এই ডিচেম্বৰ মাহটো বহুকেইটা আশাপ্ৰদ খবৰৰ সমাহাৰেৰে ৰাজ্যখনৰ বাবে বিশেষ হৈ পৰিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেক’ৰ্ড ব্যুৰ’ৰ ২০২২ বৰ্ষৰ প্ৰতিৱেদনত অসমৰ বাবে আনন্দৰ বতৰা আহিল। এই প্ৰতিৱেদনত ৰাজ্যখনত সংঘটিত অপৰাধৰ সংখ্যা নিম্নগামী হোৱাৰ লগতে মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা নিম্নগামী হোৱাটো অত্যন্ত আনন্দদায়ক। স্মাৰ্ট আৰক্ষী ব্যৱস্থাৰ বাবে যে এয়া সম্ভৱ হৈ উঠিছে তাত দ্বিমত থাকিব নোৱাৰে। ময়ো বিনাদ্বিধাই এয়া স্বীকাৰ কৰিম যে আৰক্ষীক প্ৰয়জনীয় স্বাধীনতাখিনি আমাৰ চৰকাৰে প্ৰদান কৰিছে। আমাৰ নিকা আৰু স্বচ্ছ নিযুক্তি ব্যৱস্থায়ো আইন নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰখনৰ যুৱভৰ্তিসকলক ইতিবাচক দিশত কাম কৰাৰ বাবে আত্মবিশ্বাস প্ৰদান কৰিছে। এই পৰিৱেশে প্ৰকৃততেই আৰক্ষী বিভাগটোক অধিক কাৰ্যকৰী কৰি তুলিবলৈ সক্ষম হৈছে। পৰিসংখ্যাৰ এই তথ্য-পাতিৰ মাজত এটা মন কৰিবলগীয়া দিশ হ’ল ৰাজ্যখনত পঞ্জীভুক্ত হোৱা দুৰ্নীতি সম্পৰ্কীয় গোচৰ। দুৰ্নীতি সম্পৰ্কীয় গোচৰ বৃদ্ধি হোৱাৰ অৰ্থ এয়া নহয় যে ৰাজ্যত দুৰ্নীতি বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হৈছে দুৰ্নীতিৰ নিবাৰণ আৰু নিৰীক্ষণৰ ক্ষেত্ৰত এক কঠোৰ দৃষ্টি প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত সদা সতৰ্ক আৰক্ষীয়ে কোনো প্ৰভাৱশালী ব্যক্তিকো হাৰি যাবলৈ দিয়া নাই। ২০২০ আৰু ২০২১ চনত পঞ্জীভুক্ত হোৱা ১৬টাকৈ গোচৰৰ বিপৰীতে ২০২২ চনত মুঠ ৫৭টা গোচৰ পঞ্জীভুক্ত হৈছে আৰু ৫০গৰাকী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱাৰ সময়ত হাটে-লোটে আটক কৰা হৈছে। ইয়াৰপৰাই অনুমান কৰিব পাৰি যে কোনো অভিযোগ পোৱাৰ পাছত সেই অভিযোগৰ নিষ্পত্তিৰ বাবে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এখন চৰকাৰ হিচাপে যদি আমি জনসাধাৰাণৰ বাবে এক স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ সৃষ্টি কৰিব নোৱাৰোঁ তেন্তে জনসাধাৰাণ আমাৰ চৰকাৰখনে অভিপ্ৰায়ক লৈ সন্দিহান হৈ পৰিব পাৰে। মই অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ বিচাৰিম যে কাৰো কু-অভিপ্ৰায় প্ৰত্যক্ষ কৰি আমি হাত সাবটি বহি নাথাকোঁ। তৃণমূল পৰ্যায়লৈকে আমাৰ ইতিবাচক দৃষ্টিভংগীৰ যি প্ৰভাৱ দেখা পোৱা হৈছে ই অসমৰ যুৱপ্ৰজন্মক হিংসা আৰু অসামাজিক কাৰ্যকলাপৰ পৰা বহু দূৰত প্ৰাণৱন্ত অসমৰ মূলসুঁতিৰ সমাজখন গঢ়ি তোলাৰ দিশত অৰিহণা যোগাবলৈ উদ্বুদ্ধ কৰিছে।
