মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত দেশৰ গৌৰৱোজ্জ্বল ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰি ভাষণত কয় যে চলিত বৰ্ষৰ শেষৰ ফালে ৰাজ্যখনৰপৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব৷ তেখেতে লগতে উল্লেখ কৰে যে ৰাজ্যৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত আঠখন জিলাত সীমিত হৈ থকা এই আইনখন প্ৰত্যাহাৰ কৰা হ’ব৷
“মই ৰাজ্যবাসীক আশ্বাস দিব বিচাৰোঁ যে এই বছৰৰ শেষৰ ফালে অসমৰ প্ৰতিখন জিলাৰপৰা আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে আমি ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিম৷ সেয়া হ’ব অসমৰ ইতিহাসৰ বাবে এক ‘অমৃতময়’ সময় আৰু আমি সেই দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ,” তেখেতে ভাষণত উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৫.৫ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ জৰিয়তে অসমৰ বিগত কেইটামান বছৰৰ উন্নয়নৰ ৰূপৰেখাৰ উমান পোৱা গৈছে৷ ৰাজ্যত ব্যাপক বিনিয়োগৰ সুযোগ-সুবিধা সৃষ্টিৰ বাবে ২০২৪ বৰ্ষত বৃহৎ বিনিয়োগ সন্মিলনৰ পৰিকল্পনা কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ়কৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে৷ “আমাৰ ধান ক্ৰয় পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ ৭১ হাজাৰৰো অধিক কৃষক উপকৃত হৈছে৷ এইসকল কৃষকক আমি ২,৪৮২ কোটি টকা প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ৷ ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ গতি ক্ষিপ্ৰ হৈছে৷” ইয়াৰ লগতে তেখেতে তৈল খেজুৰৰ খেতিৰদ্বাৰা ৰাজ্যখনৰ কৃষিখণ্ড নতুন ৰূপত উজলি উঠিব বুলি মন্তব্য প্ৰকাশ কৰে৷
মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বহু বিবাহৰ অন্ত পেলাবলৈ এক ফলপ্ৰসূ আইন প্ৰণয়নৰ ব্যৱস্থা গ্ৰহণৰ বিষয়েও ভাষণত উল্লেখ কৰে৷ তেখেতে কয়, “ৰাজ্যত বহু বিবাহৰ অন্ত পেলাবলৈ আমি এক কঠোৰ আইন প্ৰণয়নৰ সিদ্ধান্ত লৈছোঁ৷ এইক্ষেত্ৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনৰ অধ্যক্ষতাত আমি এখন বিশেষজ্ঞ সমিতি গঠন কৰিছোঁ৷”
ৰাজ্যৰ কন্যা সন্তানসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ্থে মুখ্যমন্ত্ৰীয়ে ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত বাল্য বিবাহ সমাপ্তিকৰণৰ প্ৰতিশ্ৰুতিৰ কথা কয়৷
“আমি ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰিছিলোঁ৷ এই অভিযানৰ অধীনত প্ৰায় ৪ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল৷ আমি চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে আন এক অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ,” ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰপৰা দুৰ্নীতিৰ প্ৰভাৱ দূৰ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ উৎকোচ দাবী কৰা আৰু গ্ৰহণ কৰাৰ অভিযোগত ১২৭ গৰাকী চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ উদাহৰণ দাঙি ধৰি ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “তেওঁলোকক চৰকাৰী সেৱাৰপৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে৷ আমাৰ চৰকাৰৰ কাৰ্যকালৰ অন্তিম সময়লৈকে অসমৰপৰা দুৰ্নীতি দূৰীকৰণৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব৷”
মুখ্যমন্ত্ৰীয়ে সমগ্ৰ শিক্ষা অভিযান আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত টেট শিক্ষকৰ নিযুক্তি শীঘ্ৰে নিয়মীয়াকৰণ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ সমান্তৰালকৈ হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলৰো চাকৰি অতি সোনকালে নিয়মীয়াকৰণৰ বাবে ফলপ্ৰসূ ব্যৱস্থা লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷
যোৱা দুটা বছৰত পথ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত অসম বহুদূৰ আগুৱাই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত কয়৷ তেখেতে উল্লেখ কৰে যে ১৩,৬০০ কিল’মিটাৰ পথ যোগাযোগ ব্যৱস্থাৰ বিকাশ সাধনৰ লগতে বহু গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নাৰেংগী-কুৰুৱা দলঙৰ লগতে গুৱাহাটী ৰিং ৰ’ড আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩২ কিল’মিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ আদি উল্লেখযোগ্য৷ তদুপৰি মুখ্যমন্ত্ৰীয়ে অসম মালা প্ৰকল্পৰ অধীনত গুৰুত্বপূৰ্ণ পথ উন্নীতকৰণৰ সৈতে অৰ্থনৈতিক কৰিড’ৰ নিৰ্মাণৰ বাবে ৫,০০০ কোটি টকা বিনিয়োগ কৰাৰ কথা কয়৷
সামাজিক সুৰক্ষা আৰু দৰিদ্ৰতা নিৰাময়ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ‘আয়ুষ্মান অসম’ নামৰ স্বাস্থ্য নিশ্চয়তা আঁচনিখনে ৰেচন কাৰ্ড থকা পৰিয়ালক বছৰি ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ ইয়াৰ লগতে খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচন কাৰ্ড লাভ কৰাৰ বাবে পৰিয়ালৰ বছৰি উপাৰ্জনৰ পৰিমাণ পূৰ্বৰ ২.৫ লাখ টকাৰপৰা ৪ লাখ টকালৈ বৃদ্ধি কৰাৰ পদক্ষেপৰ কথাও মুখ্যমন্ত্ৰীয়ে কয়৷
তেখেতে ভাষণত ঘোষণা কৰে যে ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ আসনৰ ব্যৱস্থাৰে মহান স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ নামত শীঘ্ৰে এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব৷
বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণেৰে ৰাজ্যৰ অৰ্থনীতিৰ বিকাশৰ ধাৰা ত্বৰান্বিতকৰণৰ বিষয়ে ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা তিনি বছৰত সমগ্ৰ ৰাজ্যতে ১০ কোটি বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হ’ব৷ এই পদক্ষেপৰ অংশ হিচাপে চলিত বৰ্ষৰ ১৭ ছেপ্টেম্বৰত এক কোটি গছপুলি ৰোপণৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে৷