“ভাৰতৰ বাবে এতিয়া মূল লক্ষ্য হৈছে নিজকে এক সুসংহত আৰু ঐক্যবদ্ধ শক্তিলৈ পৰিণত কৰা”
-চৰ্দাৰ বল্লভভাই পেটেল
উক্তিষাৰৰ অৰ্থ আজিও প্ৰতিজন ভাৰতীয়ই হৃদয়ংগম কৰাৰ প্ৰয়োজন৷ সাংবিধানিক ভিত্তিক উপলব্ধি কৰি ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিব পৰাটো নিশ্চিত কৰিব ‘ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া’ (দেশখনৰ প্ৰশাসনিক সেৱ)]ৰ দৃঢ় স্থিতিয়ে৷ অৱশ্যে ভাৰতীয় প্ৰশাসনিক সেৱাই নিজৰ কৰ্মৰ আওতাত দেশৰ বিস্তৃত আঞ্চলিক আৰু সাংস্কৃতিক বৈচিত্ৰ্য ধৰি ৰখাৰ ক্ষেত্ৰত সফল হোৱা নাই৷ মই কৰ্মজীৱনৰ অধিককাল সেৱা আগবঢ়াই অহা এই উত্তৰ-পূৰ্বাঞ্চলতো বিকাশৰ প্ৰচুৰ সম্ভাৱনা থকাৰ লগতে অঞ্চলটো হৈছে প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৃহৎ ভঁৰাল৷
ভাৰতীয় লোকসেৱাত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া হৈছে আনন্দৰাম বৰুৱা৷ ১৮৭০ চনৰ ভাৰতীয় লোকসেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেত পঞ্চমগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া হৈছিল৷ শেহতীয়াকৈ, ৰাজ্যখনৰ মুখ্য সচিবৰ পদত আমি বহুকেইগৰাকী অসমীয়া অধিষ্ঠিত হোৱাটো প্ৰত্যক্ষ কৰিছোঁ৷ অৱশ্যে, সময় বাগৰাৰ লগে লগে এই সৰ্বাকাংক্ষিত সেৱাত অন্তৰ্ভুক্ত হোৱা অসমীয়াৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে আমি পৰৱৰ্তী অসমীয়া মুখ্য সচিবগৰাকী লাভ কৰিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব৷ এই আগন্তুক শূন্যতাৰ আঁৰত অসংখ্য কাৰক আছে৷
হায়দৰাবাদত পাৰ কৰি অহা শৈশৱৰ দিনবোৰত আমাৰ বিদ্যালয়ত থকা প্ৰতিযোগিতামূলক মনোভাবৰ কথা মোৰ আজিও মনত পৰে৷ কোনো সমস্যা দ্ৰুতগতিত সমাধানৰ মানসিকতাই প্ৰমাণ কৰিছিল যে এই বিদ্যালয়ৰ পৰা এদিন কোনো যাব আইআইটিলৈ, কোনোবা যাব আইআইএমলৈ আৰু কোনোৱে বাছি ল’ব লোকসেৱাৰ লক্ষ্য৷ স্কুলীয়া দিনৰে পৰা পোৱা এনে এটা শৈক্ষিক পৰিৱেশেই হৈছে ভৱিষ্যৎ জীৱনৰ সফলতাৰ ভেটি৷
মই অনুভৱ কৰোঁ যে প্ৰশাসনিক সেৱা এনে এটা সপোন যাক কম বয়সতেই আঁকোৱালি লোৱা উচিত৷ এই সেৱাত প্ৰৱেশ কৰাৰ হেতু বিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু হয়তো কিছু পৰিমাণে ভাগ্যৰো প্ৰয়োজন৷ এই পৰীক্ষাৰ পূৰ্ব চৰ্তই হ’ল অভিভাৱকৰ সহযোগিতা, প্ৰতিযোগিতামূলক মানসিকতা, প্ৰশিক্ষণ কেন্দ্ৰ, দক্ষ শিক্ষক আৰু অধ্যয়নৰ উপযুক্ত এক প্ৰাণৱন্ত পৰিৱেশ৷ মোৰ বিশ্বাস যে এই পূৰ্ব চৰ্তসমূহ অসমত লাহে লাহে গা কৰি উঠিছে৷ প্ৰতিযোগিতাৰ যি আধুনিক ধাৰা সমগ্ৰ দেশতে ঠন ধৰি উঠিছে, এই ধাৰা অসমতো গঢ়ি তোলা উচিত৷ আমাৰ দেশৰ ভিন্ন স্থানৰ পৰা কোটা বা হায়দৰাবাদলৈ যোৱা বহু ছাত্ৰ-ছাত্ৰীক মই সাক্ষাৎ কৰিছোঁ আৰু তাত দেখা পোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা তেওঁলোকৰ বাবে যথেষ্ট লাভজনকো হৈছে৷
অসমৰ যুৱক-যুৱতীসকলৰ মাজত শিক্ষাৰ প্ৰতি যথেষ্ট আগ্ৰহ আছে, তেওঁলোকৰ মত-বিনিময়ৰ দক্ষতাও প্ৰশংসনীয়৷ কিন্তু, তাৰ বিপৰীতে তেওঁলোকৰ মাজত লোকসেৱা পৰীক্ষাত সফল হ’বৰ বাবে প্ৰয়োজনীয় আত্মবিশ্বাস, নিষ্ঠা আৰু সঠিক পথ প্ৰদৰ্শনৰ অভাৱ৷ উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা আমি যথেষ্টসংখ্যক প্ৰশাসনিক বিষয়া পাইছোঁ, কিন্তু এই দুখন ৰাজ্যৰ আৰ্থ-সামাজিক অৱস্থা অসমৰ সৈতে প্ৰায় সদৃশ৷
