ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৪সংখ্যক পুণ্যতিথি ‘লোক কল্যাণ দিৱস’ত তেখেতৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
গোপীনাথ বৰদলৈৰ দৰ্শন আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্যৰ লোক সেৱকসকলে চৰকাৰৰ সুশাসনৰ পদক্ষেপক ন ৰূপত আগুৱাই লৈ যোৱা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।
প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ স্বীকৃতিস্বৰূপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫ আগষ্ট ২০২৪ত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৪৭গৰাকী চৰকাৰী কৰ্মচাৰীক ২০২৪ বৰ্ষৰ লোক সেৱা বঁটা আৰু ৰাজপত্ৰিত বিষয়াৰ ৬টা দলক কৰ্মশ্ৰী বঁটা প্ৰদান কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়া-কৰ্মচাৰীসকলক ৰাজ্যবাসীৰ প্ৰতি আগবঢ়োৱা তেওঁলোকৰ সেৱাৰ স্বীকৃতিস্বৰূপে এই বঁটাসমূহ প্ৰদান কৰা হৈছে। তেওঁলোকে কৰ্মক্ষেত্ৰত দেখুওৱা দায়বদ্ধতা তথা পাৰদৰ্শিতা, জনসাধাৰণৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অপৰিসীম ভূমিকাক প্ৰেৰণা যোগাবলৈ এই বঁটাৰ আৰম্ভ কৰা হৈছিল বুলিও তেখেতে সদৰী কৰে।
অনুষ্ঠানৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত ভাগ লোৱাৰ উপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে ‘গ্ৰুপিং’ পৰিকল্পনাৰ পৰা অসমক সুৰক্ষিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
“গোপীনাথ বৰদলৈ ডাঙৰীয়াই খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি জনজাতীয় বেল্ট আৰু ব্লকৰ সৃষ্টি কৰিছিল। বৰদলৈদেৱৰ এই প্ৰচেষ্টাই আধুনিক অসমৰ ৰূপৰেখা প্ৰস্তুতকৰণত গ্ৰহণ কৰিছিল এক গুৰুত্বপূৰ্ণ ভূমিকা,” ড° হিমন্ত বিশ্ব শৰ্মাই কয়।
তেখেতে এই অনুষ্ঠানৰ ভাষণত ‘মিছন বসুন্ধৰা’ৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভূমি সংস্কাৰৰ দিশটোত পৰিৱৰ্তন আনিবলৈ কোনো বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অনা-জৰীপ গাঁৱৰ সমস্যা সমাধান হোৱা পৰিলক্ষিত নহ’ল। তদুপৰি ভূমি পট্টা প্ৰদানৰো কোনো নিৰ্দিষ্ট ব্যৱস্থা আৰম্ভ হোৱা নাছিল। মিছন বসুন্ধৰা ১.০ আৰু ২.০ৰ সহায়ত ৰাজ্যৰ ৩০% ভূমি সম্পৰ্কীয় সমস্যা সমাধান কৰা হৈছে। তদুপৰি মিছন বসুন্ধৰা ৩.০ৰ সহায়ত বাকী থকা ভূমি সম্পৰ্কীয় সমস্যাসমূহো সমাধান কৰা হ’ব।”
মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে চৰকাৰী কর্মচাৰীসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ বাট মুকলি কৰিবলৈ ৰাজ্য চৰকাৰে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে৷ এইক্ষেত্ৰত আপোন ঘৰ আঁচনি, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ, চিকিৎসা ব্যয় পৰিশোধ আদিয়ে তেওঁলোকক কৰ্মসংস্কৃতিৰ বাণীৰে উদ্বুদ্ধ হ’বলৈ আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। মুখ্যমন্ত্রীয়ে কয় যে গৃহ, বিত্ত আৰু মুখ্যমন্ত্রীৰ কার্যালয়ৰ বাহিৰে অসম সচিবালয়ত উপ-সচিব পর্যন্ত কোনো অসম অসামৰিক সেৱাৰ বিষয়াৰ দায়িত্ব নাথাকিব। এই পদক্ষেপে পৰৱৰ্তী সময়ত সচিবালয়ৰ সেৱাত তৃতীয় বৰ্গৰ কর্মচাৰীসকলক পদোন্নতিৰ সুযোগ প্রদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।