মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৫ অক্টোবৰত লিচুবাগানত এটা পানী যোগান প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ দৈনিক ৪.৫ লাখ লিটাৰ বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰে জাইকা সাহায্যপ্ৰাপ্ত দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পৰ অধীনত মুকলি কৰা এই লিচুবাগান জলভাণ্ডাৰে অঞ্চলটোৰ বহু পৰিয়ালক উপকৃত কৰিব৷
এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই জলভাণ্ডাৰৰ সৈতে ১৩০ কিল’মিটাৰ দৈৰ্ঘ্যৰ বৃহৎ পানী যোগানৰ সংযোগ স্থাপন কৰা হৈছে৷ ইয়াৰ জৰিয়তে প্ৰায় ২০,০০০ পৰিয়াল লাভান্বিত হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে৷ লিচুবাগান মণ্ডলৰ অধীনত তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’বলগীয়া এই পানী যোগান প্ৰকল্পই প্ৰথম পৰ্যায়ত জ্জটা জিলা মিটাৰিং এলেকা (ডিএমএ) সামৰি লৈছে৷ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰকল্পটোৱে ৬,৫০০টা পৰিয়ালক পানী যোগান ধৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পৰীক্ষামূলক পানী যোগান ব্যৱস্থাৰ সফল প্ৰয়োগৰ পাছত ২০২২ চনৰ ২১ ডিচেম্বৰত আংশিকভাৱে গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাৰ্যকৰীকৰণ কৰা হয়৷ খাৰঘুলিত ইনটেক প্লাণ্ট আৰু ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ জৰিয়তে প্ৰকল্পটোৰ অধীনত ১৪টা জিলা মিটাৰিং এলেকাত স্থানীয় বাসিন্দাসকলক পানী যোগান ধৰিবলৈ সক্ষম হৈছে বুলি তেখেতে সদৰী কৰে৷
তেখেতে ব্যক্ত কৰে যে লিচুবাগান আৰু ৰামছা হিল জলভাণ্ডাৰৰ পৰ্যায়ক্ৰমে কাৰ্যকৰীকৰণৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে৷ এই প্ৰকল্পই অতিৰিক্ত ১৩টা জিলা মিটাৰিং এলেকা সামৰি ১০,৯০৩টা পৰিয়ালক লাভান্বিত কৰিব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে৷
ইয়াৰ লগতে তেখেতে কয় যে লিচুবাগান আৰু ৰামছা হিল জলভাণ্ডাৰৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’লে ১৬টা জিলা মিটাৰিং এলেকা সামৰি ১৪,৯২৮টা পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব৷ ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ গুৱাহাটী প্ৰকল্পও কাৰ্যকৰীকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে আৰু ইয়াৰ অধীনত ১৫টা জিলা মিটাৰিং এলেকা সামৰি লোৱা হ’ব বুলি তেখেতে কয়৷
তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চতুৰ্থ পৰ্যায়ৰ অংশ হিচাপে ২০২৪ বৰ্ষৰ মাৰ্চ মাহত নৰকাসুৰ আৰু গীতানগৰ এলেকাৰ বাবে এই প্ৰকল্প কাৰ্যকৰীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ চতুৰ্থ পৰ্যায়ত ৩৫টা জিলা মিটাৰিং এলেকা সামৰি ২৩,৪৪২টা পৰিয়াল উপকৃত হ’ব বুলি তেখেতে কয়৷
আনহাতে, পঞ্চম পৰ্যায়ত সোণাইঘুলি জলভাণ্ডাৰ কাৰ্যকৰী কৰা হ’ব আৰু এই পৰ্যায়ৰ অধীনত ২৩টা জিলা মিটাৰিং এলেকা সামৰি ২৮,৮৪৫টা পৰিয়াল অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম সমাপ্ত হোৱাৰ পাছত ৫৫,০০০টা পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব৷ তেখেতে কয় যে লাৰ্ছেন এণ্ড ট’ব্ৰ’ লিমিটেডক এই প্ৰকল্পৰ সম্পাদনৰ দায়িত্বভাৰ দিয়া হৈছে আৰু এই কাম ২০২৫ বৰ্ষৰ আৰম্ভণিতে সমাপ্ত হ’ব বুলি আশা কৰা হৈছে৷