মোৰ প্ৰাণত অসমী আই
মোৰ মনত ভাৰতী আই
মোৰ তেজত অসমী আই
মোৰ উশাহত ভাৰতী আই
ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ
সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস
কেৱল মোৰ আইৰ বাবে
পৰম শ্ৰদ্ধাৰ অসমবাসী,
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু আন্তৰিক সহযোগিতাৰ বাবেই আমাৰ চৰকাৰখনে সফলতাৰে এটা বছৰ জনতাৰ সেৱাত উৎসৰ্গিত কৰিব পাৰিছে। মই বিশ্বাস কৰোঁ যে নিৰন্তৰ প্ৰচেষ্টাৰে আমি এটি সন্তোষজনক আৰম্ভণি কৰিব পাৰিছোঁ। অৱশ্যে, অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত এখন উল্লেখযোগ্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ এতিয়াও আমি বহুদূৰ আগুৱাই যাব লাগিব।
প্ৰথমটো কাৰ্যকালৰ আৰম্ভণিৰে পৰাই মানৱীয় প্ৰমূল্যবোধক সন্মান জনাই উন্নয়নৰ ধাৰা অবিৰত ৰখাটোৱে হৈছে আমাৰ মূলমন্ত্ৰI তেতিয়াৰে পৰা আমাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত আছে আৰু আমাৰ প্ৰতিশ্ৰুতি পূৰণৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছেI
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলক “বিকাশৰ এক নতুন ইঞ্জিন” হিচাপে আখ্যা দিছে। তেখেতৰ এই সুদূৰপ্ৰসাৰী চিন্তাৰে অনুপ্ৰাণিত হৈ আমি আপোনাসৱৰ প্ৰত্যাশাবোৰ পূৰণ কৰি অসমৰ উন্নয়নৰ যাত্ৰাক এক নতুন গতি প্ৰদানৰ চেষ্টা কৰি আহিছোঁI কেন্দ্ৰীয় চৰকাৰেও অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত বিশেষ দৃষ্টি নিক্ষেপ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বছৰটোত ৩৩গৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যখনলৈ আহিছে। মেঘালয়ৰ সৈতে থকা আমাৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ অন্ত পেলাই এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত কৰা হ’ল। একেই উদ্দেশ্যে আন সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সৈতেও আলাপ-আলোচনা অব্যাহত আছে।
কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়া ক’ভিড অতিমাৰীৰ প্ৰভাৱকো আমি অতিক্ৰম কৰি আহিছোঁ। ক’ভিড যোদ্ধা আৰু ৰাজ্যৰ স্বেচ্ছাসেৱকসকলৰ একান্ত প্ৰচেষ্টাই ক’ভিডৰ দ্বিতীয়টো ঢৌৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াত আমাক সহায় কৰিছেI টিকাকৰণ আৰু সজাগতা অভিযানক সঁজুলি হিচাপে লৈ ইয়াৰ সঠিক ব্যৱহাৰৰ নিদৰ্শন দাঙি ধৰিবলৈ আমাৰ চৰকাৰখন সক্ষম হৈছে। এইক্ষেত্ৰত মোৰ সন্দেহ নাই যে দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত আমি বহু বেছি দক্ষতাৰে ক’ভিড পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ। অভাৱগ্ৰস্তসকলক আৰ্থিক সকাহ প্ৰদান কৰাৰ লগতে ক’ভিডত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ পৰিয়ালক আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ পদক্ষেপটি ব্যাপকভাৱে প্ৰশংসিত হৈছে।
