ৰাজ্য চৰকাৰ এখনৰ সফলতা নিৰ্ধাৰণ কৰাৰ সৰ্বশ্ৰেষ্ঠ মাপকাঠী হৈছে চৰকাৰখনে জনসাধাৰণক সবলীকৃত কৰাৰ দিশত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এই সফলতাৰ মাত্ৰাক অনন্য ৰূপ প্ৰদান কৰিবলৈ আমি মহিলাসকলক কিমান সবলীকৃত কৰিব পাৰিছোঁ সেই দিশটো মন কৰাটোও প্ৰয়োজন৷ আমাৰ চৰকাৰে অসমৰ মহিলাসকলক সবলীকৰণ কৰাৰ উদ্দেশ্যে সংস্কাৰমূলক আৰু সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ বিধান সভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা আমাৰ প্ৰতিশ্ৰুতি অনুসৰি দুৰ্ভাগ্যবশতঃ ক’ভিড অতিমাৰীৰ বাবে ঋণগ্ৰস্ত হৈ পৰা ৰাজ্যখনৰ মহিলাসকলক ঋণযোগ্যতাৰ শ্ৰেণীলৈ ঘূৰাই অনাৰ বাবে ঋণ ৰেহাই প্ৰদানৰ লক্ষ্য গ্ৰহণ কৰিছিলোঁ৷ এই পদক্ষেপৰ উদ্দেশ্য আছিল যাতে তেওঁলোকে নিজৰ ক্ষুদ্ৰ ব্যৱসায়ৰ লগতে নিজৰ সামাজিক সন্মানৰ পুনৰুদ্ধাৰ কৰিব পাৰে৷ দেশৰ ভিতৰতে এক উদাহৰণৰ সৃষ্টি কৰি আমি মাত্ৰ দুবছৰৰ ভিতৰত এই লক্ষ্যপ্ৰাপ্তি প্ৰায় সম্ভৱ কৰি তুলিলোঁ৷
যোৱা ছেপ্টেম্বৰত আমি অসম মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই আঁচনি আইন, ২০২১ৰ তৃতীয় পৰ্যায়ত আমাৰ দহ সহস্ৰাধিক আই-মাতৃৰ ঋণযোগ্যতা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হলোঁ৷ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ চৰকাৰে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ ৩.৬৯ লাখৰো অধিক শিক্ষাৰ্থীক নিয়মীয়াকৈ বিদ্যালয়লৈ অহা-যোৱা কৰিবলৈ চাইকেল প্ৰদান কৰাৰ ব্যৱস্থা লয়৷ আমাৰ চৰকাৰে উপলব্ধি কৰে যে এজন শিক্ষাৰ্থীৰ বাবে পৰিবহণৰ এক মাধ্যম যথেষ্ট প্ৰয়োজনীয়৷ আমি লক্ষ্য কৰিছোঁ যে গাঁও আৰু চাহ বাগিচা অঞ্চলত বিদ্যালয়সমূহৰ অৱস্থিতিৰ ব্যৱধান যথেষ্ট বেছি৷
ৰাজ্যখনৰ বহুতো শিক্ষাৰ্থীয়ে, বিশেষকৈ ছোৱালীবোৰে এই সমস্যাৰ বাবে পঢ়া-শুনাত ক্ষতিৰ সন্মুখীন হয় বা পঢ়া বাদ দিবলগীয়া হয়৷ অহা বছৰ, আমি অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এই বিশেষ আঁচনিৰ পৰিধিৰ অধীনলৈ অনাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ৷ এই ব্যৱস্থাই শিক্ষাৰ্থীসকলক এই দিশত স্বতন্ত্ৰ কৰি তোলাৰ লগতে স্বাস্থ্যৱানো কৰি ৰাখিব৷ ৰাজ্যখনৰ আই-মাতৃসকলক শক্তিশালী কৰি ৰখাৰ অন্যতম এক আঁচনি হৈছে অৰুণোদয়৷ অৰুণোদয়ৰ অধীনত আমি নিৰ্দিষ্ট চৰ্তৰ আধাৰত মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ এটা নিৰ্দিষ্ট পৰিমাণ স্থানান্তৰ কৰোঁ৷ ২৬ লক্ষাধিক মহিলাই এতিয়া এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷ আমি প্ৰতিমাহে প্ৰদান কৰা এই ১২৫০ টকাই আজি তেওঁলোকৰ স্বাস্থ্য আৰু সন্তানৰ শিক্ষাৰ যতন ল’বলৈ সকাহ প্ৰদান কৰিছে৷ এই ক্ষুদ্ৰ ক্ষুদ্ৰ কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপসমূহে আই-মাতৃসকলৰ মুখত হাঁহি বিৰঙাইছে৷ আজি তেওঁলোকৰ এই বিশ্বাস শক্তিশালী হৈ পৰিছে যে তেওঁলোকে নিৰ্বাচন কৰা এই চৰকাৰখন জনমুখী চিন্তাৰে সমৃদ্ধ৷
