মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জাতীয় পতাকাখন উত্তোলনৰ পাছতেই আগন্তুক দিনবোৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া বহুকেইটা পদক্ষেপ উন্মোচিত কৰে৷ দেশৰ ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত সমৱেত জনগণক সম্বোধন কৰি ড॰ শৰ্মাই যুৱ কল্যাণ, শিক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি কয় যে ৰাজ্যখনৰ বিকাশ যাত্ৰা সুনিৰ্দিষ্ট পথত দৃঢ়তাৰে অগ্ৰসৰ হৈছে৷ এই যাত্ৰাপথ সেই বছৰবোৰৰ সম্পূৰ্ণ বিপৰীতমুখী, যি সময়ত ৰাজ্যখনক ব্যৱসায়-বাণিজ্যৰ অনুপযোগী স্থান হিচাপে বিবেচনা কৰা হৈছিল৷ ৰাজ্য চৰকাৰে উপাৰ্জন কৰা ৰাজহৰ পৰা কৰ্মচাৰীসকলক দৰমহা দিবলৈ সক্ষম হোৱাটোৱে এই ইংগিত বহন কৰে যে দেশত যি নতুন অৰ্থনৈতিক ব্যৱস্থাৰ সূচনা হৈছে, তাৰ অধীনত সঠিক অৱস্থানত উপনীত হোৱা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম৷
চৰকাৰী পৰিসংখ্যা অনুসৰি দুবছৰ ধৰি ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ থকা সত্ত্বেও অসমৰ জি এছ টি সংগ্ৰহৰ পৰিমাণ দেশৰ ভিতৰতে সৰ্বাধিক৷ ইয়াৰ দ্বাৰা এক সুস্থিৰ বিত্তীয় গাঁথনি ইতিমধ্যে বিদ্যমান বুলি ধাৰণা হয়৷ তেওঁৰ ভাষণত আন এটা গুৰুত্বপূৰ্ণ তথ্যৰ উল্লেখ আছিল যে ৰাজ্যখনৰ চৰকাৰী ব্যয়ৰ পৰিমাণে ৰ লাখ কোটিৰ সীমা স্পৰ্শ কৰিছে৷ পুনৰাবৃত্তিৰ হয়তো প্ৰয়োজন নাই যে অসমৰ দৰে পলমকৈ উন্নয়ন হোৱা ৰাজ্যত এতিয়াও চৰকাৰেই ব্যৱসায়-বাণিজ্য আৰু সম্ভাৱনা সৃষ্টিৰ মুখ্য বাহক৷ গতিকে, দিছপুৰত থকা চৰকাৰখনৰ এতিয়া কৰণীয় হ’ল ব্যক্তিগত ব্যৱসায়ৰ শুভচিন্তক বা সহায়ক হিচাপে কাম কৰা, ৰাজ্যখনৰ কৌশলগত অৱস্থান আৰু জনশক্তিৰ ক্ষেত্ৰত থকা বিশাল সম্ভাৱনাৰ দিশত বিনিয়োগ কৰা আৰু সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণৰ জৰিয়তে বিনিয়োগৰ অনুকূল এক পৰিৱেশ গঢ় দিয়া৷
বিভিন্ন থলুৱা জাতি-জনগোষ্ঠীৰ বিদ্ৰোহীসকলক মূলসুঁতিলৈ ওভতাই অনাৰ ক্ষেত্ৰত অৰ্জন কৰা সফলতাও তেখেতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সুফল৷ তেওঁৰ বাবে পৰৱৰ্তী বৃহৎ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হ’ব আলফা (স্বাধীন)ক মূলসুঁতিৰ সৈতে সংযোজিত কৰা আৰু তেওঁলোককো ৰাজ্যখনৰ বিকাশ যাত্ৰাৰ অংশীদাৰ কৰা৷