সৃজনশীল চিন্তাৰে গুণগত শিক্ষাৰ মান উন্নত কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ পদক্ষেপ হিচাপে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে গুণোৎসৱ ২০২৩ আৰম্ভ কৰিছে৷ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ প্ৰথম পৰ্যায় ২১ জানুৱাৰীত সফলভাৱে সমাপ্ত হয়৷ এই পৰ্যায়ত মুঠ ১১খন নিৰ্বাচিত জিলাৰ ১৬,৯৩৭খন বিদ্যালয়ৰ ১৫,০৮,৭০৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ গুণোৎসৱত মূল্যাংকনৰ প্ৰক্ৰিয়া হিচাপে বিদ্যায়তনিক, সহঃ বিদ্যায়তনিক কাৰ্যৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনিকে ধৰি আন কেইবাটাও দিশ সামৰি লোৱা হৈছে৷
প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত জিলাকেইখন হ’ল- নগাঁও, বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি৷
গুণোৎসৱৰ দ্বিতীয় পৰ্যায় ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায় অনুষ্ঠিত হ’ব৷ গুণোৎসৱৰ আটাইকেইটা পৰ্যায় সামৰি মুঠ ৪৪,৫২৫খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত ৪২.৭৬ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব৷ চৰকাৰী/প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়সমূহত ১৮ হাজাৰৰো অধিক বহিঃমূল্যায়কে অংশগ্ৰহণ কৰিব৷
দ্বিতীয় পৰ্যায় বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই (নগাঁও জিলাৰ অংশ), হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলাত অনুষ্ঠিত হ’ব৷ এই পৰ্যায়ত ১৫,৫৫০ৰো অধিক বিদ্যালয়ৰ ১৫.০৭ লাখ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হ’ব৷
শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে গুণোৎসৱ সন্দৰ্ভত কয়, ‘‘আমাৰ লক্ষ্য হৈছে গুণোৎসৱৰ জৰিয়তে গুণগত শিক্ষাৰ মান মূল্যায়ন কৰা৷ এইবছৰো শিৱসাগৰত গুণোৎসৱ সফলতাৰে সম্পন্ন হৈছে৷ গ্ৰেডিঙৰ ক্ষেত্ৰত শৈক্ষিক দিশৰ মান নিৰ্ধাৰণৰ বাবে এইবাৰ ৯০% ধৰি দিয়া হৈছে আৰু বাকী ১০% ক্ৰমে সহঃবিদ্যায়তনিক, অন্যান্য দিশৰ লগতে সমাজৰ অংশগ্ৰহণ তথা অৱদানৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব৷ যোৱা বৰ্ষৰ গুণোৎসৱত আমাৰ জিলাই ৰাজ্যৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছিল৷ এইবছৰো আমি উন্নত ফলাফলেৰে একেই স্থানত থকাৰ সংকল্প লৈছোঁ৷”