অসম তথা সমগ্ৰ দেশতে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ যি গুঞ্জন উঠিল, য’ত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে, এয়া সঁচাকৈয়ে ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয়৷ এই মহান সেনাপতিগৰাকীৰ বীৰত্বৰ পৰিচয় দেশবাসীৰ হৃদয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখন সফল বুলি অভিহিত কৰিব পাৰি৷ অসমত পৰাজয় বৰণ কৰাৰ পাছত ঔৰংগজেবৰ দৰবাৰত ৰামসিংহই কেনে প্ৰতিক্ৰিয়া লাভ কৰিছিল সেই বিষয়ে আমি বেছি জ্ঞাত নহয়, কিন্তু পৰৱৰ্তী প্ৰজন্মই এটা কথা মনত ৰাখিব যে কেনেকৈ অসম চৰকাৰে লাচিতক ইতিহাসত উচিত স্থান প্ৰদান কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰয়াস কৰিছিল৷
প্ৰধানমন্ত্ৰীকে আদি কৰি বহুকেইজন বক্তাই কোৱাৰ দৰে লাচিতে এজন যোদ্ধাৰ মাজত থাকিবলগীয়া সৰ্বশ্ৰেষ্ঠ গুণকেইটাক প্ৰতিনিধিত্ব কৰিছে : সততা, বীৰত্ব আৰু দেশপ্ৰেম৷ অৱশ্যে জ্ঞাতই হওক বা অজ্ঞাতেই হওক ইতিহাস আৰু বুৰঞ্জীবিদসকল যেন বহু ক্ষেত্ৰত তেওঁৰ প্ৰতি সদয় হোৱা নাই৷ কিন্তু অসমীয়া হিচাপে আমি তেওঁলোকৰ ভুলবোৰক লৈ দুখ কৰিয়েই থাকিম নে সেই ভুল সংশোধনৰ বাবে হাতে-কামে কিবা এটা কৰিম? মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে এই প্ৰশ্নৰ সঠিক প্ৰত্যুত্তৰ আগবঢ়াবলৈ সক্ষম হৈছে৷ এই চৰকাৰখনে ইতিহাসৰ ভুলবোৰৰ শুধৰণি কৰি অসমী আইক গৌৰৱান্বিত কৰা এই সুযোগ্য সন্তানগৰাকীক বিশ্বৰ সন্মুখত কেনেদৰে চিনাকি কৰাই দিব পাৰি তাৰ ৰূপৰেখা সাজু কৰিছিল৷ ইতিহাসৰ মিথ্যাবোৰ আঁতৰ কৰিবলৈ হয়তো তিনিদিনীয়া উদযাপন পৰ্যাপ্ত নহ’বও পাৰে, কিন্তু ইয়াক এক নতুন আৰম্ভণি হিচাপে চোৱা উচিত৷ এই নতুন চিন্তাই অসম আৰু অসমৰ ইতিহাসৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মক তেওঁলোকৰ মাজত থকা লাচিতক জাগ্ৰত কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব৷
এমট্ৰনে ডিজাইন আৰু বিকশিত কৰা এক বিশেষ এপ্লিকেশ্বনত ৪৫ লাখতকৈও অধিক লোকে বীৰ সেনাপতিগৰাকীৰ বিষয়ে নিজৰ অনুভৱ লিখি আপল’ড কৰিছে৷ শিক্ষানুষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা সংগঠন আৰু জিলা প্ৰশাসনে উদযাপনৰ উদ্দেশ্য সফল কৰি তুলিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷ এয়া নিশ্চিত যে এই অবিৰত প্ৰচেষ্টাই অনাগত দিনত ভাৰতৰ ইতিহাসৰ অন্যতম সাহসী সেনাপতিগৰাকীৰ গৌৰৱধ্বজা কেৱল অসমতে নহয় ভাৰত ভূমিতো উজলাই ৰাখিব৷