তেজপুৰৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা চুমিতে সৰুৰেপৰাই বহু প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰি আহিছে৷ জীৱন গঢ়াৰ বহু স্বপ্ন আৰু আশা বুকুত বান্ধি শিক্ষাৰ ক্ষেত্ৰখনত ন উদ্যমেৰে আগুৱাই যোৱাৰ পণ চুমিতৰ৷ ২০২০ বৰ্ষত দৰং মহাবিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চুমিতে আৰ্থিক দৈন্যতাৰ বাবে পৰিয়াল আৰু নিজৰ খৰচ বহন কৰিবলৈ পৰৱৰ্তী সময়ত তেজপুৰৰ এখন বিদ্যালয়ত কৰ্মজীৱন আৰম্ভ কৰে৷
প্ৰায় তিনি বছৰৰ ব্যৱধানৰ অন্তত চুমিতে স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ কেইবাখনো মহাবিদ্যালয়ত আৱেদন কৰিছে৷ কিন্তু দিশপুৰ মহাবিদ্যালয়ে চলিত শিক্ষাবৰ্ষৰপৰা ৰূপান্তৰকামী শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা আসন সংৰক্ষণৰ পদক্ষেপৰ বিষয়ে অৱগত হৈ চুমিতেও মহাবিদ্যালয়খনৰ শিক্ষা বিভাগত অধ্যয়ন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷
“সৰুৰেপৰা বহু সংগ্ৰামৰ মাজেৰে ডাঙৰ হৈছোঁ৷ বিশেষকৈ আৰ্থিক কাৰকে আমাৰ পৰিয়ালত বহু প্ৰভাৱ পেলাইছিল৷ তদুপৰি মোৰ অভিব্যক্তিকলৈও গাঁৱত কেতিয়াবা তাচ্ছিল্যৰ সন্মুখীন হৈছিলোঁ৷ তথাপি মই হাৰ মনা নাছিলোঁ৷ চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰাৰ মন আছিল বাবে মাজতে কোচিং কৰিছিলোঁ যদিও ধনৰ সামৰ্থ্যৰ অভাৱত পাঠ্যক্ৰম আধাতে সামৰিবলগীয়া হৈছিল৷ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আমাৰ অঞ্চলৰে এখন বিদ্যালয়ত চাকৰি কৰাৰ সুযোগ পালোঁ৷ এতিয়া মই দিশপুৰ মহাবিদ্যালয়ত শিক্ষা জীৱনৰ পুনৰ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ,” চুমিতে কয়৷
উল্লেখযোগ্য যে, দিশপুৰ মহাবিদ্যালয়ে ৰূপান্তৰকামী ব্যক্তিসকলৰ বাবে স্নাতক পাঠ্যক্ৰমত কলা আৰু বাণিজ্য শাখাত ৫খনকৈ আসন (মুঠ ১০খন) সংযোজন কৰিছে৷ ইয়াৰ অধীনত দুখন আসন আৰ্থিকভাৱে পিছপৰা ৰূপান্তৰকামী শিক্ষাৰ্থীৰ বাবেও সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ যাৰ জৰিয়তে চুমিতৰ দৰে যোগ্য শিক্ষাৰ্থীয়ে আসন দুখনৰ অধীনত মহাবিদ্যালয়খনত বিনামূলীয়াকৈ নামভৰ্তিকৰণৰ সুযোগ পোৱাৰ লগতে অন্যান্য সা-সুবিধাও লাভ কৰিব৷

ৰূপান্তৰকামী ব্যক্তিসকলৰ সম-মৰ্যাদা আৰু অধিকাৰ সুনিশ্চিত কৰি দিশপুৰ মহাবিদ্যালয়ে গ্ৰহণ কৰা এই কুশলদায়ক পদক্ষেপৰ বিষয়ে চুমিতে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়, “ৰূপান্তৰকামী সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলে এই পদক্ষেপৰ জৰিয়তে যথেষ্ট উপকৃত হ’ব৷ মই নিজেও বিনামূলীয়া আসনৰ অধীনত নামভৰ্তিকৰণৰ বাবে আৱেদন কৰিছোঁ৷ ইতিমধ্যে এই সন্দৰ্ভত অধ্যক্ষ মহোদয় আৰু উপাধ্যক্ষ মহোদয়াৰ সৈতেও কথা পাতিছোঁ৷ তেওঁলোকৰ ইতিবাচক সঁহাৰিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে৷”
আসন সংৰক্ষণৰ বিষয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰাই কয়, “সকলো লিংগৰ প্ৰতি সমভাব ৰাখি মহাবিদ্যালয়খনত লিংগ বৈষম্যহীন পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ আসন সংৰক্ষণৰ সমান্তৰালকৈ মহাবিদ্যালয়খনত ইতিমধ্যে এটি সুকীয়া প্ৰস্ৰাৱাগাৰো নিৰ্মাণ কৰা হৈছে৷”
