আমাৰ কন্যা সন্তানসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে অসমত এক সুস্থ পৰিৱেশ গঢি তুলিবলৈ গ্ৰহণ কৰা আমাৰ প্ৰচেষ্টাই সুফল দিবলৈ আৰম্ভ কৰিছে৷ বিভিন্ন মহলে ইয়াৰ বিৰোধিতা কৰা সত্ত্বেও ৰাজ্যখনত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইন (প’ক্স’), ২০১২ আৰু বাল্য বিবাহ বিৰোধী আইন, ২০০৬ৰ ধাৰাসমূহ অধিক তীব্ৰতাৰে ৰূপায়ণ কৰিবই লাগিব৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ত প্ৰকাশিত তথ্যই সকলোকে বিচলিত কৰি তুলিছে৷ তথাপি একাংশই আমাৰ এই অভিযানত বাধাৰ সৃষ্টি কৰিবলৈ বিচৰাটো মোৰ বোধগম্যতাৰ বাহিৰত৷
এই বাৰ্তা লিখাৰ পূৰ্বে মই বহুকেইগৰাকী দায়িত্বশীল ব্যক্তি আৰু সংস্থাৰ পৰা জানিবলৈ পাইছোঁ যে আমাৰ চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা অভিযানৰ প্ৰতি সঁহাৰি জনাই বহুতো পৰিয়ালে তেওঁলোকৰ নাবালক পুত্ৰ-কন্যাৰ নিৰ্ধাৰিত বিবাহৰ দিন বাতিল কৰিছে৷ তদুপৰি, আমি উপায়ুক্তসকলৰ নিৰ্ণায়ক আৰু কৌশলগত হস্তক্ষেপৰ জৰিয়তে আৰক্ষীৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছোঁ৷ সংবেদনশীল অঞ্চলসমূহ চিনাক্ত কৰাৰ পাছত শিশু বন্ধুত্বসুলভ গাঁও পঞ্চায়তৰ জৰিয়তে বাল্য বিবাহৰ কু-প্ৰভাৱৰ বিষয়ে আমি ৰাইজক সজাগ আৰু সচেতন কৰাৰ কামো সমান্তৰালকৈ অব্যাহত ৰাখিছোঁ৷
প্ৰয়োজন অনুসৰি আমি এই সজাগতামূলক কাৰ্যসূচীসমূহ অব্যাহত ৰাখিবলৈ আগ্ৰহী যদিও, মই পুনৰবাৰ উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে যদি বাল্য বিবাহৰ নিৰ্দেশনাসমূহ উলংঘা কৰা হয়, তেন্তে প্ৰশাসনৰ পৰা কোনোধৰণৰ সহনশীলতা আশা কৰাটো অনুচিত হ’ব৷ সজাগতা অভিযানটো সমাজৰ সকলোৰে কল্যাণৰ অৰ্থে পৰিকল্পনা কৰা হৈছে আৰু সেইবাবে ইয়াক ৰাজনৈতিক বা ধৰ্মীয় দৃষ্টিভংগীৰে বিচাৰ নকৰিবলৈ মই ৰাইজৰ প্ৰতি অনুৰোধ জনাইছোঁ৷
জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে হোৱা আলোচনাত, আমি ২০২৬ চনৰ ভিতৰত এই অশুভ প্ৰথাক নিৰ্মূল কৰি এক সুস্থ আৰু শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ পণ লৈছোঁ৷ আমাক পাৰ্যমানে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ মই ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছোঁ৷ বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু সমাজখনক এই ব্যাধিৰ পৰা মুক্ত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ৷
যোৱা মাহত উত্থাপন কৰা কেন্দ্ৰীয় বাজেট ২০২৩-২৪য়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা আৰু নিৰন্তৰ সমৰ্থনকে পুনৰবাৰ প্ৰতিফলিত কৰিছে৷ ইয়াত নিৰ্দিষ্ট বিষয়সমূহৰ বিস্তাৰিত বৰ্ণনা কৰাটো সম্ভৱ নহয়৷ কেন্দ্ৰীয় বাজেটত অগ্ৰাধিকাৰ দিয়া ‘সপ্তঋষি’ কাৰকে অষ্টলক্ষী অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যত দ্ৰুত বিকাশৰ সূচনা কৰিব বুলি ক’লেই হয়তো যথেষ্ট হ’ব৷ মোৰ দৃষ্টিত ই এক দূৰদৰ্শী কেন্দ্ৰীয় বাজেট যি এখন উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ অগ্ৰগামী গতিক ত্বৰান্বিত কৰিব৷ আবণ্টনৰ ক্ষেত্ৰত আমি সংকীৰ্ণতা ত্যাগ কৰিব লাগিব৷ কিয়নো, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ নহ’লে, কেৱল অসমৰ উন্নয়নে কেতিয়াও সম্পূৰ্ণৰূপে আমাৰ আকাংক্ষিত গৌৰৱক পূৰ্ণতা প্ৰদান নকৰে৷ একেদৰে যেতিয়ালৈকে দেশৰ সামগ্ৰিক বিকাশ সাধন নহয়, কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে আমাক এই মহান দেশখনৰ নাগৰিক হিচাপে কিছু হ’লেও হতাশ কৰিব৷
