কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰি যে লাচিত বৰফুকন কেৱল অসমৰে সন্তান নহয় সমগ্ৰ দেশৰ বীৰ সন্তান। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আছামছ্ ব্ৰেভহাৰ্ট – লাচিত বৰফুকন নামৰ এখনি গ্ৰন্থ উন্মোচন কৰি তেওঁ ভাষণত কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ এইগৰাকী ব্যক্তিয়ে স্বাভিমান, স্বৰাজ আৰু স্ব-ভাষাৰ যুঁজত গোড়া আৰু ক্ষমতা-লোভী আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছিল। লাচিত বৰফুকন কেৱল অসমৰেই নহয় সমগ্ৰ ভাৰতৰ এজন বীৰ সন্তান আছিল।” অনুষ্ঠানত ধেমেলীয়া সুৰত অমিত শ্বাহে কয় যে গ্ৰন্থখনৰ নামটোৰ সৈতে তেওঁ সহমত প্ৰকাশ কৰিব নোৱাৰে কাৰণ লাচিত এতিয়া কেৱল অসমৰ হৃদয়তে সীমাবদ্ধ হৈ থকা নাই। গ্ৰন্থখনি ২৩টা অধিসূচিত ভাষাত অনুবাদ কৰা হৈছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে বৰফুকনৰ বীৰত্বৰ গাথাই ভাৰতৰ প্ৰতিজন নাগৰিকক গৌৰৱান্বিত কৰে আৰু আহোম যুগৰ মহান সামৰিক সেনাপতিগৰাকীক পূব ভাৰতৰ ছত্ৰপতি শিৱাজী মহাৰাজ হিচাপে অভিহিত কৰিব পাৰি। অমিত শ্বাহে কয় যে অসমৰ ইতিহাসত শৰাইঘাটৰ যুদ্ধ এক গুৰুত্বপূৰ্ণ পৰিঘটনা আৰু যদি লাচিতৰ নেতৃত্বত আহোম এই যুঁজত জয়ী নহ’লহেঁতেন, তেন্তে অসম আজি বাংলাদেশৰ অংশ হ’লহেঁতেন। তেওঁ উল্লেখ কৰে যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু অসম আজি ভাৰতৰ অংগ হোৱাৰ কাৰণ হৈছে বখতিয়াৰ খিলজী হওক বা ঔৰংগজেব, এনে আগ্ৰাসনৰ প্ৰতিটো আক্ৰমণ বিফল কৰা ব্যক্তিসকলৰ বীৰত্ব আৰু সাহস।
অমিত শ্বাহে কয় যে লাচিত বৰফুকনৰ ব্যক্তিত্বক দেশবাসীক পৰিচিত কৰোৱাৰ প্ৰচেষ্টাই দেশৰ সামূহিক চেতনা আৰু আত্মবিশ্বাস জাগ্ৰত কৰিব। “সেনাপতি হোৱা সত্ত্বেও তেওঁ সৈনিকৰ দৰে সন্মুখসমৰত নেতৃত্ব প্ৰদান কৰিছিল।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আমাৰ ইতিহাসক সদায়ে ব্ৰিটিছৰ দৃষ্টিকোণৰপৰা শিকোৱা হৈ আহিছিল আৰু যাৰ ফলত দেশৰ জনসাধাৰণৰ সাহসিকতাৰ ইতিহাস মচি পেলোৱা হৈছিল। অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ চেতনাক জাগ্ৰত কৰিবলৈ আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁ আজাদী কা অমৃত মহোৎসৱৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সু-ফলাফলৰ বিষয়ে উনুকিয়ায়। তেওঁ কয় যে এই পদক্ষেপে অগণন স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ বিষয়ে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিছে; বিগত ৭৫ বছৰত দেশৰ সাফল্যক মহিমাণ্ডিত কৰি এই সফলতাৰ ভেটিত আগুৱাই যাবলৈ উদ্বুদ্ধ কৰাৰ লগতে ২০৪৭ চনৰ ভিতৰত প্ৰতিটো ক্ষেত্ৰতে বিশ্বৰ ভিতৰত প্ৰথম স্থানত থাকিব পৰা এখন ভাৰত গঢ়ি তোলাৰ দৃঢ় সংকল্পক সাকাৰ ৰূপ প্ৰদান কৰিছে। তেওঁ কয়, “বিগত দুটা বছৰে চলি থকা এই অভিযানে দেশৰ প্ৰতিজন যুৱক-যুৱতীক আত্মবিশ্বাসী কৰি তুলিছে যে পৰৱৰ্তী ২৫ বছৰ ভাৰতৰ বাবে।”
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ ২৪ নৱেম্বৰত নতুন দিল্লীত বীৰ সেনাপতিগৰাকীৰ ৪০০সংখ্যক জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লৈ বিভিন্ন ভাৰতীয় ভাষাত লাচিত বৰফুকন বিষয়ক এখন গ্ৰন্থ প্ৰকাশৰ পৰামৰ্শৰ প্ৰদান কৰাৰ বাবে অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লেখক অৰূপ কুমাৰ দত্ত আৰু কিতাপখনৰ তৰ্জমা কৰাসকলক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই কাৰ্য সম্পাদন কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ উল্লেখ কৰে যে কিতাপখনৰ অনুবাদ কৰা সংস্কৰণসমূহ অধিসূচিত ভাষা অনুসৰি সকলো ৰাজ্যতে মুকলি কৰা হ’ব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি লাচিত বৰফুকন বিষয়ক এক বৃহৎ নাট্য প্ৰদৰ্শন সমগ্ৰ দেশতে মঞ্চস্থ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। প্ৰায় ৫০০গৰাকী শিল্পীৰ সৈতে এই নাট্য অনুষ্ঠান পৰিৱেশন কৰা হ’ব।
গ্ৰন্থখনিৰ অনুবাদ ৰচনাত জড়িত লেখকসকল হৈছে জ্ঞান প্ৰকাশ টেকচান্দনী আৰু সুন্দৰদাস ভি গোহৰাণী (সিন্ধি), ৱাহেংবাম কুমাৰী চানু (মণিপুৰী), ৰাজেশ্বৰ সিং ৰাজু (ড’গৰী), মুঞ্জুলুৰি কৃষ্ণা কুমাৰী (তেলেগু), সুৰেন তালুকদাৰ (অসম), প্ৰদীপ কুমাৰ (হিন্দী), লালচান্দ চ’ৰেন (চাওতালি), দেবায়ন ভাদুড়ী (বাংলা), হৰকমলপ্ৰীত সিং (পাঞ্জাৱী), ড০ কে শিৱলিঙ্গপ্পা হাদিহালু আৰু বীৰেন্দ্ৰ ৰাবিহাল (কানাড়া), বিন্দুমাধৱ কুলকাৰ্ণী (মাৰাঠী), আৰএছ ভাস্কৰ (কঙ্কণী), কনয়ন দক্ষিণমূৰ্তি (তামিল), বিজয়দেও ঝা আৰু সঞ্জয় ঝা (মৈথিলী), ড০ খগেন শৰ্মা (নেপালী), সুভাষ চন্দ্ৰ শতপতি (ওড়িয়া), বলদেৱানন্দ সাগৰ (সংস্কৃত), স্বৰ্ণপ্ৰভা চেইনাৰী আৰু ফুকন চন্দ্ৰ বসুমতাৰী (বড়ো), এছ ছেলিম কুমাৰ (মালায়ালম), মিৰ্জা এবি বেইগ (উৰ্দু), নিছাৰ আজম (কাশ্মীৰী), বিনোদ পেটেল (গুজৰাটী) আৰু দীন দয়াল শৰ্মা (ৰাজস্থানী)।
