অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত ৰাজ্যখনত ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান অতি উলহ-মালহেৰে উদযাপন কৰা হয়৷ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই এবছৰীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷
অনুষ্ঠানটোত এছিয়ান গেমছৰ পদক প্ৰাপক জয়দীপ দাস, উত্তৰ-পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক মহিলা মনালিছা বৰুৱা মেহতা, অলিম্পিয়ান অনুৰাধা বিছৱাল আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় টেবল টেনিছ চেম্পিয়ন কমলেশ মেহতাৰ উপস্থিতত ৰাজ্যৰ ১০০গৰাকীৰো অধিক কৰ্মৰত তথা প্ৰাক্তন ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়৷
অধ্যক্ষগৰাকীৰ লগতে অনুষ্ঠানত উপস্থিত আন সদস্যসকলেও প্ৰতিভাৱান খেলুৱৈসকলক ৰাইজৰ মাজত পৰিচয় কৰোৱাৰ ক্ষেত্ৰত ক্ৰীড়া সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে৷ কমলেশ মেহতাই সংবাদ মাধ্যমত তেওঁৰ বিষয়ে প্ৰকাশিত প্ৰথমটো বাতৰিয়ে কিদৰে তেওঁক আগন্তুক সময়ত ভালদৰে প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল সেই স্মৃতিসমূহ ৰোমন্থন কৰে৷
দৈমাৰীয়ে তেওঁৰ ভাষণত পৰম্পৰাগত খেলসমূহৰ গুৰুত্ব তথা ইয়াৰ সম্প্ৰসাৰণৰ বাবে থকা সংবাদ মাধ্যমৰ দায়িত্বৰ কথা উল্লেখ কৰে৷ অসমৰ প্ৰথমখন ক্ৰীড়া প্ৰতিৱেদন ১৯২৩ চনৰ ১ জুলাইত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত অসমীয়া নামৰ এখন দৈনিক কাকতত প্ৰকাশ পাইছিল৷