এটা প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ দিশত আগুৱাইছে বুলি জানিবলৈ পালে কেনে অনুভৱ হয়, তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ শিশুসদৃশ এই আৱেগৰ বৰ্ণনা কৰাটো কঠিন হ’লেও বাৰে বাৰে এই অনুভৱে মনটো আপ্লুত কৰি থাকে৷ এবছৰ পূৰ্বে আমাৰ নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰা অনুসৰি এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ উদ্দেশ্যে কামকাজ ভালদৰে আগবাঢ়িছে৷ যোৱা ১৪ মে’ত যেতিয়া আমাৰ চৰকাৰখনে অসমৰ যুৱক-যুৱতীসকলক প্ৰায় ২৩,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰিছিল, সেয়া আছিল আমাৰ বাবে এক উল্লেখযোগ্য ক্ষণ৷ এই স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আমি আশা কৰিছোঁ যাতে নিযুক্তিপ্ৰাপকসকলে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে নিজৰ কৰ্তব্য পালন কৰে৷ আমি ইয়াতেই ক্ষান্ত হোৱা নাই৷ অহা কেইমাহমানৰ ভিতৰত আমি ৩৪ হাজাৰৰো অধিক নিযুক্তি প্ৰদানৰ বাবে সাজু হ’ম৷ মই মোৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিছোঁ: এই নিযুক্তিবোৰ সততা আৰু স্বচ্ছতাৰ ভেটিত সম্পন্ন হ’ব আৰু এয়া সম্পূৰ্ণ সম্ভৱ৷
আমাৰ লক্ষ্য হৈছে এনে কিছুমান প্ৰতিষ্ঠানৰ সৃষ্টি কৰা, যিসমূহ প্ৰতিষ্ঠানে আমাৰ যুৱচামৰ সীমাহীন সম্ভাৱনীয়াক সুনিৰ্দিষ্ট গতি প্ৰদান কৰিব আৰু তেওঁলোকক স্ব-অনুপ্ৰাণিত হ’বলৈ প্ৰশিক্ষণ দিব৷ ঠিক এনেধৰণৰ চিন্তাৰেই উপাদান আৰু মানৱ সম্পদৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ জৰিয়তে আমাৰ আইটিআই আৰু পলিটেকনিকসমূহৰ উন্নীতকৰণৰ বাবে টাটা টেকন’লজিছৰ সৈতে আমি এখন সহযোগিতাৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰিছোঁ৷ ইয়াৰ ফলত এনে এক প্ৰক্ৰিয়াৰ আৰম্ভণি হ’ব যি অসমত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ ৰূপ সলনি কৰিব পাৰে৷ এই আইটিআইবোৰত দক্ষ হৈ উঠা আমাৰ যুৱসকলৰ বাবে কেৱল নিযুক্তি সৃষ্টি কৰাই নহয়, তেওঁলোকে নিজ নিজ কৰ্মৰ অৰ্থ বিচাৰি পোৱাটোও আমি নিশ্চিত কৰিব বিচাৰোঁ৷ গুণোৎসৱৰ পৰাও আমি একেই প্ৰত্যাশা ৰাখিছোঁ৷ এক বিস্তৃত প্ৰণালীৰ জৰিয়তে আমাৰ শিক্ষাৰ মান অৰ্থপূৰ্ণভাৱে মূল্যাংকন কৰাৰ উদ্দেশ্যে আমি এই পদক্ষেপ লৈছোঁ৷
মই জানো, গুণোৎসৱ এতিয়াও আৰম্ভণি পৰ্যায়তে আছে৷ কিন্তু মোৰ দৃঢ. বিশ্বাস যে আমি এনে এটি বীজ ৰোপণ কৰিছোঁ যি এদিন ফল-ফুলেৰে ভৰপূৰ বৃক্ষলৈ পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ৪ জুনৰ পাছত যেতিয়া মই সামগ্ৰিক প্ৰক্ৰিয়াটোৰ বুজ ল’ম, মই নিশ্চিত যে তেতিয়ালৈকে আমি অসমৰ ৪৬ হাজাৰৰো অধিক বিদ্যালয়ত অধ্যয়নৰত ৪২ লাখৰো অধিক শিক্ষাৰ্থীৰ জীৱন সলনি কৰিবলৈ সক্ষম হ’ম৷ সকলো স্তৰৰ চৰকাৰী প্ৰশাসনতন্ত্ৰ, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষাৰ্থী আৰু নাগৰিক সমাজৰ সমৰ্পিত আৰু সামূহিক প্ৰচেষ্টাৰ বাবেই ২০১৭ চনত আৰম্ভ কৰা এই পদক্ষেপে বিশেষ চৰ্চা লাভ কৰিছে৷ এইবাৰ প্ৰকৃতিপ্ৰদত্ত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত আমি বিচৰা ধৰণে ইয়াক সুচাৰুৰূপে পৰিচালনা কৰাত কিছু বাধা আহিলেও তৃণমূল স্তৰত ইয়াৰ সুফল লাভ কৰাৰ পৰা আমাক বঞ্চিত কৰিব নোৱাৰে৷ আমি পাহৰি যোৱাটো অনুচিত যে বিগত