এটা নতুন বছৰৰ আৰম্ভণি হৈছে এটা নতুন যাত্ৰাৰ সময়। নতুন যাত্ৰাৰ পূৰ্বতে অতীতলৈ উভতি চোৱাৰ অৱকাশ থাকে। অতীতত থাকিব পাৰে অনুশোচনা, থাকিব পাৰে আশাৰ ৰেঙনি আৰু থাকিব পাৰে ধাৰাবাহিকতাৰ অফুৰন্ত হেঁপাহ। লাভ আৰু ক্ষতিৰ দৃষ্টিৰে আমাৰ বছৰ এটাক মূল্যায়ন কৰাৰ সাধাৰণ প্ৰৱণতা থাকে। অৱশ্যে যেতিয়া চৰকাৰ এখন আৰু জনসাধাৰণৰ কল্যাণৰ মূল্যায়ন এটা বিষয় হয় মোৰ সন্মুখলৈ অহা প্ৰথম ছবিখনেই হৈছে যে আমি ৰাইজৰ বাবে কি কৰিলোঁ? আমি আওকাণ কৰা কোনো বিষয় থাকি গ’ল নেকি? আমাৰ শাসন ব্যৱস্থাটোক অধিক উন্নত কৰাৰ অৱকাশ আছে নেকি? ৰাইজৰ জীৱন উন্নত কৰাৰ বাবে আমি আৰু কি কৰিব পাৰোঁ? এনে নহয় যে এই স্বমূল্যায়ন আমি এটা নতুন বছৰৰ আৰম্ভণিতহে কৰোঁ, সুশাসন ব্যৱস্থা এটাৰ ধাৰাবাহিকতাৰ ক্ষেত্ৰত আমাৰ বাবে প্ৰত্যেকটো দিনেই গুৰুত্বপূৰ্ণ। আমি সকলোৱে লক্ষ্য নিৰ্ধাৰণ কৰোঁ সেয়া সঁচা। ৰাইজৰ এগৰাকী প্ৰতিনিধি হিচাপে প্ৰতিদিনেই জনকল্যাণৰ চিন্তা আমাৰ মনলৈ আহে। এই চিন্তাক পৰিচালিত কৰি আমাৰ চৰকাৰে দিন-ৰাতি কৰ্ম সম্পাদন কৰি আহিছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে যি দক্ষতাৰে কৰ্ম কৰি গৈছে তাৰপৰা আমি সকলোৱে অনুপ্ৰাণিত হৈছোঁ। এনেবোৰ কাৰণতেই অসমত বহুমাত্ৰিক দৰিদ্ৰতা নিৰ্মূলকৰণৰ দিশত উন্নতিৰ বাতৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। হয়, এয়া এক ইতিবাচক খবৰ। এই সফলতাৰ বাৰ্তা লাভ কৰি আমি জিৰণি লোৱা নাই। আমি ইতিমধ্যে দৰিদ্ৰতা নিৰ্মূলকৰণৰ জৰিয়তে সুশাসনৰ ৰাম ৰাজ্য গঢৰি তুলিবলৈ সংকল্পবদ্ধ। এক মাত্ৰ পৰিসংখ্যাই আমাক অতি উৎসাহিত নকৰে বা নিৰুৎসাহো নকৰে।
মই জ্ঞাত যে আমি বহুমাত্ৰিক দৰিদ্ৰতাৰ মোকাবিলা কৰিবলৈ সক্ষম হোৱাৰ এটা উল্লেখযোগ্য কাৰণ হ’ল নীতিগত পদক্ষেপ। উদাহৰণ স্বৰূপে, আমাৰ বেছিভাগ নীতি প্ৰস্তুত কৰা হৈছে মহিলাসকলক সবলীকৃত কৰাৰ বাবে। দৰিদ্ৰতাৰ আমাৰ বাবে এক প্ৰাচীৰ। আজিৰ নীতিসমূহে কেৱল বৰ্তমানৰ বাবে কাম নকৰে, এই নীতিসমূহৰ দূৰদৰ্শিতা ভৱিষ্যৎ স্পৰ্শ কৰাৰ বাবে। অৰুণোদয় ২.০ এনে এক উদাহৰণ। আমি লাভ কৰা প্ৰতিৱেদন অনুসৰি এই আঁচনিখনে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে। ই এক সবলীকৃত পৰিয়াল গঢ়ি তুলিছে। তথ্য অনুসৰি শিশুৰ বিদ্যালয়ত নামভৰ্তি বৃদ্ধি হোৱাৰ লগতে পুষ্টিৰ দিশতো সফলতা প্ৰাপ্ত হৈছে। আমি শেহতীয়াকৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে প্ৰায় ৪০ লাখ মহিলাৰ উদ্যমী আৰু উদ্ভাৱনশীল চিন্তাক সবলীকৃত কৰাৰ দিশত আগুৱাই যাব। যিকোনো আঁচনিৰ সফলতা নিশ্চিত হয় অনুশাসনৰ জৰিয়তে আৰু ইয়াৰ বাবে কিছুমান চৰ্ত আছে। আমাৰ লক্ষ্য এই মহিলাসকলৰ বাবে বাৰ্ষিক ১ লাখ টকা উপাৰ্জনৰ পথ সৃষ্টি কৰা যাতে তেওঁলোকে কোনো চৰকাৰী বৃহৎ অনুদানৰ বাবে নিৰ্ভৰশীল হ’বলগীয়া নহয়। মই এই উদ্যমীসকলক আশ্বাস দিছোঁ যে আমাৰ চৰকাৰ সদায় তেওঁলোকৰ কাষত থাকিব আৰু আমি তেওঁলোকৰ সহজাত সম্ভাৱনীয়তা উজ্জীৱিত হৈ থকাটোও বিচাৰোঁ। আমি আশাবাদী যে এই ব্যৱস্থাই গ্ৰাম্য অসমত একাধিক ধৰণেৰে বিপ্লৱ আনিব।
