এক অতি উৎসাহজনক অনুভৱৰ সৈতে মোৰ মনৰ বাৰ্তা আপোনাসৱলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। ক্ৰীড়া ক্ষেত্ৰখনত গ্ৰহণ কৰা আমাৰ বিশেষ পদক্ষেপ খেল মহাৰণে বয়স, ভৌগোলিক অৱস্থান, জিলা আৰু লিংগ ভেদে ৰাজ্যখনৰ ক্ৰীড়া উদ্যমীসকলক দক্ষতা প্ৰদৰ্শনৰ হেতু উদ্বুদ্ধ কৰিছে। পাঁচটা নিৰ্বাচিত শাখাত কিশোৰ-কিশোৰীৰপৰা আইমাতৃসকলৰ অংশগ্ৰহণে আমাক উৎসাহিত কৰিছে। খেল মহাৰণে প্ৰমাণ কৰিছে যে দক্ষতাৰ পথত কোনো হেঙাৰ থাকিব নোৱাৰে। আমাৰ বিষয়াসকলৰপৰা মই অৱগত হৈছোঁ যে গ্ৰামাঞ্চলত বহু শ্ৰেষ্ঠ প্ৰতিভাৰ উমান পোৱা গৈছে। মই বিশ্বাস কৰোঁ যে আমাৰ এই প্ৰচেষ্টাই উৎকৃষ্ট ক্ৰীড়া প্ৰতিভাসমূহৰ সন্ধান দিব আৰু অদূৰ ভৱিষ্যতে যিসকলে আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি আমাক গৌৰৱান্বিত কৰিব। এয়াও অৱশ্যে স্বীকাৰ কৰিব লাগিব যে কেৱল প্ৰতিভাৰ চিনাক্ত কৰিলেই আমাৰ দায়িত্ব শেষ হৈ নাযায়, আমি এই প্ৰতিভাসমূহক সঠিক প্ৰশিক্ষণ আৰু পৰিৱেশ প্ৰদান কৰি শ্ৰেষ্ঠতম প্ৰদৰ্শনৰ বাবে সাজু কৰিব লাগিব। আমি ৰাজ্যখনত বিশ্বমানৰ খেলুৱৈ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ। অসম খেল মহাৰণ কেৱল এটা আৰম্ভণিহে। আমাৰ প্ৰাৰম্ভিক সফলতাক অনন্য ৰূপ প্ৰদানৰ বাবে আমি এক বিশাল পৰিকল্পনা প্ৰস্তুত কৰিছোঁ।
প্ৰশাসনযন্ত্ৰটিত নিকা ব্যৱস্থা বাহাল ৰাখিবলৈ আমাৰ চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি নিশ্চিত কৰিছোঁ। যোৱা কেইটামান সপ্তাহত আমি গ্ৰহণ কৰা কিছুমান পদক্ষেপে এক নিকা আৰু স্বচ্ছ ব্যৱস্থাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে যে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব সেইক্ষেত্ৰত আপোনাসৱক আশ্বস্ত কৰিছে। বিগত দিনত মুখ্য প্ৰশাসনিক, ৰাজহ আৰু আৰক্ষী বিষয়া আদিক আটক কৰাটো হৈছে ইয়াৰেই এক ইংগিত। আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ কিনা-বেচা তথা আনৰ প্ৰভাৱ দেখুৱাই চাকৰি গ্ৰহণ কৰা আদি নোহোৱা কৰাটো নিশ্চিত কৰিবলৈ বিচাৰিছোঁ। ৰাজ্যখনৰ ভৱিষ্যৎ নিৰ্ণয়ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা থকা গুৰুত্বপূৰ্ণ পদসমূহত আমি কোনোপধ্যে প্ৰভাৱ আৰু কৰ্তৃত্ব দেখুৱাই অহা বিষয়াক স্থান দিব নোৱাৰোঁ। এনে হৈ থাকিলে আমাক পৰৱৰ্তী প্ৰজন্মই কেতিয়াও ক্ষমা নকৰিব। আমাৰ সন্তানৰ বাবে আমি এক স্বচ্ছ আৰু নিকা শাসন ব্যৱস্থাৰ ধাৰাৰ ভেটি গঢ়াটো আমাৰেই দায়িত্ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে দেখুৱাই দিয়া পথেৰে মই ইয়াক সুনিশ্চিত কৰিবলৈ বিচাৰোঁ।
