• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

লক্ষ্য জি২০ : সাজু হৈছে গুৱাহাটী

AB Bureau by AB Bureau
February 2, 2023
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
G20 is here, Guwahati decked up

জি২০ প্ৰতিনিধিসকলক স্বাগতম জনোৱাৰ উদ্দেশ্যে ন-ৰূপত সজাই-পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক৷ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দুখন গুৰুত্বপূৰ্ণ সভাৰ প্ৰথমখন হৈছে- ফাইনেন্স ট্ৰেকৰ অধীনত বহনক্ষম বিত্ত সন্দৰ্ভত, যি জি২০ নিৰ্দেশনাৰ অধীনৰ তিনিটা কৰ্মধাৰাৰ অন্যতম৷

ভাৰতে জি২০ সন্মিলনৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে য়ুথ২০ (ৱাই২০) সন্মিলনৰ আয়োজন কৰিছে আৰু ৱাই২০ গ্ৰুপৰ প্ৰথমখন বৈঠক ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ২০২৩ চনৰ আগষ্টত চূড়ান্ত ৱাই২০ সন্মিলনৰ বাবে সমগ্ৰ ভাৰতত পাঁচটা বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’বলগীয়া ৱাই২০ সম্পৰ্কীয় বিভিন্ন বৈঠকৰ ভিতৰত ই হৈছে প্ৰথম৷ ভাৰতত ৱাই২০ৰ অধীনত মুঠ ১৮টা অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে৷ ৱাই২০ বিজ্ঞপ্তি চূড়ান্তকৰণৰ লগতে পাঁচোটা বিষয়বস্তু সামৰি আলাপ-আলোচনাৰ মাধ্যমেৰে ইয়াৰ অন্তিমটি অনুষ্ঠান বাৰানসীত অনুষ্ঠিত হ’ব৷

অসমত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০গৰাকীতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে৷ ই পাঁচটা বিষয়ত গুৰুত্ব দিব- ভৱিষ্যৎ কাৰ্যপন্থা; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাস; শান্তি স্থাপন আৰু মীমাংসা; গণতন্ত্ৰত যুৱপ্ৰজন্ম; স্বাস্থ্য, ক্ৰীড়া আৰু কল্যাণ৷ ইয়াৰ লগতে মূল বিষয়বস্তুসমূহৰ অধীনৰ বিভিন্ন উপ-বিষয়বস্তুৰ সন্দৰ্ভতো আলোচনা কৰা হ’ব আৰু এই কাৰ্যসূচীৰ সময়ছোৱাতে গুৱাহাটীত এখন শ্বেতপত্ৰও উন্মোচন কৰা হ’ব৷ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বক্তাসকলে বিষয়বস্তু সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব৷ তদুপৰি ৱাই২০ৰ অংশ হিচাপে কিছু পাণ্ডিত্যপূৰ্ণ প্ৰবন্ধ আৰু গৱেষণা পত্ৰ প্ৰকাশৰো পৰিকল্পনা কৰা হৈছে৷

ৱাই২০ৰ অধ্যক্ষ আনমোল ছোভিটে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয় যে যুৱপ্ৰজন্মৰ অংশগ্ৰহণেৰে ভাৰতে বিশ্বৰ দৰবাৰত উজলিবলৈ এক নতুন আৰম্ভণিৰে সাজু হৈছে৷ “বিশ্বৰ সন্মুখত নেতৃত্ব প্ৰদানৰ শক্তিশালী দেশ হিচাপে প্ৰতিপন্ন কৰিবলৈ ৱাই২০ ভাৰতবৰ্ষৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান৷”