সংসদীয় সমিতিয়ে গৃহ বিভাগৰ অধীনৰ অসম কাৰাগাৰ মুখ্যালয়ৰ পদক্ষেপসমূহক প্ৰশংসা কৰাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়। অসম কাৰাগাৰ মুখ্যালয়ে কাৰাগাৰক শাস্তি গৃহৰ বিপৰীতে সংশোধনী গৃহ কৰি তোলাৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শী পদক্ষেপক আজি দেশবাসীয়ে অনুকৰণ কৰিছে। মই সদায় বিশ্বাস কৰি আহিছোঁ যে কোনো ব্যক্তি আজন্ম অপৰাধী হৈ নাহে। তেওঁক সংশোধন হৈ উন্নত মানৱ ব্যক্তিত্ব হিচাপে গঢ়ি উঠাৰ সুযোগ প্ৰদান নকৰাটো এক অন্যায় হ’ব। আমাৰ সকলোৰে এক অতীত থাকে, সেই অতীতৰ নেতিবাচকতাবোৰ পৰিহাৰ কৰি এক সঠিক পৰিৱেশ আৰু পৰিস্থিতিৰ মাজেৰে আমি প্ৰত্যেকেই এটা গৌৰৱময় জীৱন গঢ়িবলৈ বিচাৰোঁ। অসমৰ সংশোধনী গৃহসমূহত আৰম্ভ কৰা এই সংস্কাৰমূলক পদক্ষেপসমূহে আন ৰাজ্যসমূহকো এক পথ প্ৰদৰ্শন কৰিব পাৰিব।
যোৱা নৱেম্বৰৰপৰা বিকাশৰ সংকল্প যাত্ৰাই ৰাজ্যবাসীৰপৰা যথেষ্ট সঁহাৰি লাভ কৰিছে।ৰাইজৰ সৈতে হোৱা বাৰ্তালাপত মই নিশ্চিত হৈছোঁ যে যদি অভিপ্ৰায় সৎ হয় তেন্তে কোনো এখন আঁচনিয়ে সফলতাৰে ৰাইজক স্পৰ্শ কৰিব পাৰে। মোৰ কেবিনেট সতীৰ্থ আৰু দলৰ সদস্যসকলৰপৰা জ্ঞাত হৈছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণৰ সেৱাত আৰম্ভ কৰা আঁচনিসমূহে ৰাইজৰ জীৱনত আমূল পৰিৱৰ্তন সাধন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত পৰ্যায়ত তেখেতৰ আঁচনিসমূহে নিজৰ লক্ষ্যস্থানত উপনীত হ’ব পাৰিছে নে নাই নিৰীক্ষণ কৰিছে। প্ৰশাসনিক দিশৰপৰা আমাৰ সকলোৰে বাবে এক বিশেষ পাঠ– অভিপ্ৰায় সঠিক হ’লে ইতিবাচক ফলাফল সুনিশ্চিত হ’ব। অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকী আৰু আমাৰ চৰকাৰে এতিয়াও সম্পূৰ্ণ সফল হোৱাত আনন্দ উদযাপন কৰা নাই। আমি সমাজৰ অন্তিমজন ব্যক্তিও নিজৰ প্ৰাপ্যৰপৰা বাদ পৰি নোযোৱাটো নিশ্চিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি যাম।
এনে এক উদ্দেশ্যৰেই আমি আই মাতৃসকলৰ বাবে অৰুণোদয় আৰু আন আন তেনে উল্লেখযোগ্য আঁচনিৰ সম্প্ৰসাৰণ কৰিছোঁ। কেৱল আমি পৰিসংখ্যা বৃদ্ধি কৰা নাই আমি তেওঁলোকে লাভ কৰা সুবিধা বা ধনৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি কৰিছোঁ। আমি উপলব্ধি কৰিছোঁ যে আইমাতৃ আৰু ভগ্নীসকলক প্ৰদান কৰা প্ৰতিটো টকায়ে সামগ্ৰিকভাৱে ৰাইজৰ কল্যাণ সাধন কৰিছে। বহু অৰ্থনৈতিক বাধা থকা আমাৰ দৰে ৰাজ্য এখনত এনে ধৰণৰ এক সবল পদক্ষেপ গ্ৰহণ কৰিবলৈ সমৰ্থ হোৱাৰ আঁৰত আছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ একান্ত আৰু নিঃচৰ্ত সহযোগ। অসমৰ বিকাশ যাত্ৰাক লৈ তেওঁলোক বিশ্বাসী আৰু আমি সেয়েহে বিনাদ্বিধাই এনে জনমুখী আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। কেন্দ্ৰৰ পৰা আমি লাভ কৰা এই দৃষ্টিভংগীয়ে বিশ্বৰ সন্মুখত অসমৰ অনন্য স্বৰূপটোক জিলিকাই তুলিছে। এই সুযোগতে মই অসমৰ ভাই-ভনীসকলক অনাগত বছৰসমূহত অসমৰ উন্নয়ন যাত্ৰাৰ সহযাত্ৰী হৈ যাবলৈ অনুৰোধ জনাইছোঁ।
আপোনাসৱলৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভকামনা যাচিলোঁI