অসমৰ ঐতিহ্যমণ্ডিত চাহ উদ্যোগ খণ্ডলৈ চাহ শ্ৰমিক-কৰ্মচাৰীসকলে অনৱদ্য অৱদান আগবঢ়াই আহিছে। তেওঁলোকৰ এই অৱদানৰ প্ৰতি স্বীকৃতি জনাই অসম চৰকাৰে এখন বিশেষ আঁচনি ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে।
‘মুখ্যমন্ত্ৰীৰ এটি কলি, দুটি পাত’ শীৰ্ষক আঁচনিৰ জৰিয়তে চাহ বাগিচাত কৰ্মৰত স্থায়ী আৰু অস্থায়ী কৰ্মীসকলক এককালীনভাৱে ৫,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব। এই আঁচনিৰ দ্বাৰা প্ৰায় ৭ লাখ চাহ বাগিচাৰ কৰ্মচাৰী উপকৃত হ’ব। শেহতীয়াকৈ এই আঁচনি ৰূপায়ণৰ বাবে অসম কেবিনেটে ৩৪২ কোটি টকাৰ বিত্তীয় আবণ্টনত অনুমোদন জনাইছে।
আঁচনিৰ সুফল প্ৰাপ্তি কৰিবলৈ কৰ্মীসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু অসমৰ পঞ্জীয়নভুক্ত চাহ বাগিচাৰ কৰ্মীসকলক আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। তদুপৰি তেওঁলোকৰ আধাৰ সংলগ্ন বেংক একাউণ্ট থকাটো বাঞ্ছনীয়। কিন্তু ২০২৫-২৬ বৰ্ষত একেধৰণৰ সাহায্য লাভ কৰা ব্যক্তিসকল এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত নহ’ব। চাহ বাগিচাৰ স্বত্বাধিকাৰী, পৰিচালনা কৰ্তৃপক্ষ তথা ক্ষুদ্ৰ চাহ খেতিয়কসকলো এই আঁচনিৰ অন্তৰ্ভুক্ত নহয়। চৰকাৰী কৰ্মচাৰী, আয়কৰ প্ৰদানকাৰী আৰু চৰকাৰী সংস্থাৰ চুক্তিভিত্তিক কৰ্মচাৰীসকলেও এই আঁচনিৰ সুফল লাভ নকৰে।
আঁচনিখনৰ সন্দৰ্ভত ডুমডুমা সমষ্টিৰ বিধান নন্দই কয় যে বৰ্তমান চাহ বাগিচাৰ লাইনসমূহলৈ গৈ চাহ শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰি থকা হৈছে যাতে যোগ্য হিতাধিকাৰীসকল এই আঁচনিৰ পৰা বঞ্চিত নহয়। ডুমডুমা সমষ্টিত সকলোৱে এই আঁচনিখনৰ শলাগ লৈছে।