দুবছৰকাল প্ৰতিকূল পৰিস্থিতিয়ে আমাক নিৰ্ধাৰিত লক্ষ্যৰ দিশে আগুৱাই যোৱাত যথেষ্ট বাধা দিলে৷ গতিকে, এই বছৰ আমি দুগুণ উৎসাহ আৰু প্ৰচেষ্টাৰে আগুৱাই যাব লাগিব৷ হয়, ফলাফলবোৰ হয়তো আকাশলংঘী নহ’বও পাৰে৷ কিন্তু এইকাৰণেইতো আমি গুণোৎসৱ অনুষ্ঠিত কৰিব বিচাৰিছিলো: ত্ৰুটিবোৰ চিনাক্ত কৰিবলৈ আৰু সেই অনুসৰি সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ৷ এখন ভাল চৰকাৰৰ লক্ষণ হ’ল অভাৱবোৰ চিনাক্ত কৰা আৰু প্ৰকৃতাৰ্থত সেইবোৰৰ সমাধানৰ বাবে কাম কৰা৷ যিকোনো ভাল চৰকাৰে সদায় কৰ্মপথত ক্ৰমান্বয়ে আগুৱাই গৈ থাকে, ঠিক এজন বিদ্যাৰ্থীৰ দৰে, যি নিজৰ ভুলৰ পৰা শিকনি লৈ পুনৰ নতুন জ্ঞান আহৰণত মনোনিৱেশ কৰে৷
চাহ জনগোষ্ঠীয় লোকসকলৰ ওপৰত অতীজৰে পৰা চলি অহা অন্যায়বোৰ আঁতৰ কৰিবলৈ আমাৰ চৰকাৰখনে অহৰহ চেষ্টা চলাই আহিছে৷ এই লক্ষ্য প্ৰাপ্তিৰ দিশত শেহতীয়া পদক্ষেপস্বৰূপে ৰাজ্যখনৰ বিভিন্ন জিলাত চাহ বাগিচা এলেকাৰ শিশুসকলৰ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ৯৬খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে যাতে অনাগত সময়ত তেওঁলোকে এক উজ্জ্বল ভৱিষ্যতৰ সপোন ৰচিব পাৰে৷
গ্ৰীষ্মকাল অহাৰ লগে লগে প্ৰকৃতিৰ সৈতে অসমৰ সংগ্ৰাম তীব্ৰতৰ হৈ উঠে৷ মে’ মাহত, বানে ৰাজ্যখনৰ বহু ঠাইত বিধ্বংসী ৰূপ ধাৰণ কৰিলে৷ প্ৰবল বৃষ্টিপাতৰ ফলত ভুমিস্খলন হৈ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷ বিশেষকৈ ডিমা হাচাওৰ পৰিস্থিতিয়ে আমাক বিশেষভাৱে শংকিত কৰিলে আৰু তাৎক্ষণিকভাৱে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিলোঁ৷ আমাৰ চৰকাৰখন সদায় পাহাৰীয়া জিলাখনৰ লোকসকলৰ কাষত আছে আৰু প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢাবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ জিলা প্ৰশাসনে এতিয়াও ৰাইজৰ এই অপ্ৰত্যাশিত দুখৰ মুহূৰ্তত ২৪ ঘণ্টাই কাম কৰি আছে৷ মোৰ কেবিনেট সতীৰ্থসকলে সমস্ত প্ৰতিকূলতাক নেওচি যিকোনো উপায়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত উপস্থিত হৈছে৷ আনকি কেন্দ্ৰীয় চৰকাৰেও সহানুভূতিশীল মনোভাৱেৰে আমাৰ পুঁজিৰ অভাৱ অনুভৱ নোহোৱাৰ আশ্বাস দিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই টেলিফোনযোগে মোক ব্যক্তিগতভাৱে সকলো সহায়ৰ আশ্বাস দিছে৷ বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢাবলৈ নাগৰিক আৰু বিভিন্ন প্ৰতিষ্ঠানেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷ যিসময়ত আমাৰ জনগণে প্ৰকৃতিৰ ৰোষৰ পৰা ৰক্ষা পাবলৈ অহৰহ সংগ্ৰাম কৰি আছে তেতিয়া আমিনো কেনেকৈ স্বাচ্ছন্দ্যত থাকিব পাৰোঁ?
শেহতীয়াকৈ ইতিহাসপ্ৰসিদ্ধ বটদ্ৰৱাৰ এখন আৰক্ষী থানা জ্বলাই দিয়াৰ ঘটনাটোৱে মোৰ মনত বৰ দুখ দিছে৷ এনেধৰণৰ ধ্বংসাত্মক ক্ৰোধ গণতন্ত্ৰৰ বাবে মুঠেও স্বাস্থ্যকৰ নহয়৷ এনেধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত কৰাসকলক মই সতৰ্ক কৰি দিবলৈ বিচাৰিছোঁ যে- আমাৰ চৰকাৰে আইন-শৃংখলাৰ ক্ষেত্ৰত অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ আমি আমাৰ সমাজত শান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা থকা কোনোধৰণৰ গতিবিধি সহ্য নকৰোঁ বুলি পুনৰাবৃত্তি কৰাৰ ক্ষেত্ৰতো মোৰ কোনো দ্বিধাবোধ নাই৷