অসম চৰকাৰৰ শিক্ষা বিভাগৰ তদানীন্তন প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত বিভাগীয় দায়িত্ব গ্ৰহণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে দুটা বিশেষ কাৰ্যক্ৰমণিকাৰ কথা উল্লেখ কৰে : বিদ্যালয়ৰ প্ৰশাসনিক দিশত সংস্কাৰ সাধন আৰু শিক্ষা ব্যৱস্থাটোৰ সামগ্ৰিক দিশৰ উন্নয়ন। এই বিষয় দুটাক ভিত্তি কৰি বিষয়াগৰাকীয়ে উপলব্ধি কৰিলে যে বিদ্যালয়ত শিক্ষক, শিক্ষাৰ্থীৰ নিয়মিত উপস্থিতিক উদগনি জনাই সামগ্ৰিক ব্যৱস্থাটো উন্নত কৰাৰ দিশত এক নতুন যাত্ৰাৰ আৰম্ভণি হোৱা উচিত। ইয়াৰ ফলশ্ৰুতিত মেনুৱেল অডিট আৰু বায়’মেট্ৰিক্স প্ৰক্ৰিয়াৰ জটিলতা আৰু অধিক ব্যয়ৰ বাবে এই পদ্ধতিক আঁতৰাই দিয়া হৈছিল।
২০২০ চনৰ মাৰ্চ মাহৰ ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বি কল্যাণ চক্ৰৱৰ্তীয়ে ৱাটছএপযোগে শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা শিক্ষাদানৰ পদ্ধতিৰ বিষয়ে অৱগত হয়।
“শিক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰি মই এটা কথা উপলব্ধি কৰিলোঁ যে যদি আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য প্ৰাসংগিক বিষয়ৰ বাস্তৱ সময়ৰ তথ্য লাভ কৰিব পাৰোঁ, তেন্তে প্ৰশাসন ব্যৱস্থাত নিশ্চিত পৰিৱৰ্তন আহিব পাৰে। এনেধৰণে ‘শিক্ষা সেতু অসম’ এপ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছিল,” অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক জ্যেষ্ঠ আইএএছ বিষয়াগৰাকীয়ে এই কথা উল্লেখ কৰে।
বহু উত্থান-পতন সামৰি উচ্চ ন্যায়ালয়ৰ আইনী যুঁজৰ অন্তত এই এপটো প্ৰৱৰ্তন কৰা হয়। “মাননীয় মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ মোৰ সহকৰ্মীসকলৰ সমৰ্থন আৰু সহযোগিতা অবিহনে এই পদক্ষেপ ৰূপায়ণ কৰাটো কেতিয়াও সম্ভৱ নহ’লহেঁতেন।”
এই এপ প্ৰৱৰ্তন কৰাৰ বাবে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ বড়িগাঁও অঞ্চল নিৱাসী নাৰায়ণ নাথে আনন্দ প্ৰকাশ কৰে। তেখেতৰ পুত্ৰ হিমাংশু ৰঙাদৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত নাৰায়ণ নাথে অসম বাৰ্তাৰ এগৰাকী প্ৰতিনিধিৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে,“শিক্ষা সেতু অসম এপটোৱে শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক সকলোকে অধিক দায়বদ্ধ হোৱাৰ দিশত সক্ৰিয় ভূমিকা পালন কৰিছে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি বৃদ্ধি পোৱা এই বিশ্বাস-আস্থাৰ ফলশ্ৰুতিত মোৰ ৫ বছৰীয়া কন্যা সন্তানটিকো চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ কথা চিন্তা কৰিছোঁ।”
নাৰায়ণ নাথৰ পুত্ৰ হিমাংশুই কয়, “মোৰ সহপাঠী এগৰাকীয়ে পূৰ্বে নিয়মিতভাৱে শ্ৰেণীকোঠাত উপস্থিত থকা নাছিল। কিন্তু শিক্ষা সেতু অসম এপটো আৰম্ভ হোৱাৰে পৰা সহপাঠীগৰাকীয়ে নিয়মিত শ্ৰেণীলৈ অহা দেখিবলৈ পাইছোঁ।”
বঙাইগাঁও জিলাৰ ঘিলাগুৰী কটাশবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দেৱজিৎ বৰুৱাই ‘শিক্ষা সেতু অসম’ এপৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয়, “ডিজিটেল মাধ্যমৰ ব্যৱহাৰে বহু সময় ৰাহি কৰাৰ লগতে কামসমূহ সহজ কৰি তুলিছে বুলি আমি অনুভৱ কৰিছোঁ। এই এপে শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত এক সংযোগ স্থাপন কৰিছে।”
বিদ্যালয়খনৰ সহকাৰী শিক্ষক ধনজিৎ নাথে দেৱজিৎ বৰুৱাক সমৰ্থন জনাই ব্যক্ত কৰে, “শিক্ষা সেতু অসম এপ আৰম্ভ হোৱাৰ পৰা আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।”
ৰাজ্যৰ শিক্ষা ব্যৱস্থাত নৱ সংযোজন ঘটাই বিদ্যালয় শিক্ষা বিভাগৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হৈছিল ‘শিক্ষা সেতু অসম’ এপ। শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থীৰ তথ্য সন্নিৱিষ্ট এই এপটোত দৈনন্দিন প্ৰশাসনীয় কাৰ্যকলাপৰ বিভিন্ন দিশৰ সুবিধা উপলভ্য আছে। বিদ্যালয়সমূহৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত কৰাৰ লগতে যোগান ধৰা সামগ্ৰী/সম্পদৰ উচিত ব্যৱহাৰৰ দিশত ‘শিক্ষা সেতু অসম’ এপ হৈছে এক উৎকৃষ্ট নিদৰ্শন।
সমগ্ৰ শিক্ষা অসমৰ তত্ত্বাৱধানত এই এপৰ জৰিয়তে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বহু আসোঁৱাহ দূৰ হৈছে আৰু ভৱিষ্যতেও এই যাত্ৰা অব্যাহত থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষই উল্লেখ কৰে। এই যাত্ৰাৰ আৰম্ভণি হিচাপে শেহতীয়াকৈ সমগ্ৰ শিক্ষা অসমে ২০২৩-২৪ বৰ্ষৰ ই-গভৰ্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাত ‘স্বৰ্ণ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে।
‘শিক্ষা সেতু অসম’-এ লাভ কৰা এই প্ৰাপ্তিৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ শিক্ষা অসমক সামাজিক মাধ্যমযোগে অভিনন্দন জনাই কয়, “এই স্বীকৃতিয়ে সেৱাসমূহ ডিজিটাইজ কৰা, স্বচ্ছতা বৃদ্ধি কৰা আৰু শিক্ষা খণ্ডক সুশৃংখল কৰাৰ প্ৰতি অসম চৰকাৰৰ উৎসৰ্গীকৃত মনোভাবক প্ৰতিফলিত কৰিছে।”
চলিত বৰ্ষৰ ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ই-গভৰ্নেন্সৰ ২৭সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ’ব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।