জি২০ৰ  ল’গ’ৰে সুসজ্জিত গুৱাহাটীৰ দিছপুৰ লাষ্টগেট

অনুষ্ঠানসমূহ মূলত: আই আই টি, গুৱাহাটী আৰু হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হ’ব৷ চৰকাৰী সূত্ৰই অসম বাৰ্তাক জনায় যে অনুষ্ঠানটিৰ সৰ্বতোপ্ৰকাৰৰ সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে৷ এই সন্দৰ্ভত আই আই টি, গুৱাহাটীৰ সঞ্চালক আৰু অন্যান্য চৰকাৰী বিভাগৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আই আই টি, গুৱাহাটীত অনুষ্ঠিত এখনি পৰ্যালোচনা বৈঠকত অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে আৰু সামগ্ৰিক প্ৰস্তুতিৰ বুজ লয়৷ অনুষ্ঠানৰ এটা দিনত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ উপস্থিত থকাৰো সম্ভাৱনা আছে৷

য়ুথ২০ হৈছে জি২০ৰ অধীনস্থ আঠটা আনুষ্ঠানিক গোটৰ এটা অংশ৷ জি২০ৰ অধ্যক্ষতা লাভৰ অংশস্বৰূপে আয়োজক দেশখনে যুৱ সন্মিলন আয়োজনৰ দায়িত্বও গ্ৰহণ কৰে৷ যুৱ সন্মিলনখন সাধাৰণতে মূল সত্ৰ আৰম্ভ হোৱাৰ কেইসপ্তাহমান পূৰ্বে অনুষ্ঠিত হয় যাতে যুৱপ্ৰজন্মৰ দৃষ্টিভংগীৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকৰ পৰামৰ্শবোৰ নীতি নিৰ্ধাৰণৰ প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰিব পাৰে৷

জি২০ৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰসমূহ আৰু সেই ৰাষ্ট্ৰসমূহৰ স্থানীয় যুৱসকলৰ মাজত এখন সংযোগ সেতু নিৰ্মাণ কৰাৰ ই এক প্ৰয়াস৷ ২০২৩ চনৰ ৱাই২০ ইণ্ডিয়া ছামীটে ভাৰতৰ যুৱকেন্দ্ৰিক পদক্ষেপসমূহত আলোকপাত কৰিব আৰু বিশ্বৰ যুৱপ্ৰজন্মক ভাৰতৰ মূল্যবোধ আৰু নীতিগত ব্যৱস্থা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব৷

ৱাই২০ বৈঠকৰ প্ৰাকমুহূৰ্তত এক অংশগ্ৰহণমূলক আৰু সামগ্ৰিকভাৱে ব্যাপক আলোচনা প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ অসমৰ আটাইকেইখন জিলাৰ ৫০খনতকৈও অধিক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে আলোচনা-চক্ৰ, কৰ্মশালা, বিতৰ্ক সভা আৰু পেনেল আলোচনাৰ আয়োজন কৰিব৷ আই আই টি-গুৱাহাটীত ৱাই২০ গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানসমূহত ১২ হাজাৰৰো অধিক মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে৷ উচ্চ শিক্ষাৰ প্ৰতিটো প্ৰতিষ্ঠানক জি২০ গ্ৰুপিং আৰু ইয়াৰ কাৰ্যকলাপৰ বিষয়ে নিকটৱৰ্তী ১০খন বিদ্যালয়ত সজাগতা অভিযান আয়োজন কৰাৰো দায়িত্ব অৰ্পণ কৰা হৈছে৷

বিভিন্ন প্ৰতিযোগিতাত নিজ নিজ বিশ্ববিদ্যালয়/মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি পুৰস্কাৰ লাভকৰাসকলক সামৰি মুঠ ৪০০গৰাকী অংশগ্ৰহণকাৰীয়ে অহা ৭ ফেব্ৰুৱাৰীত আই আই টি-গুৱাহাটীত কেন্দ্ৰীয়ভাৱে সম্পন্ন হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ সেই অনুসৰি তেওঁলোকক উদ্ভাৱন আৰু উদ্যোগ-শিক্ষা সম্পৰ্কৰ বোধগম্যতাৰ বাবে পৰামৰ্শ দিয়া হ’ব৷ তদুপৰি, ভৱিষ্যতে পাৰস্পৰিক সম্পৰ্ক উন্নীত কৰিবলৈ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় যুৱ প্ৰতিনিধিসকলৰ সৈতে ভাব বিনিময় কৰাৰো এক সুযোগ লাভ কৰিব৷

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In