• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, September 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home লাচিত দিৱস বিশেষ

লাচিতৰ সাহস আৰু বীৰত্বৰ গাথাৰে মুখৰ হ’ল দেশৰ ৰাজধানী

চাবিৰ নিছাত, নতুন দিল্লী

December 2, 2022
in অসমীয়া, প্ৰথম পৃষ্ঠা, লাচিত দিৱস বিশেষ
0
0
লাচিতৰ সাহস আৰু বীৰত্বৰ গাথাৰে মুখৰ হ’ল দেশৰ ৰাজধানী

অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এখন হেংদাং প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে ২৩ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ৰাষ্ট্ৰৰ ৰাজধানী চহৰখনৰ আকাশত গুঞ্জিত হ’ল ভাৰতৰ অন্যতম মহান যোদ্ধাগৰাকীৰ বীৰত্বৰ ইতিহাস৷ অসম, ৰাজধানী দিল্লী আৰু দেশৰ অন্য প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীসকলে এই তিনিদিনীয়া অনুষ্ঠানটোক সফলতাৰ এক অনন্য মাত্ৰা প্ৰদান কৰিলে৷

এই উদযাপনৰ অন্যতম বিশেষ দিশ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অংশগ্ৰহণ ৷

আই চিং লাও – টাই আহোমসকলৰ প্ৰাৰ্থনা গীতেৰে আৰম্ভ হোৱা অন্তিম দিনাৰ কাৰ্যসূচীৰ মুখ্য অতিথি আছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী৷ তেখেতে লাচিত বৰফুকনৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীক এখনি হেংদাং প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷

সপ্তদশ শতিকাৰ আহোম সেনাপতি লাচিতৰ উদাহৰণেৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে ভাৰতৰ বহুতো অপ্ৰখ্যাত নায়কক ইচ্ছাকৃতভাৱে ইতিহাসৰ পৰা মচি পেলোৱা হৈছিল৷ “আমাৰ ইতিহাস কেৱল পৰাধীনতাৰ বিপৰীতে অগণন যুঁজাৰুৰ বীৰত্ব আৰু ত্যাগৰ কাহিনীৰো অংশ ৷ এই ইতিহাসত আছে অত্যাচাৰৰ বিৰুদ্ধে বীৰত্ব আৰু সাহসেৰে থিয় দিয়াৰ গাথা৷” তেওঁ লগতে কয়, “দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পাছতো ঔপনিৱেশিক কালতে ৰচিত উদ্দেশ্যপ্ৰণোদিত ইতিহাসেই আমাক শিকোৱা হৈছে৷ সেই উদ্দেশ্য স্বাধীনতাৰ পাছত সলনি কৰাৰ প্ৰয়োজন আছিল, কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া ৰূপায়িত নহ’ল৷”

ভাষণ প্ৰসংগত তেওঁ এটা প্ৰশ্ন উপস্থাপন কৰিছিল, “বৰফুকনৰ বীৰত্বৰ কোনো গুৰুত্ব নাই নেকি? সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে মোগলৰ বিৰুদ্ধে যুঁজ দিয়া হাজাৰ হাজাৰ অসমবাসীৰ ত্যাগৰ কোনো মূল্য নাই নেকি?”

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বুৰঞ্জীবিদসকলে ভাৰতক ভুলকৈ পৰাধীন আৰু পৰাজিত দেশ হিচাপে প্ৰক্ষেপ কৰি আহিছে৷ তেখেতে কয় যে যেতিয়া এখন ৰাষ্ট্ৰই নিজৰ প্ৰকৃত ইতিহাসৰ বিষয়ে অৱগত হ’ব, তেতিয়াহে সেই অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভৱিষ্যতলৈ আগুৱাবলৈ সমৰ্থ হ’ব৷ তেখেতে কয়, “এয়া আমাৰ সকলোৰে দায়িত্ব যে আমাৰ ইতিহাস যাতে কেইটামান শতিকা বা দশকৰ ভিতৰতেই সীমাবদ্ধ হৈ নাথাকে৷”

