• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা (ডিচেম্বৰ-২০২২)

ড° হিমন্ত বিশ্ৱ শৰ্মা

December 2, 2022
in অসমীয়া, মুখ্যমন্ত্ৰীৰ বাৰ্তা
0
0
Musings of a Chief Minister

অসমৰ গৌৰৱময় ইতিহাসৰ অন্যতম মহানায়ক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই৷ এই উদযাপন কেৱল অসমৰ নাছিল, এয়া আছিল সমগ্ৰ দেশৰ অংশগ্ৰহণেৰে এক ৰাষ্ট্ৰীয় উদযাপন৷ সেনাপতি লাচিত বৰফুকন, যি নিজৰ বীৰত্বৰ গাথা ভাৰতৰ ইতিহাসত সোণালী আখৰৰে লিখি থৈ গৈছে৷ মই নিশ্চিত যে আমাৰ এই আয়োজনে দেশবাসীক লাচিতৰ দেশপ্ৰেমৰ বিষয়ে অৱগত কৰাত সহায় কৰিলে৷ ইতিহাসৰ ক্ষেত্ৰত পক্ষপাতিত্ব হোৱাৰ অনেক উদাহৰণ আছে, সেয়ে হয়তো যোৱা ৩৫০ বছৰে লাচিতৰ বীৰত্বৰ কথা ভাৰতৰ ইতিহাসৰ পৰা বাদ পৰি ৰ’ল৷ ইতিহাসৰ এই ত্ৰুটি সংশোধন কৰিবলৈ মই সংকল্পবদ্ধ৷ নতুন দিল্লীৰ বৰ্ণাঢ্য কাৰ্যসূচীয়ে আমাক নিশ্চিত কৰিলে যে কেন্দ্ৰীয় চৰকাৰ, বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া অসমৰ জনসাধাৰণৰ কাষত আছে৷ আমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহেও লাচিতৰ এই জয়ন্তী বিশাল পৰিসৰত উদযাপন কৰাটো অসমবাসীৰ বাবে আনন্দৰ বিষয়৷ এনেধৰণৰ পদক্ষেপসমূহে শিক্ষাৰ্থীসকলক আমাৰ দেশৰ প্ৰতি থাকিবলগীয়া দায়িত্ববোধ, কৰ্তব্যপৰায়ণতা আৰু সাহসৰ বিষয়ে সোঁৱৰাই তুলিব৷ মই আপোনাসৱক গৌৰৱেৰে জনাওঁ যে এই উদযাপনক অধিক আকৰ্ষণীয় কৰি তুলিবলৈ আমাৰ প্ৰশাসনিক বিষয়া আৰু মোৰ কেবিনেট সতীৰ্থসকলেও প্ৰশংসনীয় প্ৰস্তুতি চলাইছিল৷ মই দেশৰ সকলো মুখ্য দৈনিক কাকতসমূহত লাচিতৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি এটা প্ৰবন্ধও লিখিছিলোঁ৷ এতিয়া, লাচিতৰ আদৰ্শক সুসংগঠিত ৰূপত আগুৱাই লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব৷ এই উদযাপনৰ বিষয়ে ঘোষণা হোৱাৰ পাছতেই আমি সকলোৱে কাম আৰম্ভ কৰোঁ৷ মই সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ১৪ ঘণ্টাৰ এক বৈঠকত অংশগ্ৰহণ কৰোঁ৷ এই বৈঠকত আমি অনুষ্ঠানটোক সফল কৰি তোলাৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ, আৰু আজি অনুষ্ঠানটোৰ সফলতাক লৈ মই অত্যন্ত সুখ আৰু গৌৰৱ অনুভৱ কৰিছোঁ৷

উল্লিখিত ১৪ ঘণ্টীয়া বৈঠকখনত প্ৰশাসনীয় সংস্কাৰ, সুশাসন আৰু নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কেও আলোচনা কৰা হৈছিল৷ আমি সমাজৰ পৰা ড্ৰাগছৰ কু-প্ৰভাৱ আঁতৰ কৰিবলৈ একনিষ্ঠাৰে কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছোঁ৷ অনাগত দিনসমূহত ড্ৰাগছৰ সৈতে জড়িত কাৰ্যকলাপৰ ক্ষেত্ৰত আমাৰ কঠোৰ পদক্ষেপ বৃদ্ধি পাব৷ জব্দ হোৱা ড্ৰাগছৰ পৰিসংখ্যাই হৈছে ইয়াৰ মাপকাঠী৷ আমাৰ সদাতৎপৰ আৰক্ষী বাহিনীয়ে অতি দক্ষতাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰিছে৷ আমি আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ, এয়া এই বৈঠকৰ এটা বিশেষ দিশ আছিল৷ অৱশ্যে, যোৱা কেইদিনমানত সংঘটিত কেইটামান নেতিবাচক ঘটনাই আমাক ব্যতিব্যস্ত কৰি তুলিছে৷ মই এটা কথা পুনৰ স্পষ্ট কৰি দিওঁ যে আমাৰ চৰকাৰে কামৰ ক্ষেত্ৰত লেহেম গতি আৰু দুৰ্নীতি সহ্য নকৰে৷ সমাজৰ সকলোৱে ন্যায় পোৱাটো অধিকাৰ আৰু এই ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিলম্ব হোৱাটো অনুচিত৷

