গ্ৰীষ্মৰ বতৰে দেশৰ বিভিন্ন অঞ্চলত বিস্তৰ প্ৰভাৱ পেলাইছে৷ গৰমৰ প্ৰকোপৰ লগতে বতৰে বিদ্যুৎ আৰু পানীৰ উপলভ্যতাৰ সমস্যাৰো সৃষ্টি কৰিছে৷ এই সত্যক আমি স্বীকাৰ কৰি লোৱাটো ভাল যে জলবায়ু পৰিৱৰ্তনে আমি ভবাতকৈ অধিক ক্ষতি কৰিবলৈ লৈছে৷ মোৰ অনুভৱ হয় যে এই বিষয়টো যেন আমি সহজভাৱে গ্ৰহণ কৰিছোঁ৷ তাৰ বিপৰীতে আমি প্ৰতিগৰাকী ব্যক্তি সজাগ তথা সক্ৰিয় হোৱাটো ভাল যাতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা কাৰকসমূহক আমি উপলব্ধি কৰিব পাৰোঁ৷ এয়াও গুৰুত্বপূৰ্ণ যে স্থানীয় আৰু কেন্দ্ৰীয় চৰকাৰে এই সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ এক সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে আমি জলবায়ু পৰিৱৰ্তনৰ সমস্যা প্ৰতিৰোধ কৰিব পাৰিম৷ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা কথা মন কৰিব যে ‘যদি আপোনাৰ সক্ৰিয়তা নাই তেন্তে এয়া মোৰ বিফলতা’৷ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সন্মুখত এক নিদৰ্শন আগবঢ়াই এক বৃহৎ বিশ্ব মঞ্চত ঘোষণা কৰে যে “ভাৰতৰ লক্ষ্য ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমন৷” কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱাৰ দৰে পৃথিৱী সলনি কৰিবলৈ এজন ব্যক্তিৰ দৰ্শন আৰু সক্ৰিয়তাই যথেষ্ট৷
এই পথেৰে অসম চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুতি আৰম্ভ কৰিছে৷ কিছুমান সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি এই দিশত সজাগতা আনিবলৈ আমি চেষ্টা কৰিছোঁ৷ এই জুন মাহতে আমি জনতা ভৱনত এটা সৌৰ প্ৰকল্পৰ আৰম্ভ কৰোঁ৷ দেশৰ ভিতৰতে অসমে প্ৰথমবাৰৰ বাবে ৰাজ্যিক সচিবালয়ক সৌৰ শক্তি নিৰ্ভৰ কৰি সেউজ সচিবালয়ৰ স্বীকৃতি লাভ কৰিছে৷ অৱশ্যে ‘সৰ্বপ্ৰথম’ আমাৰ সংকল্প নহয়, আমাৰ লক্ষ্য হৈছে জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰা৷ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে ইয়াত বিনিয়োগ কৰা ধন পুনৰুদ্ধাৰ কৰি আমি কৰদাতাৰ ধনৰ ৰাহি কৰিবলৈ সক্ষম হোৱাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা এটা স্পষ্ট বাৰ্তা আমি প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছোঁ যে সেউজ শক্তি এতিয়া আমাৰ ভৱিষ্যৎ পৰিকল্পনা৷ কাৰ্বন নিৰ্গমন হ্ৰাস কৰাটো প্ৰতিজন ভাৰতীয় নাগৰিকৰ লগতে প্ৰতিটো উদ্যোগ আৰু চৰকাৰৰো দায়িত্ব৷ মই পুনৰ এবাৰ অসমৰ প্ৰতিষ্ঠানসমূহক আহ্বান জনাইছোঁ যে মানৱতাৰ বাবে এখন সেউজ পৃথিৱী জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকে সেউজ শক্তি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক৷ আমি ৰাজ্যখনত বহুকেইটা বৃহৎ সৌৰশক্তি প্ৰকল্প স্থাপনৰ দিশে আগবাঢ়িছোঁ৷ এই সেউজ আৰু অৰ্থনৈতিক অনুকূল প্ৰচেষ্টাৰ জৰিয়তে আমি ভৱিষ্যতলৈ শক্তিখণ্ডত আত্মনিৰ্ভৰ ৰাজ্য হ’ব পাৰিম৷ মূল কথাটো হ’ল আমি যদি সৌৰশক্তি উৎপাদনৰ দিশত সফল হওঁ তেন্তে গতানুগতিক শক্তি উৎপাদনতকৈ ইয়াত