷ প্ৰতিৱেদনখনে বিবেচনা কৰা তিনিটা মূল বিন্দু হৈছে- স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মানদণ্ড৷
এই পৰিসংখ্যা আমাৰ বাবে আকৰ্ষণীয় হোৱাৰ লগতে চমকপ্ৰদো৷ অসমৰ জিলাসমূহৰ সূচক কিছুমানত চকু ফুৰালে এয়া প্ৰমাণিত হয় যে একেবাৰে তৃণমূল পৰ্যায়ত নীতিগত পদক্ষেপসমূহ একাধিক স্তৰত কাৰ্যকৰী প্ৰমাণিত হৈছে৷
বহুমাত্ৰিক দৰিদ্ৰতাৰ সংখ্যা ভাৰতত ২০১৫-১৬ বৰ্ষত ২৪.৮৫%ৰপৰা ২০১৯-২১ চনত ১৪.৯৬%লৈ হ্ৰাস পাইছে৷ একে সময়ৰ ভিতৰত অসমত এই পৰিসংখ্যা ৩২.৬৫%ৰপৰা ১৯.৩০%লৈ হ্ৰাস পাইছে অৰ্থাৎ এই ব্যৱধান হৈছে ১৩.৩০%৷ এই পৰিসংখ্যাত অসমত দৰিদ্ৰলোকৰ সংখ্যা ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অধিক যদিও দৰিদ্ৰতা হ্ৰাসৰ গতি অসমৰ বাবে সন্তুষ্টিজনক৷ প্ৰতিৱেদনখনৰ তথ্য অনুসৰি এই সময়ছোৱাত ২০১৫-২০১৬ৰপৰা ২০১৯-২০২১ বৰ্ষৰ ভিতৰত অসমত মুঠ ৪৬,৮৭,৪৫১গৰাকী লোক বহুমাত্ৰিক দৰিদ্ৰতাৰপৰা মুক্ত হৈছে৷ অসমৰ গড় পৰিসংখ্যা ইয়াৰ চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহতকৈ যথেষ্ট বেছি৷
প্ৰতিৱেদনৰ তথ্য অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহত দৰিদ্ৰতা ৩৬.১৪%ৰপৰা ২১.৪১%লৈ উল্লেখনীয়ভাৱে হ্ৰাস পোৱা দেখা গৈছে৷ আনহাতে নগৰাঞ্চলত হ্ৰাস পাইছে ৯.৯৪%ৰপৰা ৬.৮৮%লৈ৷ যিহেতু অসমৰ জনসংখ্যাৰ ৮০%ৰো অধিক গ্ৰামাঞ্চলত বসবাস কৰে, গতিকে এয়া সৰ্বাংগীন উন্নতি হিচাপে অভিহিত কৰিব পাৰি৷ মূলতঃ গাঁওপ্ৰধান দক্ষিণ আৰু পশ্চিম অসমৰ জিলাসমূহত সকলো মাপকাঠিতে যথেষ্ট সন্তোষজনক মূল্যাংকন লাভ কৰা দেখা গৈছে৷ অসমৰ এই সূচকসমুহে সম্পদ আৰু প্ৰচেষ্টাৰ সম-বিতৰণো প্ৰতিফলিত কৰিছে৷