তেওঁ লগতে কয়, “লিংগ সমতাৰ ক্ষেত্ৰত এটা সুস্থ শৈক্ষিক, সামাজিক পৰিৱেশ গঢ় দিয়াৰ বাবে ‘জেণ্ডাৰ চেম্পিয়ন’ৰ ধাৰণা সৃষ্টি কৰা হৈছে৷ নতুনকৈ অহা শিকাৰুসকলে যাতে কোনোধৰণৰ হতাশাৰ সন্মুখীন নহয় বা হীনমন্যতাত নোভোগে, তাৰ বাবে মহাবিদ্যালয়ৰ কেইগৰাকীমান ইচ্ছুক শিক্ষাৰ্থীক প্ৰশিক্ষণ দি জেণ্ডাৰ চেম্পিয়ন হিচাপে নিযুক্তি দিয়া হৈছে৷ প্ৰতিটো শ্ৰেণীকোঠাত থকা দুগৰাকী জেণ্ডাৰ চেম্পিয়নে শিকাৰুসকলৰ কাৰ্যকলাপসমূহ নিৰীক্ষণ কৰাৰ লগতে সচেতন ভূমিকা পালন কৰিব৷ শিক্ষাৰ্থীসকলে যাতে মুক্ত মনেৰে মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আমি সদায়েই সজাগ আৰু এইক্ষেত্ৰত আমি মাজে-সময়ে সমল ব্যক্তিক আমন্ত্ৰণ কৰি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছোঁ৷”
উল্লেখযোগ্য যে দিশপুৰ মহাবিদ্যালয়ৰ দৰে বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়তো লিংগ বৈষম্যহীন এটি সুকীয়া স্নানাগাৰ নিৰ্মাণ কৰা হৈছে৷ এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ তপন দত্তই কয়, “লিংগ সংবেদনশীলতাৰ বিষয়ত আমাৰ মহাবিদ্যালয়ত এটা সজাগতা কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছিল৷ এই কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰি অনা ঋতুপৰ্ণা নেওগৰ উপস্থিতিত লিংগ সংবেদনশীলতাৰ সন্দৰ্ভত বিভিন্ন বিষয় আলোচনা কৰা হৈছিল৷ এই দিশত কেইবাগৰাকী শিক্ষাৰ্থীয়ে ভুগি থকা সমস্যাৰ বিষয়ে জানিব পাৰি তথা আলোচনা মৰ্মে আমি লিংগ বৈষম্যহীন এটি সুকীয়া স্নানাগাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছিলোঁ৷ সেই উদ্দেশ্যেক বাস্তৱ ৰূপ দি আমি প্ৰায় ৬ মাহ আগতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিলোঁ৷ প্ৰয়োজন অনুসৰি আমিও ভৱিষ্যতে ৰূপান্তৰকামী ব্যক্তিসকলৰ বাবে আছুতীয়াকৈ আসন সংৰক্ষণৰ চিন্তা-চৰ্চা কৰিম৷”
দিশপুৰ মহাবিদ্যালয়ৰ পদক্ষেপক আকাম ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক ঋতুপৰ্ণা নেওগে প্ৰশংসা কৰি কয়, “মহাবিদ্যালয়খনে সময়ে সময়ে লিংগ সমতাৰ লগতে এই বিষয়ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজ উপকৃত হৈছে বুলি আমি জানিব পাৰিছোঁ৷ এইক্ষেত্ৰত ময়ো জড়িত হোৱাৰ সৌভাগ্য অৰ্জন কৰিছোঁ৷ লিংগ বৈষম্যহীন পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত আমিও ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ৷ দিশপুৰ মহাবিদ্যালয়ৰ দৰে ৰাজ্যৰ আন শিক্ষানুষ্ঠানসমূহেও এনেধৰণৰ কাৰ্যপন্থা ল’লে এক সুস্থিৰ বাতাৱৰণ সৃষ্টি হোৱাৰ লগতে সকলোৱে কোনোধৰণৰ দ্বিধাবোধ নকৰাকৈ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব৷”

মহাবিদ্যালয়খনত অধ্যয়নৰত এগৰাকী শিক্ষাৰ্থীয়ে এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি কয়, “এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বাবে দিশপুৰ মহাবিদ্যালয়ে সদায়েই সচেতন ভূমিকা পালন কৰি আহিছে৷ ৰূপান্তৰকামী শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ দৰে আদৰণীয় পদক্ষেপৰ লগতে লিংগ নিৰপেক্ষ প্ৰস্ৰাৱাগাৰ নিৰ্মাণে আন শিক্ষানুষ্ঠানৰ বাবে এক নজিৰ সৃষ্টি কৰিব৷”