এই আগষ্ট মাহটো আমাৰ দেশৰ বাবে এটা ঘটনাবহুল মাহ হিচাপে অভিহিত কৰিব পাৰি৷ ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ এক স্বাধীন ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ইতিহাস উদযাপনতেই এইবাৰৰ আগষ্ট মাহটো সীমাবদ্ধ নাছিল৷ এইবাৰ স্বাধীনতা দিৱসত প্ৰতিগৰাকী নাগৰিকে দেশৰ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰি এই স্বাধীনতাক প্ৰকৃত চেতনাৰে সংৰক্ষিত কৰাৰ বাবে সংকল্পবদ্ধ হ’ল৷ স্বাধীনতাৰ ৭৫টা বছৰ সম্পূৰ্ণ হোৱাৰ গৌৰৱময় মুহূৰ্তত, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত ভাৰতৰ অখণ্ডতাক প্ৰতিফলিত কৰি দেশৰ আকাশত সগৌৰৱে উৰিল ২০ কোটিতকৈও অধিক ত্ৰিৰংগ পতাকা৷ অসমবাসীয়েও এই গৌৰৱৰ অংশীদাৰ হৈ ৰাজ্যখনত উত্তোলন কৰিলে ৮০ লাখতকৈও অধিক জাতীয় পতাকা৷ এই কাৰ্যসূচীৰ সফলতাই আমাৰ প্ৰতিজনৰে হৃদয়ত থকা স্বদেশপ্ৰেম আৰু দেশভক্তিৰ অপূৰ্ব নিদৰ্শন আগবঢ়ালে আৰু ইয়াক লৈ কাৰো দ্বিমত নাই৷
দেশৰ স্বাধীনতাৰ বাবে সেই সময়ত স্বাধীনতা সংগ্ৰামীসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল৷ ব্ৰিটিছ শাসনকালৰ কুখ্যাত কালাপানীৰ ইতিহাস সম্পৰ্কে আমি সকলোৱে জ্ঞাত৷ অসম চৰকাৰে প্ৰায় ১০০০ যুৱক-যুৱতীক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত স্থিত চেলুলাৰ জে’ল অৰ্থাৎ কালাপানীলৈ ভ্ৰমণত পঠিওৱাৰ ব্যৱস্থা কৰিব৷ এই ভ্ৰমণে তেওঁলোকক সেই স্বাধীনতা সংগ্ৰামীসকলৰ আদেৰ্শৰে উদ্বুদ্ধ হৈ জীৱনযুঁজত জয়ী হ’বলৈ প্ৰেৰণা যোগাব৷
এই দেশপ্ৰেমৰ ভাবনাৰ লগতে জেহাদী উপাদানসমূহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে দেশক সুৰক্ষিত কৰি ৰাখিব৷ অসমত সক্ৰিয় হৈ থকা জেহাদী গোটসমূহক উৎখাত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী সফল হৈছে৷ মই এইক্ষেত্ৰত নাগৰিকসকলৰ সহযোগিতা আৰু সতৰ্কতাৰ লগতে আৰক্ষীৰ দক্ষ ব্যৱস্থা অব্যাহত ৰখাৰ বাবে আহ্বান জনাইছোঁ৷ সামান্য শিথিলতায়ো আমাক বিপদত পেলাব পাৰে৷ আমাৰ চৰকাৰখনে অসমত থকা প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ শিপা উভালি পেলাবলৈ সংকল্পবদ্ধ৷ মই ব্যক্তিগতভাৱেও অসমভূমিত শান্তি অটুট ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিম৷ ভাৰতৰ পৰা বিচ্ছিন্ন হ’বলৈ বিচৰাসকলক মূলসুঁতিলৈ উভতি আহিবলৈ বাৰে বাৰে আহ্বান জনোৱাৰ লগতে মই এষাৰ কথা স্পষ্ট কৰি দিছোঁ যে দেশৰ সাৰ্বভৌমত্বৰ সৈতে কোনোধৰণৰ আপোচ কৰা নহ’ব৷ মই একান্তভাৱে বিশ্বাস কৰোঁ যে যিকোনো আদৰ্শ বা মতামতভিত্তিক সমস্যাৰ সমাধান আলোচনাৰ মাজেৰে উলিয়াব পাৰি৷ আলোচনাৰ এই শক্তিয়ে মোক অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছে৷ আমি জ্ঞাত যে সমস্যাসমূহৰ সমাধান একেদিনাই সম্ভৱ নহয়৷ কিন্তু, ধৈৰ্য আৰু নিষ্ঠাই সমাধানৰ পথ উজলাই তুলিব, আজি নহ’লেও অদূৰ ভৱিষ্যতে৷
