বিশ্বৰ সৰ্বাধিক ঘনত্বৰ এটা খৰ্গৰ গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্যৰপৰা মাত্ৰ দুই কিল’মিটাৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত মৰিগাঁও জিলাৰ এখন গাঁও ৰনং মূৰকটা৷
বানপানী আৰু খহনীয়াপ্ৰৱণ এই বৃহত্তৰ মূৰকাটা এলেকাটোত শেহতীয়া বছৰসমূহত বসবাসযোগ্য স্থান হ্ৰাস হৈ আহিছে৷ বছৰি মুখামুখি হোৱা খহনীয়াৰপৰা পৰিত্ৰাণ পাবৰ বাবে গাঁওবাসী সুৰক্ষিত এলেকালৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে৷
“যোৱা বছৰ আমাৰ ইয়াত এক বৃহৎ খহনীয়াৰ পৰিঘটনা সংঘটিত হৈছিল৷ ব্ৰহ্মপুত্ৰ ইয়াৰ মূল পথৰপৰা দক্ষিণলৈ প্ৰায় এক কিল’মিটাৰ আগবাঢ়ি আহিল৷ এই খহনীয়া নদীখনৰ পাৰে পাৰে দীঘে প্ৰায় দুই কিল’মিটাৰলৈকে হৈছিল৷ খহনীয়াৰ বাবে কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়,” স্থানীয় বাসিন্দা ভজন মণ্ডলে (৫৫) কয়৷
“যোৱা বছৰ মোৰ ঘৰ আৰু খেতি-মাটি হেৰুওৱাৰ পাছত মই এতিয়া এটা অস্থায়ী আৱাসত বাস কৰি আছোঁ৷ নদীখনে আমাৰ গাঁওখন মানচিত্ৰৰপৰা নোহোৱা কৰি পেলালে৷ এখন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু এটা দুৰ্গা মন্দিৰ বানত উটি যায়,” সেই দুৰ্যোগৰ ভয়াবহতাৰ কথা উল্লেখ কৰি মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওখনৰ বাসিন্দা ৰঞ্জিত মণ্ডলে (৪৫) কয়৷
গাঁওখনৰে অশীতিপৰ ব্যক্তি ৰবীন্দ্ৰ নাথ ভৰালীয়ে কয় যে যোৱা দুটা দশকত মায়ঙৰপৰা লাহৰীঘাটলৈকে কমেও ১০০খন গাঁও সম্পূৰ্ণৰূপে বা আংশিকভাৱে খহনীয়াত লীন গৈছে৷ “যোৱা কেইটামান বছৰত নদীখন পথালিয়ে বাঢ়ি আহিছে৷ দক্ষিণৰ ফালে প্ৰায় তিনি কিল’মিটাৰমান নদীত বুৰ গ’ল৷ এতিয়া আকৌ নদীৰ পানীৰ সোঁতে কাচশিলা পাহাৰত খুন্দা মাৰি আমাৰ গাঁৱৰ ফালে ওভতি আহে৷ যোৱা বছৰলৈকে কাচশিলা পৰ্যটকসকলৰ বাবে শিহু দৰ্শনৰ স্থান আছিল,” ভৰালীয়ে দুখেৰে কয়৷
একেদৰে, দৰং জিলাত, ২০২২ চনত প্ৰায় ৫০০খন গাঁও বানত প্লাৱিত হৈছিল৷ ধাৰাসাৰ বৰষুণৰ লগতে শাকতোলা আৰু ননৈই নদীৰ মথাউৰি ভাঙি যোৱাৰ ফলত হোৱা বানে জিলাখনত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল৷
বৰদৌলগুৰিৰপৰা পিপৰাদোকানলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বানত ডুব যায়৷ জিলা কৰ্তৃপক্ষই পিপৰাদোকানৰপৰা শাকতোলা দলঙলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত
অহা-যোৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিবলৈ বাধ্য হয়৷ ননৈৰ বাঢ়নী পানীয়ে পাঁচটা স্থানত মথাউৰি ভঙাৰ ফলত সমস্যা বৃদ্ধি পাইছিল৷
যোৱা বছৰ জুন মাহত মংগলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰথেকেৰাগুৰি অঞ্চলতো শাকতোলা নদীয়ে মথাউৰি ভঙাৰ ফলত বানত প্লাৱিত হয়৷
এনেধৰণৰ ঘটনা প্ৰতিৰোধ তথা বান আৰু খহনীয়াৰ বাবে জীৱন আৰু জীৱিকাত পৰা নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিবলৈকে ৰাজ্যখনৰ জলসম্পদ বিভাগে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে৷
বিষয়াসকলৰ সৈতে বাৰ্তালাপৰপৰা জানিব পৰা গ’ল যে ২০২২ চনৰ বানত ২৬টা মথাউৰিৰ ৪১টা ছিঙি যোৱা স্থানৰ লগতে স্থানীয় বাসিন্দাসকলে নিজৰ ঘৰ-সম্পত্তি ৰক্ষাৰ বাবে নিজে মথাউৰি ছিঙি দিবলগীয়া হোৱা তিনিটা স্থানৰ পুৰ্নৰ্নিমাণত বিভাগে গুৰুত্ব প্ৰদান কৰিছে৷
