ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা কেবিনেটৰ ১০০সংখ্যক বৈঠকখন স্মৰণীয় কৰি অসম চৰকাৰে ২৪টা মহকুমা বাতিল কৰি ৮১খন উপ-জিলা গঠন কৰাৰ লগতে কেইমাহমানৰ আগতে বাতিল কৰা ৰাজ্যখনৰ চাৰিখন জিলা পুনৰ্গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন উপ-জিলাসমূহ ২০২৪ চনৰ ১ জানুৱাৰীৰপৰা কাৰ্যক্ষম হৈ উঠিব আৰু প্ৰয়োজনীয় নিৰ্দেশনা কেইদিনমানৰ ভিতৰতে জাৰি কৰা হ’ব৷
“আজি আমি ৰাজ্যখনৰ ২৪টা মহকুমা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ৮১খন উপ-জিলা গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ৷ মহকুমাসমূহত পূৰ্বতে মহকুমাধিপতি আছিল৷ এতিয়া উপ-জিলাসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ থাকিব প্ৰায় জিলা আয়ুক্তৰ সমান ক্ষমতাৰ সৈতে এগৰাকী অতিৰিক্ত জিলা আয়ুক্ত,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উপ-জিলাসমূহত সকলো প্ৰাসংগিক চৰকাৰী বিভাগ থাকিব৷ তেওঁ লগতে উল্লেখ কৰে যে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সমষ্টিসমূহক এই উপ-জিলা প্ৰক্ৰিয়াৰ বাহিৰত ৰখা হৈছে আৰু যথা সময়ত অংশীদাৰসকলৰ সৈতে এই বিষয়ে আলোচনা কৰা হ’ব৷
আনফালে, নিৰ্বাচন আয়োগে ৰাজ্যখনৰ ১২৬টা বিধানসভা আৰু ১৪টা লোকসভা সমষ্টিৰ বাবে চূড়ান্ত সীমা নিৰ্ধাৰণৰ নিৰ্দেশ জাৰি কৰাৰ দুসপ্তাহ পাছত ৰাজ্যখনত জিলাসমূহৰ নতুনকৈ পুনৰ্গঠন কৰা হৈছে৷ এই নিৰ্দেশনাত সমষ্টিসমূহৰ সীমাৰ পৰিৱৰ্তন হৈছে৷
নিৰ্বাচন আয়োগে সীমা পুনৰ্নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলাৰ স্বীকৃতি বাতিল কৰি পূৰ্বৰ জিলাসমূহৰ অন্তৰ্ভুক্ত কৰিছিল৷
“যিহেতু সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ ইতিমধ্যে সমাপন হৈছে, সেয়ে এই চাৰিখন জিলা পুনৰ কাৰ্যক্ষম হৈ উঠিব৷ অৱশ্যে,সমষ্টি নিৰ্ধাৰণৰ ভিত্তিত জিলাকেইখনৰ সীমাৰ পৰিৱৰ্তন হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিন্নাকান্দি, লামডিং আৰু হোজাই বিধানসভা সমষ্টি হোজাই জিলাৰ অন্তৰ্ভুক্ত হ’ব, বিশ্বনাথ জিলাত থাকিব গহপুৰ, বিহালী আৰু বিশ্বনাথ সমষ্টি, তামুলপুৰ জিলাত থাকিব তামুলপুৰ আৰু গোৰেশ্বৰ সমষ্টি আৰু বজালী জিলাত থাকিব বজালী আৰু
ভৱানীপুৰ-সৰভোগ সমষ্টি৷
কেবিনেটে অসম অৰ্ধপৰিবাহী আৰু ইলেকট্ৰনিক উৎপাদনৰ এক নীতিত অনুমোদন প্ৰদান কৰে৷ এই নীতিৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
