• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অসমীয়া

মুখ্যমন্ত্ৰীৰ বাৰ্তা (নৱেম্বৰ-২০২২)

ড° হিমন্ত বিশ্ব শৰ্মা

November 3, 2022
in অসমীয়া, মুখ্যমন্ত্ৰীৰ বাৰ্তা
0
0
Musings of a Chief Minister

দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ আশিস শিৰত লৈ আমি অক্টোবৰ মাহৰ কৰ্মসূচীখনৰ আৰম্ভণি কৰোঁ৷ ক’ভিড সংক্ৰান্তীয় বাধা-নিষেধ নথকাকৈ উদযাপন কৰা এইবাৰৰ শাৰদীয় উৎসৱটি আমাৰ সকলোৰে বাবে বিশেষ আছিল৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ দৃষ্টিভংগীক পুনৰ এবাৰ সুস্পষ্ট কৰি বহু ইতিবাচক বাৰ্তাৰে ৰাজ্যখনৰ ভ্ৰমণলৈ আহিল দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়া৷ তেখেতৰ বাৰ্তা স্পষ্ট আছিল: পাঁচ বছৰৰ ভিতৰত অসমক বানমুক্ত কৰা; প্ৰাৰম্ভিক শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষা মাধ্যমৰ ব্যৱহাৰ কৰা; দেশৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে ‘ক’লাধন’ আৰু ‘মাফিয়া চক্ৰ’ উৎখাত কৰা, ইত্যাদি৷ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক তেখেতে কয় যে ড্ৰাগছ সৰবৰাহ এনে এক অপৰাধ যিয়ে কোনো আন্তঃৰাজ্যিক সীমা নামানে৷ সেয়ে তেখেতে আমাক সীমান্তৱৰ্তী জিলাসমূহত ড্ৰাগছ নিয়ামক আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে চোৰাংচোৱা সংস্থাসমূহৰ মাজত এক সঠিক সমন্বয় ৰক্ষা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ নিৰ্ণায়ক সিদ্ধান্ত ল’বলৈ কোনো দ্বিধাবোধ নকৰা গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ যথেষ্ট শিকিবলগীয়া আছে৷

তেখেতে এই বৈঠকত অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বিষয়েও উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ সৈতে আলোচনা কৰে৷ ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি যে অঞ্চলটোৰ প্ৰগতিক লৈ তেখেত প্ৰতিমুহূৰ্ততে তৎপৰ হৈ থাকে আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই অঞ্চলটোৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে৷

উল্লিখিত উদ্দেশ্যক সাৰোগত কৰি নতুন দিল্লীত অনুষ্ঠিত ইউএছআইএছপি ফ’ৰামত মোৰ ভাষণ প্ৰসংগত ভৌগোলিক, প্ৰাকৃতিক সম্পদ, উদ্ভিদ আৰু প্ৰাণী আদি আমাৰ অন্তৰ্নিহিত সামৰ্থ্যক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পথ নিৰ্দেশনাৰে এক নীতিবদ্ধৰূপত আগুৱাই নিয়াৰ বিষয়ে উল্লেখ কৰোঁ৷ যাৰবাবে আজি অসমত সম্ভাৱনাৰ অসংখ্য দুৱাৰ মুকলি হৈছে৷ তিনিটা ইংৰাজী বৰ্ণমালাৰ T: tea, trade & tourism (চাহ, বাণিজ্য আৰু পৰ্যটন)-এ ব্যৱসায়ৰ এক বিশাল সম্ভাৱনা প্ৰদান কৰিছে আৰু লগতে আমি বিনিয়োগৰ এক শক্তিশালী পৰিৱেশ সৃষ্টি কৰাৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ মই নিশ্চিত যে অসম আজি বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিভিন্ন ক্ষেত্ৰত দেশ তথা বিশ্বৰ আগশাৰীৰ কৰ্প’ৰেটসমূহৰ সৈতে হোৱা বুজাবুজি চুক্তিয়ে মোৰ এই ভাষণত আত্মবিশ্বাস প্ৰদান কৰিছিল৷ এই বুজাবুজি চুক্তিসমূহে অসমৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ লগতে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰেই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ‘বিকাশৰ নতুন ইঞ্জিন’লৈ ৰূপান্তৰিত কৰিব৷

