অসমৰ আদিবাসী লোকসকলৰ বাবে এক আনন্দৰ খবৰ হ’ল যে পাঁচটাকৈ আদিবাসী বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷
আদিবাসী সমাজৰ আটাইতকৈ সক্ৰিয় ছাত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ন’ৱাছ বাৰ্লাই দশক পুৰণি আদিবাসী উগ্ৰপন্থা সমস্যা সমাধানৰ এই পদক্ষেপক আদৰণি জনাইছে৷
“এই চূড়ান্ত মীমাংসাৰ প্ৰচেষ্টাক আদৰণি জনাইছোঁ৷ ইয়াৰ বাবে আমি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছোঁ৷ স্বাধীনতাৰ পাছৰেপৰা আদিবাসী লোকসকল শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উপেক্ষিত হৈ আহিছে৷ এই দুয়োটা দিশতে চৰকাৰে অতি সোনকালে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী,” তেওঁ অসম বাৰ্তাক কয়৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ আৰু শোণিতপুৰ জিলাত উৎপীড়িত আদিবাসী লোকসকলক পুনৰ্সংস্থাপনৰ বাবেও দাবী জনায়৷
অস্ত্ৰ সম্বৰণ কৰা গোটকেইটা হৈছে আদিবাসী ক’ব্ৰা মিলিটেণ্ট অৱ আসাম (আচমা) আৰু আচমা দলীয় গোট, অল আদিবাসী নেচনেল লিবাৰেচন আৰ্মী (আনলা) আৰু আনলাৰ দলীয় গোট, বিৰছা কামাণ্ড’ ফ’ৰ্চ (বিচিএফ) আৰু বিচিএফৰ দলীয় গোট, আদিবাসী পিপ’লছ আৰ্মী (আপা) আৰু চাওঁতালী টাইগাৰ ফ’ৰ্চ (এছচিএফ)৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যোৱা মাহত আয়োজন কৰা এক অনুষ্ঠানত আঠটা বিদ্ৰোহী গোটৰ মুঠ ১,১৮২গৰাকী যুৱক-যুৱতীয়ে ৩০৪টা অত্যাধুনিক অস্ত্ৰ সম্বৰণ কৰে৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ শান্তিপূৰ্ণ পৰিৱেশ শক্তিশালী কৰাৰ দিশত এয়া এক বিশেষ দিন৷ তেওঁ কয় যে এনে পদক্ষেপৰ জৰিয়তে সকলোকে সাঙুৰি অসমে অগ্ৰগতিৰ পথ সুনিশ্চিত কৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাই কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু প্ৰগতিৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ কৰি অহা প্ৰয়াসৰ ফলতেই এয়া সম্ভৱ হৈ উঠিছে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সমবেত লোকসকলক উদ্দেশ্যি কয় যে চৰকাৰে চাহ জনজাতীয় সম্প্ৰদায় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে ১১৯খন আদৰ্শ বিদ্যালয় স্থাপন কৰিছে৷ তেওঁ লগতে উল্লেখ কৰে যে দুয়োটা সম্প্ৰদায়ৰ বাবে চৰকাৰী চাকৰিৰ ৩% সংৰক্ষণৰ উপৰি এমবিবিএছ, বিএছচি নাৰ্চিং, এএনএম আৰু জিএনএম পাঠ্যক্ৰমৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷
তেওঁ চাহ আৰু আদিবাসী সম্প্ৰদায়ৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু শৈক্ষিক সৱলীকৰণৰ উদ্দেশ্যে শপত গ্ৰহণ কৰা ১৬জনীয়া আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদক (এডব্লিউডিচি) অভিনন্দন জনায়৷ ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত অসম চৰকাৰ, কেন্দ্ৰ আৰু এই বিদ্ৰোহী গোটসমূহৰ মাজত হোৱা মীমাংসাৰ অংশস্বৰূপে এই পৰিষদ গঠন হৈছিল৷
পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দুৰ্গা হাচদায়ে কয় যে শিক্ষা আৰু স্বাস্থ্যসেৱাৰ লগতে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত উন্নয়নতো অগ্ৰাধিকাৰ প্ৰয়োজন আছে৷
“যিহেতু অসমৰ চাহ বাগিচাসমূহৰ ৯৯% শ্ৰমিকেই হৈছে আদিবাসী সম্প্ৰদায়ৰ সেয়েহে তেওঁলোকে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ঐতিহাসিক আৰু সামাজিক কাৰণবশতঃ শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ উন্নয়ন পিছপৰি ৰৈছে৷ আমি এতিয়া এই বিষয়সমূহ উপস্থাপন কৰিবলৈ বিচাৰিছোঁ,” তেওঁ কয়৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পেকেজ অনুসৰি পাঁচ বছৰৰ ভিতৰত আবণ্টন সম্পূৰ্ণ কৰিবলগীয়া ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সম্প্ৰদায়টোক অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়েও উল্লেখ কৰে৷
“অন্যান্য ৰাজ্যসমূহত আমি অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত কিন্তু কিছুমান বিষয়গত কাৰণত অসমত আমি উপেক্ষিত হৈ আছোঁ৷ মই আশা কৰিম যে চৰকাৰে আমাৰ এই দীৰ্ঘকালৰ দাবী পূৰণ কৰিব,” বাৰ্লাই কয়৷
বিৰছা কামাণ্ড’ ফ’ৰ্চৰ সেনাধক্ষ্য তথা এডব্লিউডিচিৰ উপাধ্যক্ষ সুভাষ তিৰ্কীয়ে উল্লেখ কৰে যে পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত হিংসা প্ৰভাৱিত অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব৷
“পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ লগতে আমাৰ অন্যান্য উন্নয়নমূলক কাৰ্যসূচীত হিংসাপ্ৰভাৱিত আদিবাসী লোকসকলৰ পুনৰ্সংস্থাপনৰ বিষয়ে অগ্ৰাধিকাৰ পাব,” তিৰ্কীয়ে অসম বাৰ্তাৰ সৈতে বাৰ্তালাপ কৰি কয়৷