১ লাখ চৰকাৰী নিযুক্তি সৃষ্টিৰ লক্ষ্য পূৰণ কৰাৰ দিশত আমাৰ প্ৰচেষ্টা প্ৰায় নিৰ্ণায়ক পৰ্যায়ত আছে৷ এই লক্ষ্য মাথোঁ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি নাছিল৷ এই প্ৰতিশ্ৰুতিত নিহিত আছিল এক সুৰক্ষিত বিত্তীয় বিকাশ আৰু বৰ্ধিত ৰাজহ সংগ্ৰহৰ প্ৰত্যাশা৷ বৰ্ধিত ৰাজহ সংগ্ৰহ সম্পৰ্কে আমি চৰকাৰ চলোৱাৰ দায়িত্ব লাভ কৰাৰ সময়তে এক প্ৰকাৰে ভৱিষ্যদ্বাণী কৰিছিলোঁ৷ ৰাজহৰ এই শ্ৰীবৃদ্ধিয়ে আমাৰ চৰকাৰখনৰ সক্ষমতাৰ উমান দিয়াৰ লগতে আমাক একেই দৃষ্টিভংগীৰে আগুৱাই যোৱাৰ ইংগিত প্ৰদান কৰিছে৷ মই আশাবাদী যে অহা মে’ মাহত আমি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নিযুক্তিৰ বিষয়ে ঘোষণা কৰিবলৈ সক্ষম হ’ম৷ ইয়াৰ ফলত কেৱল নিয়োগ সৃষ্টিয়ে নহয়, ৰাজ্যখনৰ কঠোৰ পৰিশ্ৰমী যুৱক-যুৱতীসকলৰ বাবে জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ বাটো মুকলি হ’ব, যাক লৈ আমি সকলোৱে গৌৰৱান্বিত হ’ব পাৰিম৷ মই বিশ্বাস কৰোঁ যে উদ্দেশ্য স্থিৰ হ’লে, সকলো কৰ্মই সফল হৈ উঠে৷
অহা ১৪ এপ্ৰিলত, অসমৰ এক বিশেষ স্থানত ১১,১৪০গৰাকী নাচনীয়ে ঢোল-তালৰ মাতত মুখৰিত পৰিৱেশত এক অনন্য অভিলেখ গঢ়িব৷ এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলাই অহা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উষ্ম আদৰণি জনোৱা হ’ব৷ এনে বিশাল পৰিসৰৰ অনুষ্ঠান এটি সফলতাৰে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সকলো প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে৷ এই কাৰ্যসূচীয়ে অসমক বিশ্বৰ প্ৰেক্ষাপটত উজ্জ্বল কৰাৰ লগতে আমাৰ বাপতিসাহোন বিহুটিকো এক সুকীয়া মৰ্যাদা প্ৰদান কৰিব৷
ফেব্ৰুৱাৰী মাহত, হলিউডৰ প্ৰখ্যাত অভিনেতা লিঅ’নাৰ্ড’ ডি কেপ্ৰিঅ’ই গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ বিশেষ অভিযান আৰু এই আপুৰুগীয়া প্ৰাণীবিধক চোৰাং চিকাৰৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টাক এক উল্লেখনীয় উদাহৰণ হিচাপে অভিহিত কৰি সামাজিক মাধ্যমত মত প্ৰকাশ কৰিছিল৷ মই উনুকিয়াবলৈ বিচাৰিম যে বন্যপ্ৰাণী সংৰক্ষণ কৰাটো আমাৰ দেশৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংশ মাথোঁ৷ আমাৰ চৰকাৰে ইয়াক এটি সাফল্য হিচাপেই গণ্য কৰি আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষিত আৰু সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত প্ৰচেষ্টাৰে কাম কৰি যাব৷ আমি অসম গৌৰৱ এটা খৰ্গৰ গঁড়ৰ বাবে কি কৰিছোঁ তাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ৰাজ্যবাসীৰ হৈ মই তেখেতক অসমলৈ আমন্ত্ৰণ জনাইছোঁ৷
আমি কেৱল প্ৰকৃতি সংৰক্ষণ আৰু সাংস্কৃতিক ক্ষেত্ৰতে সফল হৈছোঁ, এনে নহয়৷ কৃষিক্ষেত্ৰতো আমি ক্ৰমাগতভাৱে সফলতা অৰ্জন কৰি আছোঁ৷ ৰাজ্যখনে শেহতীয়াকৈ নূন্যতম সমৰ্থন মূল্যত (এমএচপি) ২ লাখ মেট্ৰিক টন ধান সংগ্ৰহৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যখনৰ ১৯৫টা কেন্দ্ৰত প্ৰায় ২২,৮৪৩ গৰাকী কৃষকে আমাৰ সৈতে এই প্ৰক্ৰিয়াত যোগদান কৰিছে৷ এই ধাৰা অব্যাহত থাকিলে মই আশাবাদী যে ২০২৩ বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ১০ লাখ মেট্ৰিক টন উৎপাদনৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷ কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে আমি দৃঢ়তাৰে আৰু আন্তৰিকতাৰে কাম কৰি আছোঁ৷