উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ এটা ৱৰ্কশ্বপত খোদিত হৈ আছে অসমৰ গৌৰৱ গাথা৷ ইয়াতেই আহোম সেনাপতি লাচিত বৰফুকনৰ এটি বিশাল প্ৰতিমূৰ্তিৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে৷
১২০ কোটি টকাৰ ব্যয়সাপেক্ষে ১২৫ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈ আছে ৯৫ টন ব্ৰঞ্জ আৰু ইস্পাটেৰে৷ আহোম সেনানায়কগৰাকীৰ মূৰ্তিটোৰ মূল উচ্চতা হ’ব ৮৪ ফুট আৰু মূৰ্তিটো থিয় হৈ থকা ভেটিস্তম্ভটোৰ উচ্চতা হ’ব ৪১ ফুট৷ এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে বিশিষ্ট ভাস্কৰ পদ্মশ্ৰী সন্মানপ্ৰাপক ৰাম ভঞ্জি সুতৰে৷
নৱতিতম বৰ্ষ গৰকা এই শিল্পীগৰাকীয়ে দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ স্মৃতিচিহ্ন নিৰ্মাণ কৰিছে৷ ইয়াৰে অন্যতম হ’ল স্প্ৰিং টেম্পল বুদ্ধতকৈ ৫৪ মিটাৰ অধিক উচ্চতাৰ ১৮২ মিটাৰৰ ‘একতাৰ মূৰ্তি’ (Statue of Unity)৷
১৯২৫ চনত মহাৰাষ্ট্ৰৰ গণ্ডুৰত জন্ম হৈছিল শিল্পী সুতৰৰ৷ মুম্বাইৰ জে জে স্কুল অৱ আৰ্টৰপৰা শিক্ষাগ্ৰহণ কৰি তেওঁ অজন্তা আৰু ইলোৰাৰ প্ৰতিমূৰ্তিসমূহৰ পুনৰুজ্জীৱিতকৰণৰ কামেৰে কৰ্মজীৱনৰ আৰম্ভণি কৰে৷ জ্যেষ্ঠ শিল্পীগৰাকীৰ সৃষ্টিত আমি দেশপ্ৰেমৰ অতুলনীয় আভা দেখা পাওঁ৷
নয়দাৰ ঔদ্যোগিক ক্ষেত্ৰত অৱস্থিত সুতৰৰ ষ্টুডিঅ’টোৰপৰা তেওঁৰ সৃষ্ট প্ৰতিমূৰ্তিসমূহে প্ৰাণ পাই আহিছে৷ ষ্টুডিঅ’ৰ ভিতৰত সোমালেই চকুত পৰিব তাত থকা চৰ্দাৰ বল্লভভাই পেটেলৰ বহুকেইটা ৩ ফুট উচ্চতাৰ মূৰ্তি৷ এই মূৰ্তিৰ আৰ্হিতে পেটেলৰ বিশাল প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈছিল৷
১৯৪৮ চনত প্ৰথম মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰপৰা বিশ্বৰ সৰ্বোচ্চ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণলৈকে সুতৰে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে৷
অসম চৰকাৰে ১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধত মোগলক হৰুৱাই বীৰত্ব আৰু সাহসৰ যুগমীয়া ইতিহাস ৰচা বীৰ সেনাপতি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ পৰিকল্পনা কৰে৷ এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল যোৱা বছৰ নৱেম্বৰত দিল্লীত অনুষ্ঠিত লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
