অহা ২৪ নৱেম্বৰত সজাই তোলা হ’ব নতুন দিল্লীৰ বিজ্ঞান ভৱন। ইয়াতেই উদযাপিত হ’ব ১৭ শতিকাৰ মহান আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মবাৰ্ষিকী। এই দিনটো অসমত ‘লাচিত দিৱস’ ৰূপে পালিত হৈ আহিছে।
অসম চৰকাৰে লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মবাৰ্ষিকী উদযাপনৰ বাবে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এক বিশাল আয়োজনৰ পৰিকল্পনা কৰিছে।
বিজ্ঞান ভৱনত ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই দুদিনীয়া অনুষ্ঠানটোত লাচিতৰ বীৰত্বৰ গাথাক ৰাষ্ট্ৰীয় মঞ্চত চিৰযুগমীয়া কৰি তোলাৰ প্ৰয়াস কৰা হ’ব। ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ ৰণত সেই সময়ত অপ্ৰতিৰোধ্য হিচাপে গণ্য কৰা মোগলক পৰাস্ত কৰা পূব ভাৰতৰ এই মহান বীৰযোদ্ধাগৰাকী সম্পৰ্কে দেশৰ অন্যান্য প্ৰান্তৰ লোকসকল সম্পূৰ্ণৰূপে জ্ঞাত নহয়।
ৰাজ্য চৰকাৰে আহোম সেনাপতিগৰাকীৰ বিষয়ে ৰাষ্ট্ৰীয় মঞ্চত সঠিকভাৱে আলোকপাত কৰিব পৰাকৈ লাচিত বৰফুকন সম্পৰ্কীয় এলানি বিশেষ কাৰ্যসূচীৰ সৈতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ পৰিকল্পনা হাতত লৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই দুদিনীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
“মুখ্যমন্ত্ৰী ডাঙৰীয়াই বীৰ লাচিত বৰফুকনৰ জীৱনৰ চানেকিক ৰাষ্ট্ৰীয় মঞ্চত গৰিমামণ্ডিত কৰি ভাৰতৰ বুৰঞ্জীত এই মহান বীৰযোদ্ধাগৰাকীক যোগ্য আসন প্ৰদান কৰাৰ প্ৰয়াস কৰিছে,” তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই কয়। তেখেতে লগতে উল্লেখ কৰে যে চৰকাৰৰ লক্ষ্য হৈছে আহোম সেনাপতিগৰাকীৰ বীৰত্বক বিশ্বৰ সন্মুখতে মহিমামণ্ডিত কৰি তোলা।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহোম সেনাপতিগৰাকীৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অনাৰ ক্ষেত্ৰত সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে এখন পত্ৰৰ জৰিয়তে দেশৰ আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ পাঠ্যপুথিত লাচিত বৰফুকনৰ বিষয়ে এটা অধ্যায় অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে।
অসম চৰকাৰে দিল্লী এনচিআৰত এই অনুষ্ঠানটোৰ বিষয়ে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে। লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মক প্ৰদৰ্শন কৰি আলোকসজ্জা (পাইৰ’টেকনিক্স)ৰ ব্যৱস্থা কৰাৰ লগতে দুখন ছেমিনাৰৰো আয়োজন কৰা হৈছে। অনুষ্ঠানত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ উন্মোচন আৰু এখন তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে অসমৰ সমৃদ্ধ সংস্কৃতিৰ বৈচিত্ৰ্যও প্ৰদৰ্শন কৰা হ’ব। ২০০খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ শিক্ষাৰ্থীৰ লগতে অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হ’ব অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক।
আহোম সেনাপতিগৰাকীক অসম আৰু দেশৰ অন্য প্ৰান্তৰ লোকসকলৰ লগতে বিদেশত বসবাস কৰি থকা লোকসকলে একেখন মঞ্চৰ পৰা শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব পৰাকৈ এই ম’বাইল এপ্লিকেশ্যন/প’ৰ্টেল (http://lachitbarphukan.assam.gov.in) মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। প্ৰথমতে জিলাভিত্তিত আৰু তাৰ পাছত ৰাজ্যিক পৰ্যায়ত শ্ৰেষ্ঠ নিৰ্বাচিত ৰচনাসমূহক পুৰস্কৃত কৰা হ’ব। অংশগ্ৰহণকাৰীসকলৰ বাবে যিকোনো কাগজ বা নিৰ্ধাৰিত ফৰ্মেটৰ পুস্তিকাত লিখাৰ বিকল্প থাকিব যিটো এপ্লিকেশ্যন/প’ৰ্টেলৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট-আউট উলিয়াই আৰু লেখাটি সম্পূৰ্ণ হোৱাৰ পাছত স্কেন কৰি এপ্লিকেশ্যন/প’ৰ্টেলত আপল’ড কৰিব পাৰিব। অসম আৰক্ষীয়ে এটা মাৰ্চ পাষ্ট অনুষ্ঠিত কৰিব য’ত ৰাষ্ট্ৰীয় কেডেট বাহিনীয়ে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “এই পদক্ষেপৰ উদ্দেশ্য হৈছে বীৰ লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মবাৰ্ষিকী উদযাপনক দেশৰ জনসাধাৰণৰ অংশগ্ৰহণেৰে এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰা। আহোম সেনাপতিগৰাকীৰ লগতে তেওঁৰ দেশপ্ৰেমৰ আদৰ্শৰ প্ৰতি এয়া হ’ব যোগ্য সন্মান।”
উল্লেখ্য যে যোৱা ২৩ ফেব্ৰুৱাৰীত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত সপ্তদশ শতিকাৰ আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম দিৱস উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। লগতে, কোৱিন্দে যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তিৰ আধাৰশিলা স্থাপন আৰু যোৰহাটত লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ সৌন্দৰ্যবৰ্ধন আৰু মেৰামতিৰ কামো আৰম্ভ কৰিছিল।