এই¸ অনুষ্ঠানটো দেশৰ ৰাজধানীত অনুষ্ঠিত কৰিবলৈ লোৱা পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসা কৰি মোদীয়ে কয় যে দেশৰ প্ৰকৃত নায়কসকলক ইতিহাসত উপযুক্ত স্থান নিদিয়াৰ পুবৰ্ৰ ভুলসমূহ সংশোধন কৰি থকা হৈছে আৰু এনে অনুষ্ঠান এই বিশেষ প্ৰচেষ্টাৰেই অংশ৷ তেখেতে লগতে কয় যে চৰকাৰৰ ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি মাতৃভূমিক সৰ্বপ্ৰথম আখ্যাৰে কৰ্তব্যত অৱহেলাৰ বাবে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰা লাচিতৰ দৰে যোদ্ধাসকলৰ আদৰ্শৰে অনুপ্ৰাণিত৷ “এয়াই হৈছে মহান যোদ্ধাগৰাকীৰ মাতৃভূমিৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ নিদৰ্শন,” মোদীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজীৰ আহিৰ্ত লাচিত বৰফুকনৰ বিষয়ে ৰচিত এখন বিশেষ নাটক প্ৰস্তুত কৰি সমগ্ৰ দেশতে প্ৰদৰ্শন কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ অনুষ্ঠানটোত তেখেতে ‘লাচিত বৰফুকন : আছাম’ছ হিৰ’ হু হল্টেড দ্য মোগলছ’ নামৰ এখন গ্ৰন্থৰো উন্মোচন কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাক ইতিহাসৰ অপ্ৰখ্যাত নায়কসকলক উপযুক্ত স্থান প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে৷ লাচিতৰ গৌৰৱময় গাথা দেশক অৱগত কৰিবলৈ এয়া আমাৰ বিনম্ৰ প্ৰয়াস৷ কিন্তু কেৱল চৰকাৰৰ প্ৰচেষ্টাই পৰ্যাপ্ত নহয়, এনে প্ৰচেষ্টা জনসাধাৰণ আৰু বুৰঞ্জীবিদসকলেও গ্ৰহণ কৰিব লাগিব৷”

“বুৰঞ্জীবিদসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ভাৰত কেৱল ঔৰংগজেব, বাবৰ, জাহাংগীৰ বা হুমায়ুনৰ ইতিহাস নহয়৷ ভাৰতৰ ইতিহাস সোণালী হৈ আছে লাচিত বৰফুকন, ছত্ৰপতি শিৱাজী, গুৰু গোবিন্দ সিং, দুৰ্গাদাস ৰাথৌড়ৰ কাহিনীৰেও৷ আমি নতুনকৈ অৱলোকন কৰা উচিত৷ ই আমাৰ বিশ্বগুৰু হোৱাৰ সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব,” তেওঁ লগতে কয়৷

কিংবদন্তি সেনাপতিগৰাকীৰ পৱিত্ৰ স্মৃতিক চিৰস্থায়ী কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ “এক ৰাষ্ট্ৰ, শ্ৰেষ্ঠ ৰাষ্ট্ৰ” দৃষ্টিভংগীক সাৰ্থক কৰি তোলাৰ দিশত কাম কৰিছে৷

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণত মহান যোদ্ধাগৰাকীৰ বীৰত্বপূৰ্ণ কৰ্মৰ বিষয়ে নিজৰ বক্তব্য ৰাখে আৰু অনাগত দিনলৈ তেওঁৰ পৱিত্ৰ স্মৃতিক চিৰস্থায়ী কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে৷ তেওঁ দৃঢ়তাৰে কয় যে ‘উত্তৰ-পূৰ্বাঞ্চল সদায় প্ৰধানমন্ত্ৰী মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগীৰ এক অভিন্ন অংশ’৷

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী; আদৰনী ভাষণ প্ৰদান কৰা অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা; অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী; ৰাজ্যসভাৰ সাংসদ আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু লোকসভাৰ সাংসদ তপন কুমাৰ গগৈও মঞ্চত উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অসম আৰু ঐতিহাসিক সমলেৰে আয়োজিত এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰে আৰু দেশৰ ৰাজধানীত এনে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱাৰ বাবে প্ৰশংসাও কৰে৷

উল্লেখ্য যে চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপন আৰম্ভ হয় আৰু উক্ত অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে৷

ShareTweetShare

Related Posts

সু-প্ৰশাসনৰ সুদৃঢ় ভেটি
সম্পাদকীয়

সু-প্ৰশাসনৰ সুদৃঢ় ভেটি

September 2, 2023
2
অমৃত বৃক্ষ আন্দোলন – ৰাইজ হ’ব আধাৰ
দৃষ্টিভংগী

অমৃত বৃক্ষ আন্দোলন – ৰাইজ হ’ব আধাৰ

September 2, 2023
5
বি এম আই পৰীক্ষা : লক্ষ্য সুস্থ আৰু সবল অসম আৰক্ষী
অনিৰুদ্ধ অসম

বি এম আই পৰীক্ষা : লক্ষ্য সুস্থ আৰু সবল অসম আৰক্ষী

September 2, 2023
5
সম্ভাৱনাৰে পূৰ্ণ এখন সাঁচিগছৰ বাৰী
অনিৰুদ্ধ অসম

সম্ভাৱনাৰে পূৰ্ণ এখন সাঁচিগছৰ বাৰী

September 2, 2023
7
অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩ : সৃষ্টিশীলতা আৰু সম্ভাৱনাৰ এখনি মঞ্চ
অনিৰুদ্ধ অসম

অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩ : সৃষ্টিশীলতা আৰু সম্ভাৱনাৰ এখনি মঞ্চ

September 2, 2023
3
উভতি আহিছে পাভৰ সেউজীয়া ৰূপ
অনিৰুদ্ধ অসম

উভতি আহিছে পাভৰ সেউজীয়া ৰূপ

September 2, 2023
1
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • Miscellaneous
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • Wind of change
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Important Links

  • G20
  • National Portal of India
  • Assam State Portal
  • North Eastern Council
  • Aspire Portal

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In