মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অনুষ্ঠিত অসম বন সুৰক্ষা বাহিনীৰ ‘পাছিং আউট পেৰেড’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
নতুনকৈ প্ৰশিক্ষণ সমাপ্ত কৰা জোৱানসকলৰ দীক্ষান্ত সমাৰোহৰ এই কাৰ্যসূচীৰ ভাষণত তেখেতে কয় যে বিগত তিনি বছৰত ৰাজ্যত মেধা আৰু যোগ্যতাৰ ভিত্তিত সকলো নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছভাৱে অনুষ্ঠিত হৈছে। অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু সদস্যসকলৰ বিৰুদ্ধে ন্যায়ালয়ে গ্ৰহণ কৰা কঠোৰ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ শাস্তিয়ে অসমখন স্বচ্ছতাৰ এক নতুন যুগত প্ৰৱেশ কৰাৰ ইংগিত বহন কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যোগ্যতা আৰু স্বচ্ছতাৰ প্ৰতিফলন হোৱা এই নিযুক্তিসমূহে আমাৰ চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি যুৱক-যুৱতীসকলৰ মাজত বিশ্বাস আৰু আস্থা বৃদ্ধি কৰিছে।”
নৱ নিযুক্তসকলৰ বাবে পাছিং আউট পেৰেড এক গৌৰৱ আৰু কৃতিত্বৰ মুহূৰ্ত বুলি ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক অভিনন্দন জনাই কয়,“শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ সক্ষমতা অৰ্জনৰ বাবে কঠোৰ পৰিশ্ৰমেৰে প্ৰশিক্ষণ লাভ কৰা কনিষ্টবলসকল ৰাজ্যখনৰ এক সম্পদত পৰিণত হৈছে।”
উল্লেখযোগ্য যে ৯৪০গৰাকী নতুন কনিষ্টবলক নিযুক্তি দিয়াৰ লগে লগে অসম বন সুৰক্ষা বাহিনীত নিযুক্তিৰ সংখ্যা বৃদ্ধি পাইছে ১২০%।
এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয় যে মহিলা নিযুক্তিৰ সৈতে অসম বন সুৰক্ষা বাহিনীত নিযুক্তি লাভ কৰা নতুন জোৱানসকলক বেদখল আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰি তোলা হৈছে।
তেখেতে লগতে কয়, “নতুনকৈ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ফলত বন সুৰক্ষাত এক নতুন অধ্যায় সংযোজন হৈছে,” এই কথা সদৰী কৰি তেখেতে ব্যক্ত কৰে যে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসম বন সুৰক্ষা বাহিনীত ৬০০গৰাকী নতুন জোৱান নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।
এই দিশটোৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ মুঠ বন ভূমিয়ে ২৬,৮৩২ বৰ্গ কিল’মিটাৰ আৱৰি আছে আৰু এই সংখ্যাই ৰাজ্যখনৰ মুঠ ভৌগোলিক এলেকাৰ ৩৪.২১%ক প্ৰতিফলিত কৰে।
“৭খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৭খন বন্যপ্ৰাণী অভয়াৰণ্যৰে সমৃদ্ধ অসমভূমি জৈৱ-বৈচিত্ৰ্যৰ লগতে বন্যপ্ৰাণীৰে চহকী ৰাজ্য। এই বন্যপ্ৰাণীসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বন সুৰক্ষা বাহিনীত বহুসংখ্যক কৰ্মীৰ প্ৰয়োজন,” মুখ্যমন্ত্ৰীয়ে কয়।
১৯৮৪ চনত প্ৰথম অসম বন সুৰক্ষা বাহিনী গঠন কৰা হৈছিল।