১৪৩ বছৰৰ পাছত এক ঐতিহাসিক মুহূর্তত শিলচৰ পৌৰ সভাক উন্নীত কৰি শিলচৰ পৌৰ নিগম হিচাপে স্বীকৃতি দিয়া হয়। এই পদক্ষেপে অসমৰ নগৰ বিকাশৰ ক্ষেত্ৰত এটি নতুন অধ্যায় আৰম্ভ কৰিছে।
ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থই ‘শিলচৰ পৌৰ নিগম’ৰ আনুষ্ঠানিক স্বীকৃতিৰ কাৰ্যসূচী উদ্বোধন কৰাৰ লগে লগে শিলচৰৰ বাবে এক নতুন যাত্ৰা আৰম্ভ হ’ল। এই অনুষ্ঠানত শিলচৰ বিধায়ক দীপায়ন চক্রৱৰ্তী, উধাৰবন্দৰ বিধায়ক মিহিৰ কান্তি সোম, শিলচৰৰ পূৰ্বৰ বিধায়ক দিলীপ পাল, পূৰ্বৰ পৌৰ সভাৰ অধ্যক্ষ আৰু বৰ্তমান পশ্চিমবঙ্গৰ পৰা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু বহু বিশিষ্ট নাগৰিক উপস্থিত আছিল।
সভাত ভাষণ দিয়াৰ সময়ত সাংসদ কনাদ পুৰকায়স্থই ১৯১৩ চনত শিলচৰ পৌৰসভাৰ প্ৰথম অধ্যক্ষ কামিনী কুমাৰ চন্দাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শিলচৰৰ নাগৰিককেন্দ্ৰিক প্ৰশাসন ব্যৱস্থা গঢ়ি তুলিবলৈ যিসকল অধ্যক্ষই অৱদান আগবঢ়াইছিল, তেওঁলোককো তেখেতে স্মৰণ কৰে।
তেখেতে কয়, “আমি কেৱল প্ৰশাসনিক দিশৰ উন্নীতকৰণৰেই সাক্ষী হোৱা নাই; আমি এক নতুন যুগলৈ আগবাঢ়ি গৈ আছোঁ, যাৰ জৰিয়তে আমাৰ চহৰৰ ৰাইজৰ স্বপ্ন পূৰণ হ’ব পাৰে।” তেখেতে শিলচৰৰ আন দিশসমূহৰ লগতে সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয়, “জনসংখ্যা বৃদ্ধি, পৌৰসভাৰ সীমা সম্প্ৰসাৰণ আৰু বৃদ্ধি পোৱা নগৰীয়া চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ নিগমৰ পৰিৱৰ্তন প্ৰয়োজনীয় আছিল। এই উন্নীতকৰণে আৰ্থিক দিশৰ পৰিৱৰ্তন, উন্নত আন্তঃগাঁথনি আৰু নগৰ পৰিকল্পনাৰ পথ মুকলি কৰিব।”
কনাদ পুৰকায়স্থই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয়, “মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শিতা আৰু বলিষ্ঠ নেতৃত্বৰ ফলতেই এই বহু প্ৰত্যাশিত পৰিৱৰ্তন বাস্তৱ হৈ উঠিছে।” তেখেতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমবিকাশৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাৰ কথা উল্লেখ কৰে। —————————————————————–










