উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত ছোৱালী শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰাৰ লগতে বাল্য বিবাহৰ দৰে কু-প্ৰথাক ৰোধ কৰাৰ দিশত এক পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘মুখ্যমন্ত্ৰী নিযুত মইনা’ শীৰ্ষক এখন আঁচনিৰ ঘোষণা কৰে৷ এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীক অহা পাঁচ বছৰলৈ মাহিলি আৰ্থিক সহায় আগবঢ়াব৷
আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ বাবদ ৰাজ্যৰ ৰাজকোষৰপৰা অহা পাঁচ বছৰত ১,৫০০ কোটি টকা ব্যয় হ’ব আৰু এই কল্যাণকামী পদক্ষেপৰ জৰিয়তে প্ৰায় ১০ লাখ ছাত্ৰী উপকৃত হোৱাৰ সম্ভাৱনা আছে৷ আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে প্ৰথম বছৰত চৰকাৰে ৩০০ কোটি টকাৰ আবণ্টন কৰিছে৷
ৰাজ্যখনত বাল্য বিবাহ ৰোধ কৰি ছোৱালীসকলৰ শিক্ষা সুনিশ্চিত কৰাৰ বিষয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰিছে৷ তেখেতে কয় যে ছাত্ৰীসকলৰ অপ্ৰাপ্তবয়স্ক বিবাহৰ দৰে সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু তেওঁলোকক স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিবলৈ এই আঁচনিখনৰ ৰূপায়ণত গুৰুত্ব দিয়া হৈছে৷
আঁচনিখনৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে প্ৰতিমাহে ১,০০০ টকা, স্নাতক অধ্যয়নৰত ছাত্ৰীৰ বাবে ১,২৫০ টকা আৰু বি এড, স্নাতকোত্তৰ অধ্যয়ন কৰাসকলৰ বাবে ২,৫০০ টকাৰ আৰ্থিক সহায় নিৰ্ধাৰণ কৰা হৈছে৷ আঁচনিৰ ধনৰাশি অক্টোবৰৰ পৰা আৰম্ভ কৰি প্ৰতি মাহৰ ১১ তাৰিখে সকলো হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি)ৰ জৰিয়তে বিতৰণ কৰা হ’ব৷ গ্ৰীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত জুন আৰু জুলাই মাহৰ বাহিৰে প্ৰতি বছৰে আন ১০টা মাহতেই এই আৰ্থিক সাহায্য বিতৰণ কৰা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ এই সহায়ে ছাত্ৰীসকলক আৰ্থিকভাৱে টনকিয়াল কৰি তুলিব৷ তদুপৰি এই আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক সকাহ প্ৰদান কৰি তেওঁলোকৰ কন্যা সন্তানসকলৰ উচ্চ শিক্ষা সুনিশ্চিত কৰিব৷
‘‘এই আঁচনিখন ৰূপায়ণৰ জৰিয়তে আমি বাল্য বিবাহ ৰোধ কৰি ছোৱালীসকলক শিক্ষিত কৰাৰ দায়িত্ব ল’ব বিচাৰোঁ৷ ইয়াৰ জৰিয়তে অভিভাৱক বা পিতৃ-মাতৃৰ আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস পাব,” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়৷
তেখেতে সদৰী কৰে, “বাল্য বিবাহৰ বিৰুদ্ধে এই আঁচনি হৈছে এক আশীৰ্বাদস্বৰূপ৷ এই আঁচনিখনৰ ৰূপায়ণৰ ফলত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত ছোৱালীৰ মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহৰ নামভৰ্তিৰ সময়ত ১ জুলাইৰ পৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰাৰ বিপৰীতে বিশ্ববিদ্যালয়সমূহত ১ ছেপ্টেম্বৰৰ পৰা প্ৰপত্ৰ বিতৰণ কৰা হ’ব৷ তদুপৰি মুখ্যমন্ত্ৰী নিযুত মইনা প’ৰ্টেলৰ পৰাও প্ৰপত্ৰ ডাউনল’ড কৰিব পাৰিব৷
কোনো হিতাধিকাৰীয়ে যদি উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰি থকাৰ সময়ত বিবাহত আবদ্ধ হয়, তেন্তে তেওঁৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ’ব৷ কিন্তু স্নাতকোত্তৰ পৰ্যায়ত বিয়া হ’বলৈ ইচ্ছুক ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷
“ছোৱালী শিক্ষাৰ্থীক স্বাৱলম্বী কৰি স্নাতক হোৱালৈকে শিক্ষা গ্ৰহণ অব্যাহত ৰাখিবলৈ এই আঁচনিখনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মন্ত্ৰী, বিধায়ক, সাংসদৰ কন্যা আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ছাত্ৰীৰ বাহিৰে সকলো ছোৱালী শিক্ষাৰ্থীকে আঁচনিখনত সামৰি লোৱা হৈছে৷
আঁচনিখনৰ অধীনত দ্বিতীয় বছৰৰ পৰা আবেদন দাখিল কৰাৰ প্ৰয়োজন নাই৷ প্ৰপত্ৰখনত অভিভাৱক, মহাবিদ্যালয়ৰ অধ্যক্ষ বা মুৰব্বীয়েও স্বাক্ষৰ কৰিব লাগিব৷
“বিবাহিত ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব৷ যিসকল বিবাহিতাই স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে, তেওঁলোকৰ বাবে অৱশ্যে সেই নিয়ম প্ৰযোজ্য নহ’ব৷ তেওঁলোকে এই আঁচনিৰ সুফল লাভ কৰিব পাৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
তেখেতে লগতে কয়, “আঁচনিখনৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট আচৰণ বিধি আৰু শৈক্ষিক বিধি নিৰ্ধাৰণ কৰা হৈছে৷ অনিয়মিত উপস্থিতি বা ৰেগিঙৰ দৰে অনৈতিক কাৰ্যত জড়িত ছাত্ৰীসকলক এই আঁচনিৰ বাবে অযোগ্য বিবেচনা কৰা হ’ব৷ তদুপৰি আধাতেই শিক্ষা গ্ৰহণ সমাপ্ত কৰা ছাত্ৰীসকল এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ’ব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মেধাৰ ভিত্তিত ‘প্ৰজ্ঞান ভাৰতী’ আঁচনিৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকলে আঁচনিৰ সুবিধা ল’ব নোৱাৰিব৷ অৱশ্যে কোনো বিশেষ ছাত্ৰীৰ অভিভাৱকে তেওঁলোকৰ কন্যাই স্কুটাৰৰ পৰিৱৰ্তে এই আঁচনিখনৰ অধীনত আৰ্থিক সাহায্য লাভ কৰাটো বিচাৰে, তেন্তে সেইগৰাকী ছাত্ৰী নিযুত মইনা আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ’ব৷ ছাত্ৰীসকলে ইয়াৰ যিকোনো এখন আঁচনিৰহে সুবিধা লাভ কৰিব পাৰিব,” ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়৷