মোৰ এই দাবীৰ সমৰ্থনত মই আপোনাসৱক জনাবলৈ পাই আনন্দিত অনুভৱ কৰিছোঁ যে যোৱা ৫ অক্টোবৰত প্ৰাক-ক’ভিড পৰিসংখ্যা অতিক্ৰম কৰি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৩২খন বিমান চলাচল কৰে আৰু ১৭,৫৯১গৰাকী যাত্ৰীয়ে পদাৰ্পণ কৰে৷ এয়াই ইংগিত যে আমি স্বাভাৱিক অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰিছোঁ আৰু কৃষিৰ লগতে উৎপাদন আৰু সেৱা খণ্ডৰ সমাহাৰেৰে অসমৰ অৰ্থনীতিক এক নতুন শিখৰলৈ লৈ যাবলৈ সাজু হৈ পৰিছোঁ৷

পোহৰৰ উৎসৱ দীপান্বিতাৰ প্ৰাকমুহূৰ্তত আমি অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰোঁ৷ পৰীক্ষাৰ পৰা ফলাফল ঘোষণালৈকে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদন কৰা হয়৷ মই এইক্ষেত্ৰত অহৰহ কষ্ট কৰি থকাসকলক অভিনন্দন জনাইছোঁ৷ মই উল্লেখ কৰিবলৈ বিচাৰিম যে এই প্ৰক্ৰিয়াটো হৈছে আমাৰ দুৰ্নীতিমুক্ত আৰু নিকা নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ হকে হাতত লোৱা অন্য এক প্ৰচেষ্টা৷

আৰক্ষী বিভাগৰ অভিন্ন অংগ গৃহৰক্ষী জোৱানসকলৰ কৰ্মদক্ষতা বহু সময়ত আমাৰ অগোচৰে ৰয়৷ আমাৰ চৰকাৰে তেওঁলোকৰ দৈনিক মজুৰি আঢ়ৈগুণ বৃদ্ধি কৰি ৭৬৭ টকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মই নিশ্চিত যে এই সিদ্ধান্তই তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা প্ৰদান কৰাৰ লগতে ই তেওঁলোকৰ সন্তানৰ বাবে উন্নত শিক্ষা আৰু সুস্বাস্থ্যৰ পথ প্ৰশস্ত কৰিব৷ মই স্বীকাৰ কৰিছোঁ যে এই সিদ্ধান্ত গ্ৰহণ কৰি আমি তেওঁলোকক কোনোধৰণৰ অনুগ্ৰহ কৰা নাই, বৰঞ্চ মই অনুভৱ কৰোঁ যে এইক্ষেত্ৰত আমি তেওঁলোকৰ ওচৰত দীৰ্ঘকাল ঋণী আছিলোঁ৷

কাৰ্বি আংলঙৰ এগৰাকী গৃহৰক্ষী জোৱানৰ কথা মোৰ মনলৈ আহিছে, যি প্ৰলোভনমূলক উপঢৌকন অস্বীকাৰ কৰি দৃষ্টান্তমূলক সাহস আৰু সততাৰ পৰিচয় দি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সহায় কৰিছিল৷ উক্তদিনাই সকলো বাধা অতিক্ৰম কৰি মই অসমত ড্ৰাগছৰ অবৈধ কাৰ্যকলাপ উৎখাত কৰাৰ ক্ষেত্ৰত মোৰ দৃঢ় সংকল্পৰ কথা পুনৰ এবাৰ দোহাৰিছিলোঁ৷ হয়, মই আৰু আমাৰ চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা আমাৰ কঠোৰ অভিযানৰ প্ৰসংগত বহু সমালোচনাৰ সন্মুখীন হৈছোঁ৷ তথাপি অসম আৰক্ষী আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত আমি ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত অপৰাধীৰ জীৱন দুৰূহ কৰি তুলিছোঁ৷ কেৱল পৰিসংখ্যা এই সফলতাৰ মাপকাঠী নহয়৷ যেতিয়া অসম আৰক্ষীৰ এগৰাকী কৰ্মীৰ দুচকুত এই দৃঢ় সংকল্পৰ প্ৰতিফলন দেখা পাওঁ, সেই সময়ত মই সুনিশ্চিত হওঁ যে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান যোগ্যসকলৰ কান্ধতে আছে৷ 

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In