সমগ্ৰ অঞ্চলটোৰ লগতে আৰু উচ্চ অৱবাহিকা অঞ্চলত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে মথাউৰিসমূহ ভাঙি গৈছিল৷ বিভাগটোৰ সূত্ৰই দাবী কৰে যে তেওঁলোকে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মথাউৰিসমুহৰ শতাধিক স্থান ছিঙি যোৱাৰপৰা ৰক্ষা পৰিল৷ তেওঁলোকে উল্লেখ কৰে ৰাজ্যখনৰ বেছিভাগ মথাউৰিয়ে ৬০ দশকৰ শেষৰ ফালে নিৰ্মাণ কৰা হৈছিল আৰু ইতিমধ্যে এই মথাউৰিসমূহৰ জীৱনকাল শেষ হৈছে৷
যোৱা বছৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই মথাউৰিসমূহ শক্তিশালী কৰি তুলিবলৈ বিভাগটোক নিৰ্দেশ দিছিল৷ এই উদ্দেশ্যে ২২খন আঁচনিৰ অধীনত ৫৭৫ কোটি টকা মুকলি কৰি দিয়ে৷ এই ছিঙি যোৱা অংশসমূহ মেৰামতি কৰা হৈছে৷ আনহাতে, মথাউৰিবোৰৰ আটাইতকৈ দুৰ্বল অংশবোৰ প্ৰত্যাশিত বানৰ পূৰ্বে পুনৰুদ্ধাৰ কৰা হৈছে৷ তদুপৰি, মথাউৰিৰ ২৪০.৪৩ কি.মি. শক্তিশালীকৰণ আৰু ৪৮.০২ কি.মি. অংশ সুৰক্ষাৰ কামৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷
জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপক ভট্টাচাৰ্যই অসম বাৰ্তাক কয় যে বিভাগটোৱে মঙলদৈ-পাথৰিঘাট-খৈৰাবাৰী পথৰপৰা ৰঙামাটি-কুৰুৱা পইণ্টলৈ শাকতোলা নদীৰ ৯.৫ কি.মি. দীঘল বেষ্টনীৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিছে৷
কতুহুগুৰি গাঁৱৰ মঃ খয়াজ আলীয়ে (৫৫) সন্তুষ্টি ব্যক্ত কৰি কয় যে এই বছৰ বৰথেকেৰাগুৰিত নিৰ্মাণ কৰা শাকতোলাৰ মথাউৰিটো পূৰ্বতকৈ বহু উন্নত৷ বৰ আঠিয়াবাৰীত হাইদৰ আলীৰ (৬৮) দৰে আন আন গাওঁবাসীসকলে শাকতোলা নদীৰ ভাঙি যোৱা স্থানত এটা নতুন মথাউৰি দেখিবলৈ পাই সুখী হৈছে৷
১৯৫০ চনৰ বিধ্বংসী ভূমিকম্পৰ পিছত হ্ৰস্বম্যাদী ব্যৱস্থা হিচাপে ৰাজ্য চৰকাৰে ১৯৫৪ চনৰপৰা ১৯৭৪ চনৰ ভিতৰত ৰাজ্যখনত নিৰ্মাণ কৰা পুৰণি মথাউৰিবোৰক
Assam Embankment and Road – Assam আঁচনিৰ অধীনত স্থায়ী পথযুক্ত মথাউৰিলৈ পৰিৱৰ্তন কৰাৰ চিন্তা কৰিছে৷ আঁচনিখনত অন্তৰ্ভুক্ত আছে- ১) পথ নিৰ্মাণ
২) সেৱা পথ নিৰ্মাণ আৰু ৩) চাৰিআলি নিৰ্মাণ৷
মৰিগাঁও জিলাৰ অন্তৰ্গত ভূৰাগাঁও, লাহৰীঘাট আৰু মায়ং অঞ্চলত গৰাখহনীয়াই নিয়মীয়াকৈ প্ৰভাৱিত কৰি আহিছে৷ গৰাখহনীয়াৰ বাবে বিশেষকৈ অত্যধিক পলস আৰু বানপানীয়ে উটুৱাই অনা জাৱৰ-জোঁথৰে সৃষ্টি কৰা বালিচৰকে কাৰণ হিচাপে অভিহিত কৰিব পাৰি৷
জলসম্পদ বিভাগে প্ৰায় ৯.৮৩ কোটি টকা ব্যয়েৰে মূৰকটাত খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে৷ “আমি খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ ব্যৱহাৰ কৰিছোঁ”, মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা লোচন চৌধুৰীয়ে কয় যে মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত আছে৷
জিঅ’ বেগ সংস্থাপনে বৃহত্তৰ মূৰকটা অঞ্চলটোক খহনীয়াৰপৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব বুলি গাঁওবাসীয়ে আশা ব্যক্ত কৰে৷ “বৰ্তমানৰ চৰকাৰখন সমস্যাটো সমাধান কৰাৰ প্ৰতি আগ্ৰহী৷ আমি প্ৰথমবাৰৰ বাবে মূৰকটা অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগৰ প্ৰয়োগ কৰা দেখিবলৈ পাইছোঁ,” ভড়ালীয়ে উৎসুকতাৰে কয়৷