লাচিতৰ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৮ মাহৰ পূৰ্বে আৰু অহা বছৰৰ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷ প্ৰায় ৫০ বিঘা মাটিৰ আবেষ্টনীত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হ’ব৷
ৰাম সুতৰৰ ফাইন আৰ্ট ষ্টুডিঅ’ত প্ৰায় ১০০গৰাকী শিল্পী এই কৰ্মত নিয়োজিত হৈ আছে৷ শিল্পীগৰাকীয়ে নিজে মুখ আৰু বুকুৰ ক্লেডিঙৰ কাম নিৰীক্ষণ কৰিছে৷ সতৰ্কতাৰ সৈতে সঠিক পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সৈতে আহোম সেনাপতিগৰকীৰ হাতত হেংদাং ওপৰলৈ তুলি ধৰা অৱস্থাত নিৰ্মাণ কৰিবলগীয়া প্ৰতিমূৰ্তিটো খণ্ড খণ্ডকৈ লোৰ গাঁথনিত সজোৱা হৈছে৷ “প্ৰথমতে আমি এটা ৩ ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰিলোঁ, তাৰ পাছত ক্ৰমান্বয়ে ১৮ ফুট, ৩০ ফুট আদি উচ্চতাৰ আৰ্হি নিৰ্মাণ কৰিলোঁ৷ ইয়াৰপৰাই অনুমান কৰিব পাৰি কামটোৰ ব্যাপকতা কিমান,” বৰফুকনৰ প্ৰতিমূৰ্তিটোৰ বিশালতাৰ বিষয়ে উল্লেখ কৰি এগৰাকী শিল্পীয়ে কয়৷
“লাচিত বৰফুকনৰ দৰে ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পূৰ্বে আমি ব্যক্তিগৰাকীৰ বিষয়ে পূৰ্ণৰূপত অধ্যয়ন কৰোঁ,” প্ৰতিমূৰ্তিটোৰ সাকাৰ ৰূপ-চেহেৰা আদি পৰিস্ফুট কৰিবলৈ কৰা অধ্যয়নৰ বিষয়ে উল্লেখ কৰি এগৰাকী শিল্পী তথা জ্যেষ্ঠ শিল্পীগৰাকীৰ সন্তান অনিল সুতৰে কয়৷ তেওঁ লগতে কয়, “আমি তেখেতৰ বিভিন্ন চিত্ৰ আদি ভিন্ন কোণৰপৰা অধ্যয়ন কৰোঁ আৰু ভিন্ন সময়ত ভিন্ন দৃষ্টিকোণেৰে আমি গৱেষণা কৰোঁ৷ এনে কৰিলে আমি তেওঁৰ মুখখন কেনে হোৱাটো উচিত তাক নিশ্চিত কৰিব পাৰোঁ৷”
সুতৰৰ বেছিভাগ চিত্ৰশিল্পৰ আধাৰ হৈছে পূৰ্বকথনীয় ধাৰণা৷ তেখেতৰ ভাস্কৰ্য শিল্পত কৰ্মৰ বিশালতাৰ উমান পোৱা যায়৷
সুতৰৰ কৰ্মৰ ক্ষেত্ৰত ব্যাপকতা আৰু বিশালতা গুৰুত্বপূৰ্ণ কাৰণ তেওঁৰ শিল্প কৰ্মৰ আধাৰ এই বিশালতাৰ ধাৰণাতে নিৰ্ভৰ কৰে৷ এই বিশালতাই এটা প্ৰতিমূৰ্তিক স্মাৰক হিচাপে গঢ়ি তোলে৷ এনে আকাৰৰ কাম আমি এখন মঞ্চত প্ৰদৰ্শন কৰাটো যথেষ্ট কঠিন৷
লাচিতৰ এই বৃহৎ প্ৰতিমূৰ্তিটো পৰিবহণ কৰাটো এক প্ৰত্যাহ্বান৷ অনিলে কয়, “মূৰ্তিটো অতি সতৰ্কতাৰে ১০ ফুট দৈৰ্ঘ্যৰ কেইবাটাও বাকচত মেৰিয়াই দি গন্তব্যস্থানলৈ প্ৰেৰণ কৰা হ’ব ৷ তাতেই ইয়াক পুনৰ একত্ৰিত কৰা হ’ব৷”
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৫ জুলাইত গাজিয়াবাদ ভ্ৰমণৰ সময়ত প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশিষ্ট শিল্পীগৰাকীৰ এই বয়সতো কামৰ প্ৰতি থকা নিষ্ঠা আৰু উৎসাহৰ শলাগ লয়৷