আমাৰ চৰকাৰে ৰাজ্যখনত উদ্যমিতাক উদ্বুদ্ধ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহে লাহে লাহে সুফল লাভ কৰিবলৈ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত ২.২৯ লাখতকৈও অধিক যুৱক-যুৱতীয়ে ঋণ আৰু সহায়ৰ বাবে আৱেদন কৰিছে। ৰাজ্যখনৰ সকলো জিলাৰপৰাই আমি অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিলোঁ। এবছৰৰ আগলৈকে হয়তো বহুজনে চৰকাৰী চাকৰিকেই সফলতা হিচাপে ধৰি ব্যৱসায় ৰাজ্যৰ বাহিৰৰ ব্যক্তিৰ বাবেহে বুলি গণ্য কৰিছিল। এতিয়া এই দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈছে। আমাৰ অধিকাংশ যুৱক-যুৱতীয়ে উদ্যমিতাৰ নৱ-ধাৰণাৰ সৈতে আগবাঢ়ি আহিছে, মাথোঁ তেওঁলোকক প্ৰয়োজন কিছু সহযোগিতাৰ। এখন চৰকাৰ হিচাপে বহুক্ষেত্ৰত থকা সীমাবদ্ধতা নেওচি আমি এনে আঁচনি প্ৰস্তুত কৰিছোঁ যি আমাৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে ৰাজ্যখনকো স্বাৱলম্বী হিচাপে গঢ় দিব পাৰে। আমাৰ ওচৰলৈ অহা বিভিন্ন প্ৰস্তাৱসমূহ দেখা পাই মই অভিভূত হৈ পৰিছোঁ। ই্ প্ৰমাণ কৰিছে যে কেৱল চৰকাৰী চাকৰিহে সুখ আৰু সুৰক্ষাৰ একমাত্ৰ উপায় বুলি ভাবি থকাৰ মানসিকতাৰ সলনি হৈছে। মই বিশ্বাস কৰোঁ যে অনাগত বছৰসমূহত ব্যক্তিগত খণ্ডত অধিকসংখ্যক নিযুক্তিৰ সৃষ্টি হ’ব আৰু ষ্টাৰ্টআপৰ বাবে এক সুস্থ প্ৰতিযোগিতাৰ শুভাৰম্ভ হ’ব। এখন চৰকাৰ হিচাপে আমি সকলোৰে সমৃদ্ধিৰ পৰিচয় কঢ়িয়াই অনা এই পৰিৱেশক আগুৱাই নিবলৈ প্ৰতিদিনে সহযোগিতা আগবঢ়াই যাম।
ভূটানৰ মহামান্য নৃপতিগৰাকীয়ে অসম ভ্ৰমণ কৰাটো ৰাজ্যখনৰ নাগৰিক হিচাপে আৰু এগৰাকী মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে আটাইতকৈ স্মৰণীয় মুহূৰ্ত হৈ ৰ’ব। অসমত প্ৰথমবাৰৰ বাবে এখন ৰাষ্ট্ৰৰ মুৰব্বীগৰাকীক আতিথ্য প্ৰদান কৰাৰ অনুভৱ আমাৰ সকলোৰে বাবে সুকীয়া আছিল। দ্ৰুক গিয়ালপোৰ সৈতে কথোপকথনে মোক যথেষ্ট প্ৰভাৱিত কৰি তুলিছিল। মই উপলব্ধি কৰিছিলোঁ যে সৰলতাই মানুহৰ মন আৰু হৃদয় স্পৰ্শ কৰাৰ পথ। ভূটানৰ সৈতে আমি ভ্ৰমণ, বাণিজ্য আৰু ভৌগোলিক সীমাৰ এক সমৃদ্ধ ইতিহাস ভাগ-বাটোৱাৰা কৰোঁ আৰু সেয়ে আমি দুয়োখন স্থান সম্পৰ্কীয় কিছু বিষয় সম্পৰ্কেও আলোচনা কৰিছিলোঁ। অসম ভ্ৰমণৰ সময়ছোৱা তেখেতে সুন্দৰকৈ উপভোগ কৰিছে বুলি জানিবলৈ পোৱাটো মোৰ বাবে আছিল আনন্দদায়ক। আমাৰ বিষয়াসকলে অৱগত কৰিছে যে তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ ৰাজ্যখন ভ্ৰমণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ভাৰত চৰকাৰ আৰু ভূটানৰ মাজত নতুন দিল্লীত জাৰি কৰা যুটীয়া ঘোষণাপত্ৰখন এই আন্তৰিকাতাপূৰ্ণ ভ্ৰমণৰ উল্লেখনীয় দিশ আছিল। এই ঘোষণাপত্ৰত অসম সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয়বস্ত সাঙুৰি লোৱা হৈছে। এই যৌথ ঘোষণাপত্ৰখনৰ বিষয়সমূহক যুক্তিসংগতভাৱে ৰূপায়িত কৰাটো আমি নিশ্চিত কৰিম আৰু ভূটানৰ মহামান্য নৃপতিগৰাকীৰ এই ভ্ৰমণৰ স্মৃতিক আমি আমাৰ হৃদয়ত চিৰযুগমীয়া কৰি ৰাখিম।