শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি লাচিত বৰফুকনৰ বীৰত্বৰ কথা আজি সমগ্ৰ দেশতে চৰ্চিত হৈছে৷ যোৰহাটত লাচিতৰ মৈদামথলীত তেখেতৰ ১২৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ যোৱা ৯ মাৰ্চৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক পৰম্পৰাগত তাই-আহোম বিধিতো অংশ লয়৷
টীয়কৰ হোলোঙাপাৰৰ লাচিত মৈদাম উন্নয়ন প্ৰকল্পত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে৷ ১৬.৫ একৰ ভূমিত অৱস্থিত এই প্ৰকল্পটোক অসমৰ ইতিহাসৰ জিলিঙনিৰ প্ৰদৰ্শনেৰে পৰ্যটন স্থল হিচাপে গঢ়ি তোলা হৈছে৷ আহোম সেনাপতিগৰাকীৰ এই ‘বীৰত্বৰ প্ৰতিমূৰ্তি’টো লাচিত মৈদাম উন্নয়ন প্ৰকল্পৰ এক অংশ আৰু অসমৰ পৰ্যটনৰ দিশত ই অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে৷
এই প্ৰতিমূৰ্তিটোৰ মূল উচ্চতা ৮৪ ফুট আৰু মূৰ্তিটো থিয় হৈ থকা ভেটিস্তম্ভটোৰ উচ্চতা ৪১ ফুট৷ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতেৰ ভাষণত লাচিত বৰফুকনক বীৰত্ব আৰু সংকল্প সিদ্ধিৰ প্ৰতীক হিচাপে অভিহিত কৰে৷ ২০২৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা লাচিতৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন সম্পৰ্কেও তেওঁৰ ভাষণত উল্লেখ কৰে৷
এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে নৱতিতম বৰ্ষ গৰকা বিশিষ্ট ভাস্কৰ পদ্মভূষণ সন্মানপ্ৰাপক ৰাম ভঞ্জি সুতৰে৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা ৱৰ্কশ্বপত খোদিত হৈছিল অসমৰ এই গৌৰৱ গাথা৷ লাচিতৰ এই প্ৰতিমূৰ্তিটো ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত ভাগ ভাগকৈ পৰিবহণ কৰা হৈছিল আৰু হোলোঙাপাৰত পুনৰ একত্ৰিত কৰা হৈছিল৷ উল্লেখ কৰিব পাৰি যে গুজৰাটৰ ‘একতাৰ প্ৰতিমূৰ্তি’টো নিৰ্মাণ কৰিছিল ৰাম ভঞ্জি সুতৰে৷
আহোম ৰাজত্বৰ ৬০০ বছৰীয়া ইতিহাস প্ৰতিফলন কৰিব পৰা এটা বীথিকা বা গেলেৰীও এই স্থানত স্থাপন কৰা হৈছে৷ ৰাজ্যখনৰ সমসাময়িক ইতিহাসৰ অৱলোকন কৰিব পৰা আন এটা বীথিকা ইয়াত নিৰ্মাণ কৰা হৈছে৷
এই প্ৰকল্পটো সম্পূৰ্ণ কৰোঁতে মুঠ ব্যয় হৈছিল প্ৰায় ২১৪ কোটি টকা৷