এই সকলোৰে মাজতো কিন্তু আমাৰ চৰকাৰখন উন্নয়নমুখী যাত্ৰাৰ পৰা বিচলিত হোৱা নাছিল। আন্তঃগাঁথনি উন্নয়ন, ৰাজহুৱা খণ্ডৰ প্ৰকল্পসমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লগতে প্ৰক্ৰিয়াগত হেঙাৰসমূহ আঁতৰোৱাৰ উদ্দেশ্যে বিত্তীয় ক্ষমতা হস্তান্তৰকৰণৰ এক সংশোধনীমূলক ব্যৱস্থা হাতত লোৱা হৈছে। ইয়াৰ ফলস্বৰূপে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হৈছে। ক’ভিড লকডাউনৰ কঠিন সময়ছোৱা অতিক্ৰম কৰিও আমি এই অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। ই আমাক নুমলীগড় শোধনগাৰ(NRL)ত বিনিয়োগৰ পৰিমাণ ১২.৩৫%ৰ পৰা ২৬%লৈ বৃদ্ধি কৰি ২,১৮৭ কোটি টকা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। শক্তি খণ্ডৰ সংশোধিত ব্যৱস্থাই ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
আমি যুৱপ্ৰজন্মক এক লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছোঁ। উমৈহতীয়া ন্যূনতম অৰ্হতাৰ প্ৰয়োজন হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে একক মকৰল প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে, যাতে প্ৰাৰ্থীসকলে পদসমূহৰ কাৰণে পৃথককৈ আবেদন কৰিবলগীয়া নহয়।
ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে “মিছন বসুন্ধৰা”ৰ দৰে ব্যতিক্ৰমী পদক্ষেপ আৰম্ভ কৰা হৈছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা প্ৰায় বিছ লাখলৈ বৃদ্ধি কৰা হৈছে।
আমি জানো যে উন্নয়নমুখী যাত্ৰা তেতিয়াহে সম্ভৱপৰ যেতিয়া ৰাজ্যখনত শান্তি-শৃংখলা অটুট থাকে। DNLA, ULB, NLFBৰ দৰে বিদ্ৰোহী সংগঠনে অস্ত্ৰ সম্বৰণ কৰিছে আৰু বড়ো শান্তি চুক্তি, ২০২০ৰ দফাসমূহৰ কাৰ্যকৰীকৰণ আৰম্ভ কৰা হৈছে। বিভিন্ন মঞ্চৰ পৰা মই আলফা স্বাধীনক মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছোঁ। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি সদায় আশাবাদী।
সু-শাসন প্ৰতিষ্ঠাৰ হকে আমি প্ৰশাসনীয় ব্যৱস্থাটোৰ সংস্কাৰ সাধন কৰিছোঁ। পৰামৰ্শ ভিত্তিক দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যে প্ৰতি সপ্তাহতে কেবিনেট বৈঠক অনুষ্ঠিত কৰা হৈছে। চৰকাৰী কাম-কাজসমূহৰ সফল ৰূপায়ণৰ বাবে জিলাসমূহৰ অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিবসকল অধিক তৎপৰ হৈছে। তামুলপুৰক এখন নতুন জিলা হিচাপে স্বীকৃতি দিয়াৰ লগতে কামৰ সাদৃশ্য থকা বিভাগসমূহক একেলগ কৰি কাৰ্যব্যৱস্থাটোক অধিক সহজ আৰু জনমুখী কৰিবলৈ আমি নিষ্ঠা সহকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।
ড্ৰাগছ আৰু পশু সৰবৰাহৰ ওপৰত চলা আমাৰ অভিযান ব্যাপকভাৱে সফল হৈছে আৰু মই দায়িত্ব সহকাৰে কৈছোঁ যে এই অভিযান থমকি নৰয়। অসমৰ প্ৰতিজন অভিভাৱক, বিশেষকৈ প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক লৈ নিৰ্ভয়ে আৰু নিশ্চিন্তে থকাটো আমি কামনা কৰোঁ।
প্ৰকৃতাৰ্থত ৰাজ্য এখনৰ ইতিবাচক ৰূপান্তৰৰ বাবে বা চৰকাৰ এখনৰ পাৰদৰ্শিতা নিৰূপণ কৰিবলৈ এবছৰকাল পৰ্যাপ্ত সময় নহয়। তথাপি আমি এক কৰ্মময় যাত্ৰাৰ আৰম্ভণি কৰাৰ প্ৰয়াস কৰিছোঁ।
আপোনালোকলৈ সেৱা আগবঢ়োৱাৰ সুযোগ দি আমাৰ ওপৰত নিৰন্তৰ আস্থা আৰু বিশ্বাস ৰখাৰ বাবে সকলোকে মই হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক, আমি একেলগে ভাৰতবৰ্ষৰ বিকাশৰ যাত্ৰাত অসমক অগ্ৰণী কৰি ৰখাৰ বাবে সংকল্প লওঁ।
হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী, অসম চৰকাৰ