“উত্তৰ প্ৰদেশ, গুজৰাট আৰু ওড়িশাৰ দৰে উন্নত ৰাজ্যসমূহে ইতিমধ্যে অৰ্ধপৰিবাহী খণ্ডত এক নীতি ঘোষণা কৰিছে৷ আমাৰ এই নীতিয়ে উৎপাদনৰ ৰক্ষণাবেক্ষণ, মূলধনী ৰাজসাহায্য আৰু কাৰিকৰী জ্ঞানৰ সংযোগ ঘটাব যাতে ৰাজ্যখনে উক্ত ৰাজ্যসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে,” তেখেতে কয়৷
তেওঁ লগতে কয়, “ব্ৰহ্মপুত্ৰৰ পৰিষ্কাৰ তথা বিশুদ্ধ পানীৰ বাবে বহু উদ্যোগপতিয়ে আগ্ৰহ প্ৰকাশ কৰিছে আৰু অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সক্ষম হ’বলৈ আমি এই নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছোঁ৷’’
কেবিনেটত লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে প্ৰাথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষক যোগ্যতা পৰীক্ষাত (টেট)ত প্ৰাপ্ত নম্বৰৰ গুৰুত্ব হ’ব ৮৫% আৰু বাকী ১৫% গুৰুত্ব প্ৰদান কৰা হ’ব শিক্ষাগত অৰ্হতা আৰু বি.এড নম্বৰৰ ক্ষেত্ৰত৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সবাতোতকৈ পৰিচ্ছন্ন জিলাখনক প্ৰদান কৰিবলগীয়া বাৰ্ষিক ‘স্বচ্ছ জিলা পুৰস্কাৰ’ বা সৰ্বেশ্ৰেষ্ঠ জিলা পদক্ষেপ (এম অ’ ডি আই)ৰ বিষয়েও ঘোষণা কৰে৷
সবাতোকৈ পৰিষ্কাৰ জিলাখনে ১০০কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব৷ আৱৰ্জনা নিষ্কাশন, বৰ্জিত পদাৰ্থ প্ৰতিকাৰ আৰু বিশুদ্ধ খোৱা পানীৰ উপলভ্যতা আদি বহুকেইটা চৰ্তৰ আধাৰত জিলাসমূহৰ বিচাৰ কৰা হ’ব৷
“আমি অতি সোনকালে ইয়াৰ বিষদ বিৱৰণ আৰু চৰ্তসমূহৰ বিষয়ে অৱগত কৰিম৷ এই জিলাসমূহক মুঠ ১০৮টা মাপকাঠীৰ আধাৰত পুৰস্কাৰৰ বাবে বিবেচনা কৰিম,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ৰাষ্ট্ৰীয় বিধৱা পেন্সন আঁচনিৰ অধীনত থকা নিৰ্ধাৰিত আৰ্থিক অনুদানৰ সৈতে অতিৰিক্ত ৯৫০ টকাকৈ সংযোগ কৰি এই পৰিমাণ প্ৰতিমাহে ১, ২৫০ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই পদক্ষেপে এই পৰিমাণক অৰুণোদয়ৰ সৈতে সমপৰিমাণৰ কৰি তুলিব আৰু ইয়াৰ বাবে ৰাজ্যখনে বছৰি ৯৫০ কোটি টকাৰ ব্যয় বহন কৰিব৷
নিজৰ কেবিনেটৰ প্ৰদৰ্শন সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২১ চনৰ মে’ৰপৰা এই কেবিনেটৰ পূৰ্বে অনুষ্ঠিত ৯৯খন কেবিনেট বৈঠকত মুঠ ১, ২৩৮টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১, ২১৭টা (প্ৰায় ৯৮%) সম্পূৰ্ণ বা আংশিকভাৱে ৰূপায়িত হৈছে৷
ইতিহাসৰ উদ্ধৃতি দি তেওঁ কয় যে ২০০২ চনৰপৰা ২০২১ চনৰ ভিতৰত তদানীন্তন চৰকাৰসমূহে ২০ বছৰত ২৬৪খন কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বিপৰীতে এইখন চৰকাৰে মাত্ৰ দুবছৰত ১০০খন এনে বৈঠক অনুষ্ঠিত কৰি এক মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