ব্যয় কম হ’ব আৰু বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ ক্ষেত্ৰতো সফল হ’ম৷ ছাদত সৌৰ পেনেল ব্যৱহাৰ কৰা ঘৰত বিদ্যুতৰ মাচুল ৮৫ শতাংশলৈকে হ্ৰাস পোৱাৰ প্ৰমাণ পোৱা গৈছে৷ মই আপোনাসৱৰ জ্ঞাতাৰ্থে পুনৰ এবাৰ উল্লেখ কৰিছোঁ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই দিশত আপোনালোকক সহযোগিতা আগবঢ়াবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত৷
খেল মহাৰণৰ সফলতাৰ পাছত আমি ১২৬টা বিধান সভা সমষ্টিৰ যুৱ ক্লাব আৰু ক্ৰীড়া সংস্থাক বিশেষ বিত্তীয় সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ৷ আমি বিচাৰোঁ অসমত ক্ৰীড়া ক্ষেত্ৰৰ এক সৰ্বোত্তম পৰিৱেশ গঢ় লৈ উঠক৷
আমি এখন সুন্দৰ সবল পৃথিৱী গঢ় দিব পাৰিলে আমাৰ ভৱিষ্যৎ প্ৰজন্ম সুৰক্ষিত হ’ব আৰু তেওঁলোকেও ইয়াৰ নেতৃত্ব বহন কৰিব পাৰিব৷ আমাৰ চৰকাৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা এই দিশত কাম কৰি আহিছে৷ শিক্ষা আৰু ক্ৰীড়াৰ জৰিয়তে আমি এই বিষয়টোক গুৰুত্ব প্ৰদান কৰিছোঁ৷ আমি কেৱল শিক্ষা আহৰণ কৰিবলৈ বিচৰাসকলৰ বাবেই এক পৰিৱেশ সৃষ্টি কৰি থমকি ৰোৱা নাই, আমি এনে এক ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ বিচাৰিছোঁ যাতে যুৱপ্ৰজন্ম এই দিশত সবল হৈ পৰে৷ বিদ্যালয় আৰু মহাবিদ্যালয়ত মাচুল ৰেহাইৰ লগতে লেপটপ, বাইচাইকেল আৰু স্কুটাৰ আদি প্ৰদানেৰে সমস্যাবিহীন শিক্ষাৰ এটা পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰা হৈছে৷ আমি ভৌতিক আৰু শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন অব্যাহত ৰাখিছোঁ৷ শিক্ষকৰ নিযুক্তি আৰু ৰদ-বদল বিতৰ্ক মুক্ত হৈ পৰিছে৷ আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা আয়োজন কৰাৰ প্ৰক্ৰিয়াই দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ কেইবছৰমান পূৰ্বে বিভিন্ন বিতৰ্কৰ মাজত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আৰ্হি আজি দেশে অনুকৰণ কৰিছে৷ এই নিকায়সমূহৰ কাৰ্যপ্ৰণালীত আমাৰ চৰকাৰে হস্তক্ষেপ নকৰে৷ আমি মাত্ৰ তেওঁলোকৰ সিদ্ধান্ত তথা নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত কোনো হস্তক্ষেপ নথকাটো নিশ্চিত কৰোঁ৷ এই ব্যৱস্থাৰে আমি আমাৰ শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিচাৰিছোঁ৷ অপ্ৰয়োজনীয় আড়ম্বৰ পৰিহাৰ কৰি আমি ব্যক্তিগত ক’চিং প্ৰতিষ্ঠানৰ সহযোগত চিকিৎসা শিক্ষা আৰু আভিযান্ত্ৰিক প্ৰতিষ্ঠানত আমাৰ প্ৰতিভাৱান শিক্ষাৰ্থীসকলৰ নামভৰ্তি নিশ্চিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ৷ তেওঁলোকক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই কঠিন প্ৰৱেশ পৰীক্ষাসমূহত বহিব পৰাকৈ প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা কৰিছোঁ৷ ইতিমধ্যে আমাৰ শিক্ষাৰ্থীসকলৰ সফলতাৰ গাথা সম্পৰ্কে আপুনি নিশ্চয় অৱগত হৈছে৷ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্বৰ এয়া এক উত্তম উদাহৰণ৷