এই পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হৈছে এক বিস্তৃত অধ্যয়ন, নিৰন্তৰ প্ৰেক্টিচ টেষ্ট, পৰামৰ্শ আৰু ব্যক্তিত্বৰ বিকাশ৷ দ্য হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে বাতৰিকাকত আৰু ইক’নমিক এণ্ড পলিটিকেল উইকলীৰ দৰে আলোচনী ৰাজ্যখনত নিয়মীয়াকৈ উপলভ্য হোৱাটো বাঞ্ছনীয়৷ সাম্প্ৰতিক বিষয় সম্পৰ্কে তৰ্ক আৰু আলোচনা চক্ৰ যে অতিকৈ গুৰুত্বপূৰ্ণ তাত কোনো সন্দেহ নাই৷ এনে মাৰাথন পৰীক্ষাৰ বাবে আৰ্থিক আৰু মানসিকভাৱে অভিভাৱকৰ সহযোগিতা কিমান প্ৰয়োজনীয় এই সম্পৰ্কে সজাগতা অনাটো নিশ্চিত কৰিব লাগিব৷ মোৰ মনত পৰে, এই পৰীক্ষাত বহিবৰ বাবে মা আৰু দেউতাই মোক আন সকলো কাম-বন এৰি দিবলৈ কৈছিল আৰু সেইবাবেই আজি মই এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ’ব পাৰিছোঁ৷
অসমৰ প্ৰতিষ্ঠিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ছাত্ৰ সংগঠনসমূহে এনে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকলৰ মাজত এক মানসিকতা গঢ়ি তোলাত গুৰুত্ব দিয়াটো উচিত৷ এনে পৰীক্ষাত বিফলতায়ো শিক্ষাৰ্থীসকলক আন বৃত্তি গ্ৰহণ কৰিব পৰাকৈ পৰিপক্ক কৰি তোলে, সেয়ে ক’ব পাৰি যে ইয়াত বিনিয়োগ কৰা সময় অথলে নাযায়৷
এই পৰীক্ষাত লিখনশৈলীও আন এক গুৰুত্বপূৰ্ণ উপাদান৷ শিক্ষাৰ্থীজনে কিমান শব্দ লিখিছে সেই সম্পৰ্কে সজাগ হৈ থকা উচিত৷ মনত ৰাখিবলগীয়া বিষয়টো হ’ল যে ক’চিং চেণ্টাৰে প্ৰাৰ্থীগৰাকীক কেৱল পথহে দেখুৱাব পাৰে৷
এক সৰ্বভাৰতীয় সমীক্ষা অনুসৰি বিগত ৭০ বছৰত অসমৰ পৰা কেৱল ৫৩গৰাকী প্ৰাৰ্থীয়েহে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফল হ’বলৈ সক্ষম হৈছে৷ ১৯৫১ চনৰ পৰা ২০২০ চনলৈ মুঠ ৫,২৫৫গৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ কেৱল ১.১%হে অসমৰ৷ ইয়াৰে মেঘালয়ৰ ০.৬%, অৰুণাচল প্ৰদেশৰ ০.১৮%, নাগালেণ্ডৰ ০.৩৮% আৰু মণিপুৰৰ ০.৭২%৷
অসামৰিক সেৱা হৈছে এক কণ্টকময় পথ আৰু অসমক এনে অসামৰিক সেৱাৰ বিষয়াৰ প্ৰয়োজন যি আমোদ-প্ৰমোদৰ জীৱনৰ পৰা দূৰত থাকি সকলো বাধাৰ সন্মুখীন হব পৰাকৈ সাহসী হয়৷ মোৰ বিশ্বাস যেতিয়া অসমে এই প্ৰতিযোগিতাৰ দুৱাৰখন মুকলি কৰিব পাৰিব তেতিয়াহে কোনো সহানুভূতি অবিহনে বিজ্ঞান আৰু সাংস্কৃতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি ৰাজ্যখনৰ পৰা অসামৰিক সেৱাৰ বিষয়া সংখ্যা বৃদ্ধি পাব৷
এনে বহু প্ৰাৰ্থী আছে যি অধিক প্ৰতিভাশালী, অধিক তীক্ষ্ণ কিন্তু এই পৰীক্ষাত বিফল হৈছে৷ এই সেৱাত আত্মনিয়োগ কৰিবলৈ বিচৰাসকলে প্ৰকৃত বিনম্ৰতাৰে আজীৱন শিকাৰু হিচাপে নিজকে গঢ় দিব লাগিব৷ তেতিয়াহে চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰে অসমক আমি আগুৱাই নিবলৈ সক্ষম হ’ম৷
(দৃষ্টিভংগী ব্যক্তিগত আৰু সম্পাদকৰ দ্বাৰা সম্পাদিত৷ লেখকগৰাকী আইআইটি (এম), আইআইএম(এ)ৰ প্ৰাক্তন ছাত্ৰ আৰু অসম চৰকাৰৰ প্ৰধান সচিব)