শাৰদীয় বতৰত মা দুৰ্গাৰ আশিষ পাবলৈ মই ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ সময়ত জ্ঞাত হৈছিলোঁ যে সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে অসমৰ চুকে-কোণে যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে৷ অসমৰ বৈচিত্ৰপূৰ্ণ জন-জীৱন সাংস্কৃতিক সমৃদ্ধিৰ পৰা বঞ্চিত হ’ব নোৱাৰে৷ আমাৰ যুৱপ্ৰজন্মৰ সহজাত সম্ভাৱনা কঢ়িয়াই আনি তেওঁলোকক আমাৰ সংস্কৃতিৰ শিপাডালৰ সৈতে জড়িত কৰি ৰাখিবলৈ এই মহাসংগ্ৰামৰ ধাৰণা গ্ৰহণ কৰা হৈছে৷ মই আশা কৰিম যে প্ৰায় ১০ লাখ লোক এই মহাসংগ্ৰামৰ অংশ হ’ব৷ মই নিশ্চিত যে ব্যক্তিগত প্ৰত্যাহ্বান অতিক্ৰম কৰি ৰাজ্যখনৰ প্ৰান্তীয় অঞ্চলসমূহৰপৰাও প্ৰতিভাৰ উদ্ভৱ হ’ব৷ ঠিক একে ধৰণে, খেল মহাসংগ্ৰামে ক্ৰীড়া ক্ষেত্ৰত প্ৰতিভাসমূহৰ বাবে এক মঞ্চ প্ৰদান কৰিব৷
শেহতীয়াকৈ অসমৰ খেলুৱৈসকলে বিভিন্ন মঞ্চত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনে এই মহাসংগ্ৰামত ব্যাপক অংশগ্ৰহণৰ বাবে সকলোকে উৎসাহিত কৰিব৷ আমি আশাবাদী যে সমগ্ৰ ভাৰত তথা বিশ্বতে আমাৰ ক্ৰীড়া প্ৰতিভাসমূহে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ব৷ এই ক্ৰীড়া প্ৰতিযোগিতাখনে ৰাজ্যখনত ৫০ লক্ষাধিক যুৱক-যুৱতীৰ জীৱন স্পৰ্শ কৰিব৷ ক্ৰীড়া আৰু সংস্কৃতি হৈছে একতাৰ অস্ত্ৰ৷ মই আশাবাদী যে প্ৰতিযোগিতামূলক হ’লেও এই দুয়োখন মঞ্চই আমাৰ হৃদয়ক একত্ৰিত কৰিব৷ আমাৰ চৰকাৰে ভৱিষ্যতেও এনে জনমুখী আৰু জন-অংশীদাৰিত্বৰে পূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি যাব৷
আমি ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰা অবিৰত কৰি ৰাখিছোঁ৷ অক্টোবৰত, মই বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কৰিলোঁ৷ এই প্ৰকল্পসমূহে অঞ্চলটোৰ বাসিন্দাসকলৰ জীৱন সহজ কৰি তুলিব আৰু অনাগত বছৰত ইয়াৰ জনসাধাৰণ আৰু অৰ্থনীতিৰ বিকাশ নিশ্চিত কৰিব৷ প্ৰকল্পসমূহ যদি সঠিক স্থানত সঠিকভাৱে প্ৰতিষ্ঠা হয় ই সমৃদ্ধিৰ আহিলা হৈ পৰে৷ আমাৰ চৰকাৰে এই দিশটোক গুৰুত্ব প্ৰদান কৰি আহিছে৷ যিকোনো এখন চৰকাৰে সকলো অঞ্চলৰ সম-বিকাশ নিশ্চিত কৰাটো প্ৰয়োজনীয়৷ ইয়াক নিশ্চিত কৰিবলৈ মই সদায়ে গুৰুত্ব প্ৰদান কৰি আহিছোঁ৷ কোনো উন্নত ঠাইত আন্তঃগাঁথনি থাকিলেহে বিকাশমূলক কাম কৰাটো সহজ ধৰণৰ চিন্তা এখন সক্ৰিয় চৰকাৰৰ দৃষ্টিভংগী হ’ব নোৱাৰে৷ আমাৰ চৰকাৰৰ দায়িত্ব হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কল্পনাক সাকাৰ ৰূপ প্ৰদান কৰি এক সমদৃষ্টিভংগীৰে সবকা সাথ, সবকা বিকাশ নিশ্চিত কৰা।