শেহতীয়াকৈ আমি অন্ত্যোদয়া যোজনাৰ অধীনত নতুন ৰেচন কাৰ্ড বিতৰণ কৰিছোঁ। আমাৰ চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্তৰ সৈতে সংগতি ৰাখি দৰিদ্ৰসকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত এয়া এক পদক্ষেপ। যদি ৰাইজ ভোকত থাকে ৰাম ৰাজ্য গঢ় লৈ উঠিব নোৱাৰে। এতিয়া ৰাজ্যখনৰ ৬৮ লাখতকৈও অধিক পৰিয়াললৈ ৰেচন কাৰ্ড ব্যৱস্থা সম্প্ৰসাৰিত কৰা হৈছে। এই পৰ্যায়ত আমি ৪২ লাখৰো অধিক হিতাধিকাৰী সংযোজন কৰিছোঁ। এই ৰেচন কাৰ্ডখন খাদ্য সুৰক্ষাৰ অনুজ্ঞাপত্ৰৰ লগতে অসমৰ তথা ৰাজ্যৰ বাহিৰৰ যিকোনো চিকিৎসালয়ত ৫ লাখ টকালৈকে নিশ্চিত চিকিৎসা সেৱা লাভ কৰাৰ এখন নথি। সুস্বাস্থ্য আৰু পুষ্টি সুখময় সমাজৰ অন্যতম প্ৰয়োজনীয়তা। নিটি আয়োগৰ এক দৃঢ় মূল্যায়নৰ বাবে এই পদক্ষেপসমূহ গুৰুত্বপূৰ্ণ। মই আজি বছৰৰ প্ৰথম মাহটোত পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে আমি নিৰ্ধাৰিত লক্ষ্যত উপনীত নোহোৱালৈকে ক’তো থমকি নৰওঁ।
আমি গ্ৰামাঞ্চলত জীৱনৰ মান উন্নত কৰাৰ বাবে কাম কৰি যোৱাৰ সময়ত ৰাজ্যখনত নগৰীকৰণৰ গতি ত্বৰান্বিত কৰিবলৈ পাহৰি যোৱা নাই। মানুহক নগৰীয়া অভিজ্ঞতা প্ৰদান কৰিবলৈ আমি সৰ্বদিশতে সংযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে কাম কৰি যাব লাগিব। আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰেপৰা নিৰন্তৰ আন্তঃগাঁথনিৰ উন্নয়নৰ দিশত গুৰুত্ব প্ৰদান কৰি আহিছোঁ। অসম মালাৰ অধীনত ৰাজ্যিক ঘাইপথৰ দৈৰ্ঘ্য, গুৱাহাটী আৰু অন্যান্য চহৰত উৰণ সেতুৰ সংখ্যা, শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন পৰিসংখ্যাই আমাৰ লক্ষ্যক প্ৰতিফলিত কৰিছে। এটা সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল মহানগৰীখনৰ ৰাজপথত বৈদ্যুতিক বাছৰ প্ৰৱৰ্তন। আমি পৰৱৰ্তী প্ৰজন্মৰ বাবে এখন প্ৰদূষণমুক্ত পৃথিৱী প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সংকল্পবদ্ধ। উন্নয়নৰ সৈতে পৰিৱেশৰ প্ৰতি অহা দায়বদ্ধতা ৰূপায়ণ হৈছে বহুপাক্ষিক ৰূপত জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ভাৰতৰ সংকল্পৰ অৰ্থ।
মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহে অসম ভ্ৰমণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰিছিল। মাননীয় গৃহমন্ত্ৰীগৰাকীয়ে আমাৰ নৱনিযুক্ত কমাণ্ডোসকলৰ পাছিং আউট পেৰেডত অংশ লৈ ৰাজ্যখনত সৃষ্টি হোৱা শান্তিৰ পৰিৱেশৰ বিষয়ে উল্লেখ কৰে। মই সংকল্পবদ্ধ যে সকলো বাধা নেওচি শান্তিৰ পৰিৱেশ অটুট ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থাকিম।