অসমৰ শান্তি-শৃংখলাৰ দিশত আন এক ঐতিহাসিক মুহূৰ্তৰ সূচনাৰে পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠন আৰু তিনিটা স্প্লিণ্টাৰ গোটে যোৱা ১৫ ছেপ্টেম্বৰত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ এই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৃতিত্ব প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকীলৈ ৰাজ্যবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে৷ বিগত সময়ছোৱাত ৰাজ্যখনে অৰ্জন কৰা সফলতাসমূহৰ ভিতৰত এই চুক্তিক এক অন্যতম মাইলৰ খুঁটি হিচাপে তেওঁ অভিহিত কৰে৷
শান্তি চুক্তিখনৰ অংশীদাৰ হোৱা পাঁচটা আদিবাসী সংগঠন হৈছে: বিৰছা কমাণ্ডো ফ’ৰ্চ (বিচিএফ), আদিবাসী পিপলছ আৰ্মী (এপিএ), অল আদিবাসী নেশ্যনেল লিবাৰেচন আৰ্মী (এএএনএলএ), আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম (এচিএমএ) আৰু চাওতাল টাইগাৰ ফ’ৰ্চ (এছটিএফ)৷ তদুপৰি, তিনিটা স্প্লিণ্টাৰ গোট হৈছে ক্ৰমে বিচিএফ, এএএনএলএ আৰু এচিএমএ৷
“২০১৬ চনত যেতিয়া এই সংগঠনকেইটাৰ ১,১৮২ জন কেডাৰে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছিল, তেতিয়াৰে পৰা কেডাৰসকলে তেওঁলোকৰ বাবে নিৰ্ধাৰিত কৰি দিয়া শিবিৰত বাস কৰি আছে৷ মই নিশ্চিত যে এই ঐতিহাসিক চুক্তিয়ে এসময়ৰ পথভ্ৰষ্ট যুৱকযুৱতীসকলৰ উপযুক্ত পুনৰ্সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে অসমত শান্তি-সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰিব,” ড° শৰ্মাই টুইটযোগে উল্লেখ কৰে৷
গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ২০২৫ চনৰ ভিতৰত উত্তৰ-পূব ভাৰতক এখন শান্তিপূৰ্ণ অঞ্চলৰূপে গঢ় দিবলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সুপৰিকল্পিত দৃষ্টিভংগী তথা অসমত আদিবাসী আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ দশকজোৰা সংকটৰ সমাপ্তিৰ দিশত এই চুক্তিখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷
এই চুক্তিত সশস্ত্ৰ কেডাৰসকলৰ পুনৰ্সংস্থাপন আৰু চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে৷
আদিবাসী অধ্যুষিত গাঁও/অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নৰ বাবে অহা পাঁচ বছৰৰ ভিতৰত ১,০০০ কোটি টকাৰ এক বিশেষ উন্নয়ন পেকেজ (ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তৰফৰ পৰা ৫০০ কোটি টকাকৈ) প্ৰদান কৰা হ’ব৷
আদিবাসীসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যে এই চুক্তিত অসম চৰকাৰৰ দ্বাৰা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছে৷ লগতে, তেওঁলোকৰ সামাজিক, সাংস্কৃতিক, ভাষিক আৰু জাতিগত পৰিচয়ক সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ কথাও উল্লেখ কৰা হৈছে৷