মই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যখনৰ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ ৰাজ্যখনৰ চাৰি সহস্ৰাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদানৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰিবলৈ গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ দিশত আমি আগবাঢ়িছোঁ৷ ইংৰাজী এটা গুৰুত্বপূৰ্ণ ভাষা হোৱাৰ উপৰি বিশ্বৰ আন প্ৰান্তৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে আৰু নিযুক্তিৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে অসমৰ ৰাইজ জ্ঞাত৷ মই কোনোপধ্যে মোৰ মাতৃভাষাটোৰ ওপৰত আঁচোৰ পৰিবলৈ দিব নোৱাৰোঁ৷ তথাপি মই ব্যৱহাৰিকভাৱে উপলব্ধি কৰিছোঁ যে ইংৰাজী ভাষাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু সম্ভাৱনীয়তা উদঘাটন কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷ এয়াও সত্য যে আমাৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া মাধ্যমত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ নিজৰ নিজৰ কেৰিয়াৰ সুন্দৰভাৱে আগুৱাই নিছে৷ পিছে সকলো ক্ষেত্ৰকে একেখন তুলাচনীৰে জোখাটো যুক্তিসংগত নহ’ব৷ উদাহৰণস্বৰূপে নিৰ্দেশনাভিত্তিক ইংৰাজী ভাষাৰ ক’ডৰ (instructions coded in the English language) আধাৰত সঞ্চালিত হৈ থকা তথ্যপ্ৰযুক্তিৰ ক্ষেত্ৰখন আজিৰ পৃথিৱীৰ বৃহৎ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰ হিচাপে পৰিগণিত হ’বলৈ ধৰিছে৷ ইংৰাজী ভাষাই এনেসমূহ ক্ষেত্ৰত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে সহায় নকৰিব জানো? এই নীতিৰ অধীনত আমি অসমীয়া ভাষাক অৱমাননা কৰাৰ প্ৰশ্নই আহিব নোৱাৰে৷ এই বিশ্বায়নৰ পৃথিৱীত আবেগসমূহ যুক্তিপূৰ্ণ হ’ব লাগিব৷ মই আপোনাসৱক এই আশ্বাস প্ৰদান কৰিছোঁ যে অসমীয়া ভাষাৰ বিকাশৰ হেতু প্ৰয়োজনীয় প্ৰতিটো পদক্ষেপ আমাৰ কেবিনেটে গ্ৰহণ কৰি যাব৷ কিন্তু, আমি আমাৰ ভৱিষ্যৎ প্ৰজন্মটোৰ আকাংক্ষাক উপেক্ষা কৰি আমাৰ চিন্তাধাৰাৰ বাবে তেওঁলোকৰ সম্ভাৱনীয়তাৰ সৈতে আপোচ কৰিব নোৱাৰোঁ৷
আমাৰ চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই এক লাখ চৰকাৰী চাকৰি সৃষ্টিৰ এক সংকল্প লৈছিল৷ বিগত কেইটামান মাহত এইক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰাৰ পাছত আমি প্ৰায় ৩০,০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰোঁ৷ প্ৰায় ১৪ লক্ষাধিক যুৱক-যুৱতীয়ে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাজ্যখনৰ সেৱা কৰাৰ সপোন বান্ধি এই পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ এই পৰীক্ষাসমূহ স্বচ্ছতা আৰু কঠোৰ অনুশাসনৰ মাজেৰে অনুষ্ঠিত কৰা হয়৷ মই আপোনাসৱক আশ্বাস দিবলৈ বিচাৰোঁ যে উপযুক্ত প্ৰত্যাশীগৰাকীক বাছনি কৰাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ শিথিলতা অৱলম্বন নকৰোঁ৷
আমি অৰুণোদয় হিতাধিকাৰীসকলৰ ক্ষেত্ৰতো একেধৰণৰ নিৰপেক্ষ ব্যৱস্থা ল’বলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ৷ যিসমূহ হিতাধিকাৰী পৰিয়ালে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ অৰ্থনৈতিক স্থিতি উন্নত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে আঁচনিখনৰ সুবিধা লাভ কৰিব নোৱাৰিব৷ তেওঁলোকে স্বেচ্ছামূলকভাৱেও এই আঁচনিৰ পৰা নিজৰ নাম কৰ্তন কৰিব পাৰিব৷ ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হোৱা এক সম্পূৰ্ণ ঘৰুৱা জৰীপ ব্যৱস্থাৰে নতুন হিতাধিকাৰীসকলক তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব৷ কোনো এখন চৰকাৰে কল্যাণমূলক আঁচনিসমূহ পুনৰীক্ষণ কৰাটো প্ৰয়োজনীয় যাতে যোগ্যসকল এই আঁচনিসমূহৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয়৷