কেন্দ্ৰীয় পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী শ্ৰীনীতিন গাডকাৰী ডাঙৰীয়াৰ ভ্ৰমণক আমি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰাণক হৃদয়েৰে আৰু হাতে-কামে আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ ঐকান্তিক প্ৰচেষ্টাৰ অংশ হিচাপে অভিহিত কৰিব পাৰোঁ৷ মই মোৰ জীৱনকালত দেখা পোৱা কোনো এখন চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন এই চৰকাৰখনৰ দৰে গুৰুত্ব দিয়া নাছিল৷ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ এই দৃষ্টিভংগীৰ বাবে মই তেওঁলোকৰ ওচৰত ঋণী৷

এই মাহত আমি মিছন বসুন্ধৰা ২.০ৰ শুভ আৰম্ভণি কৰিলোঁ৷ আঁচনিখনৰ উদ্দেশ্য হ’ল প্ৰকৃত মালিকীস্বত্বৰ জৰিয়তে ভূমি অধিকাৰ সুৰক্ষিত কৰা৷ আমি নতুনকৈ চৰকাৰী খাছ আৰু চিলিঙৰ উদ্বৃত ভূমিৰ নিষ্পত্তি কৰি দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান কৰিম৷ এই উচ্চাভিলাষী আঁচনিখনৰ ৰাজ্যত ভূমি অধিকাৰৰ সৈতে জড়িত সমস্যাসমূহৰ সমাধান কৰিব পাৰিম বুলি আশাবাদী৷ আমি এই প্ৰথম পদক্ষেপৰ সফলতাক লৈ যথেষ্ট উৎসাহিত হৈছোঁ আৰু মোৰ বিশ্বাস যে একেই মনোভাবেৰে আগবাঢ়ি আমি আকাংক্ষিত উদ্দেশ্যত সফল হ’ব পাৰিম৷

দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ সৈতে অংশীদাৰীত্ব ত্বৰান্বিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ যুৱ পেছাদাৰী কাৰ্যসূচী নামৰ এই পদক্ষেপে কৰ্মক্ষেত্ৰৰ অভিজ্ঞতা আৰু শ্ৰেণীকোঠাৰ প্ৰশিক্ষণৰ জৰিয়তে ৭০গৰাকী যুৱ পেছাদাৰীক দুবছৰীয়া লীডাৰশ্বিপ প্ৰশিক্ষণ প্ৰদান কৰিব৷ এই কাৰ্যসূচীয়ে আমাৰ চৰকাৰক জিলা পৰ্যায়ত স্বাস্থ্য সেৱা আৰু শিক্ষা ক্ষেত্ৰত উন্নয়নৰ সুযোগোসমূহ চিনাক্ত কৰাত সহায় কৰিব৷ এয়া এক অনন্য পদক্ষেপ, কিয়নো আমি বিভিন্ন ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সংস্থা আৰু আনকি বিশ্ব বেংকে আগবঢ়োৱা সফল ফেল’শ্বিপ কাৰ্যসূচীৰ পৰা কিছুমান উপাদান ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ৷ এই অংশীদাৰিত্বক লৈ মনে-প্ৰাণে বিশ্বাস কৰোঁ যে সুশাসনৰ দিশত থকা প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ চৰকাৰে শিক্ষা, ব্যক্তিগত খণ্ড আৰু সমাজৰ অন্যান্য ক্ষেত্ৰৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব লাগিব৷ সেয়েহে অসমৰ মুখ্যমন্ত্ৰীৰ যুৱ পেছাদাৰী কাৰ্যসূচীয়ে কেৰিয়াৰৰ মধ্যম পৰ্যায়ত থকা পেছাদাৰী আৰু সামাজিক কৰ্ম, বিশেষকৈ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ সৈতে জড়িত শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিব৷ এওঁলোকে দুবছৰ কাল ৰাজ্যৰ ৩৫খন জিলাৰ যিকোনো এখনত অতিবাহিত কৰিব লাগিব যদিও, তেওঁলোকক মোৰ কাৰ্যালয় আৰু আইআইএম- বেংগালুৰুৱে যুটীয়াভাৱে নিৰীক্ষণ কৰি থাকিব আৰু পৰামৰ্শ প্ৰদান কৰিব৷ এই পৰস্পৰ নিৰ্ভৰশীল প্ৰক্ৰিয়াৰ জৰিয়তে আমি যুৱ শক্তি আৰু প্ৰতিভাক চিনাক্ত কৰিবলৈ সক্ষম হ’ম আৰু তেওঁলোকক তৃণমূল পৰ্যায়ত চৰকাৰৰ কাম-কাজৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰিব পাৰিম৷ 

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In