তামুলপুৰৰ মেঘ মায়া নেৱাৰে ২০১৮ চনত প্ৰথমবাৰৰ বাবে অসম লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ তেতিয়াই তেওঁৰ অনুভৱ হৈছিল লোকসেৱাৰ পৰীক্ষাত সফলতাৰ বাবে সঠিক পথ নিৰ্দেশনাৰ প্ৰয়োজন৷ মেঘ মায়া নেৱাৰৰ দৰে ৫৮ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কেইগৰাকীমান মেধাৱী ছাত্ৰ-ছাত্ৰীক লোকসেৱা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ এক ব্যক্তিগত পদক্ষেপ হাতত লৈছে বিধায়ক জলেন দৈমাৰীয়ে৷ এক বিশেষ পৰীক্ষা আয়োজন কৰি নিৰ্বাচিত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীক লোকসেৱা পৰীক্ষাৰ ক’চিং অফলাইন আৰু অনলাইন ক্লাছ বিনামুলীয়াকৈ প্ৰদান কৰা হৈছে৷
বিধায়ক জলেন দৈমাৰীয়ে কয়, “লোকসেৱাৰ জৰিয়তে সমাজৰ বাবে বিশেষ অৱদান আগবঢ়াব পাৰি৷ সেয়ে এই দিশত আমাৰ সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উৎসাহ সৃষ্টি কৰিবলৈ এক বাছনি পৰীক্ষাৰদ্বাৰা সাতগৰাকী ছাত্ৰ-ছাত্ৰীক লোকসেৱা পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ৷” বিধায়কগৰাকীয়ে কয়, “শিক্ষাৰ ক্ষেত্ৰত আমাৰ অঞ্চলত এক জাগৰণ অনাৰ সপোন এটা মই কঢ়িয়াই ফুৰিছোঁ৷”
মেঘ মায়া নেৱাৰে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “মই বেলতলাৰ চিভিল ছাৰ্ভিচ এছিভাৰ পই°টত প্ৰশিক্ষণ লৈ আছোঁ৷ মোৰ হোষ্টেল আৰু পাঠ্যক্ৰমৰ খৰচ বিধায়ক ডাঙৰীয়াই প্ৰদান কৰিছে৷ এয়া বিধায়ক ডাঙৰীয়াৰ মহানুভৱতা৷ তেখেতৰ এই পদক্ষেপে আমাৰ দৰে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে ৰাইজৰ সেৱা কৰিবলৈ প্ৰেৰণা যোগাইছে৷” তেওঁ লগতে কয় যে, “এতিয়া মোৰ প্ৰস্তুতি ভালকৈ চলি আছে৷ আহি থকা অসম লোকসেৱাৰ পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হ’ম৷ ২০১৮ চনত পৰীক্ষাত বহোঁতে মোৰ প্ৰস্তুতি একেবাৰে নাছিল৷ সেই সময়ত প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় কিছুমান বাতৰিকাকতো আমাৰ সীমান্ত অঞ্চলৰ ঠাইখিনিত উপলভ্য নাছিল৷ আজি ৰাজ্যখনৰ ৰাজধানী চহৰখনত থাকি সেই সকলো সুবিধা মই লাভ কৰিছোঁ৷”
“তামুলপুৰ সমষ্টিত কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবেও মই পৰিকল্পনা চলাই আছোঁ,” সমষ্টিত হৈ থকা উন্নয়নমূলক কাম-কাজসমূহৰ বিষয়ে উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, “মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰপ্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সমষ্টিটোৰ পৰিবহণ, যোগাযোগ, শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদি ক্ষেত্ৰত বিভিন্ন উন্নয়নমূলক কাম দ্ৰুতগতিত আগবাঢ়িছে৷ দক্ষতা বিকাশৰ ক্ষেত্ৰতো আমি বিভিন্ন পদক্ষেপ হাতত লৈছোঁ৷”