আহোম সেনাপতি লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বৰ গাথা প্ৰচাৰ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। লাচিত বৰফুকনৰ জীৱন গাথা তথা বীৰত্বৰ কাহিনী সামৰি ৫২টা খণ্ডৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰচাৰ ভাৰতীৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হয়।
এই কাৰ্যসূচীৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মীনাক্ষী দাস আৰু দূৰদৰ্শনৰ সঞ্চালকপ্ৰধান অমিত কুমাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
লাচিত বৰফুকনৰ জীৱনগাথাৰ বিষয়ে ৫২টা খণ্ডৰ এই তথ্যচিত্ৰ নিৰ্মাণত সহযোগ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ ভাৰতীক ধন্যবাদ জনায় আৰু এই পদক্ষেপে মহান আহোম সেনাপতিগৰাকীৰ গৌৰৱময় কাহিনীক বিস্তৃত পৰিসৰত প্ৰচাৰ কৰিব বুলি তেখেতে উল্লেখ কৰে।
এই তথ্যচিত্ৰই অসমৰ ইতিহাসপ্ৰসিদ্ধ আৰু সাংস্কৃতিক ঐতিহ্যসমূহৰ বিষয়ে জানিবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি তেখেতে উল্লেখ কৰে, “মাতৃভূমিৰ প্ৰতি থকা লাচিত বৰফুকনৰ অতুলনীয় দায়বদ্ধতা আৰু কৰ্মৰাজি এই তথ্যচিত্ৰত প্ৰতিফলিত হ’ব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই তথ্যচিত্ৰখনে লাচিতৰ বীৰত্ব আৰু তেখেতৰ কৰ্তব্যবোধক প্ৰদৰ্শন কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব।
এই তথ্যচিত্ৰৰ চিত্ৰনাট্য প্ৰস্তুত কৰাৰ সময়ত অসমৰ সংস্কৃতি, ইতিহাস আৰু ঐতিহ্য আদিৰ সৈতে জড়িত কেতবোৰ দিশত প্ৰচাৰ ভাৰতীক মনোযোগ দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। লাচিত বৰফুকন, আহোম বুৰঞ্জী আৰু জনসাধাৰণৰ আৱেগক সন্মান জনাই তথ্যচিত্ৰখনত সাজ-পোছাক, সংগীত, নেপথ্য সংগীত আদিৰ ব্যৱহাৰ কৰাৰ দিশত কোনোধৰণৰ যাতে ত্ৰুটি নহয়, সেই দিশটো মন কৰিবলৈ তেখেতে উল্লেখ কৰে। এইক্ষেত্ৰত এখন উচ্চমানৰ তথ্যচিত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগেও প্ৰচাৰ ভাৰতীক সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
লাচিত বৰফুকনৰ জীৱন আধাৰিত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ বাবে থকা তেখেতৰ আগ্ৰহৰ বিষয়েও ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত সদৰী কৰে।