এটা ব্যৱসায়ৰ আয়ুস ৰেখা হৈছে সেই ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় হোৱা অৰ্থৰ উপলভ্যতা৷ মহাবিদ্যালয়ৰ শিক্ষাৰ পৰা লাভ কৰা এই জ্ঞানে আমাৰ জীৱন আৰু সময়ৰ পৰীক্ষাত সহায় কৰি আহিছে৷ সততে হোৱা এটা ধাৰণা যে ব্যৱসায়ৰ পাঠ বাণিজ্য বিভাগত অধ্যয়ন কৰিলেহে পোৱা যায়৷ অৱশ্যে আজিৰ যুগত বাণিজ্য অধ্যয়ন নকৰাসকলেও বুজি পায় যে ব্যৱসায় আৰু বিত্তৰ প্ৰয়োজনীয়তা কি৷ বৰ্তমান এখন চৰকাৰ হিচাপে আমি জ্ঞাত যে বিত্ত তথা বিনিয়োগ এখন ৰাজ্য আৰু জনসাধাৰণৰ বাবে সৃষ্ট কল্যাণকামী নীতিসমূহৰ আয়ুস ৰেখা৷
সেই দিশত ছেপ্টেম্বৰ মাহটো আমাৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ৷ আমাৰ ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ সীমাহীন সম্ভাৱনাক এক গতি প্ৰদান কৰিবলৈ উদ্যমিতা আৰু সুযোগৰ এক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে ৫,০০০ কোটি টকাৰ এক আঁচনি আৰম্ভ কৰিছোঁ৷ মাননীয় প্ৰধানমন্ত্ৰীৰ দৃষ্টিত এই পদক্ষেপে আমাৰ দেশখনক নিয়োগ সৃষ্টিকৰ্তাৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাব৷ আত্মনিৰ্ভৰ অসম গঢ়াৰ এই নীতিগত পদক্ষেপৰ অধীনত ৰাজ্যখনৰ দুই লাখ উদ্যমী প্ৰতিভাক সামৰি লোৱা হ’ব৷ এই নীতিৰ সফল ৰূপায়ণৰ পাছত আমাৰ ৰাজ্যখনে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিব৷
এটা প্ৰশ্ন এইখিনিতে আমি নিজকে সুধি চাব পাৰোঁ – উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যদি আমি এক শক্তিশালী নীতি নিৰ্ধাৰন নকৰোঁ, তেন্তে উদ্যমিতাৰ পৰিস্থিতি তন্ত্ৰ সঠিক দিশত পৰিচালিত হ’বনে? অন্যান্য কিছুমান ৰাজ্যৰ তুলনাত আমি এই দিশত কেইবাটাও দশক পিছুৱাই আছোঁ৷ কিন্তু আমি সেই লক্ষ্যত উপনীত হ’বলৈ আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ৷ সেয়েহে, মোৰ কাৰ্যালয় সপ্তাহৰ প্ৰতিদিনে, দিনটোৰ ২৪ ঘণ্টাই খোলা ৰখাৰ সিদ্ধান্ত লৈছোঁ যাতে বৃহৎ বিনিয়োগকৰ্তাসকলৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিলম্ব নহয়৷ এই বিনিয়োগকৰ্তাসকলক অসমৰ বিকাশ যাত্ৰাৰ সৈতে জড়িত কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই বছৰটোতেই আমি ১১,০০০ কোটি টকাৰ অধিক বিনিয়োগ ৰাজ্যখনলৈ আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছোঁ যি ১০,০০০ৰো অধিক সংস্থাপনৰ সৃষ্টি কৰিব৷ এই বিনিয়োগকৰ্তাসকলৰ ভিতৰত পেপছিক’ ইণ্ডিয়াৰ দৰে অগ্ৰণী প্ৰতিষ্ঠানো আছে৷ পেপছিক’ ইণ্ডিয়াই শীঘ্ৰেই নলবাৰীত প্ৰায় ৭৭৮ কোটি টকা বিনিয়োগ কৰিবলৈ সাজু হৈছে৷ প্ৰান্তীয় বুলি ভাবি থকা অঞ্চলসমূহত উদ্যোগৰ সংখ্যা বৃদ্ধি পালেহে সম-উন্নয়নৰ ধাৰণা স্পষ্ট হ’ব৷ ৰাজ্য এখনৰ সফল ঔদ্যোগিক নীতি সকলোৰে বাবে সকলো অঞ্চলতে সম-সুবিধাৰ সৈতে বিতৰণ হ’ব লাগে৷ তেতিয়া ই সকলো স্তৰতে সংস্থাপনৰ সৃষ্টি কৰাৰ লগতে অপ্ৰয়োজনীয় চহৰমুখিতাক প্ৰতিহত কৰিব৷ উদ্যোগ বা উদ্যমী, সকলোৰে বাবে সম-উন্নয়নৰ সংস্কৃতি গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷
কেৱল উদ্যোগ বা উদ্যমিতাৰ বিকাশ হ’লে লক্ষ্য প্ৰাপ্তি নহ’ব৷ এখন ৰাজ্যত এই পৰিৱেশ গঢ়ি তোলাৰ বাবে মানৱ সম্পদৰ দক্ষতাও সমানে প্ৰয়োজনীয়৷ চৰকাৰখনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়তেই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমক উদ্যোগ ৪.০-ৰ সক্ৰিয় অংশীদাৰ কৰি তোলাটো নিশ্চিত কৰিম আৰু সেই উদ্দেশ্যে দক্ষতা বিকাশ হ’ব আমাৰ লক্ষ্যৰ কেন্দ্ৰবিন্দু৷
সেয়ে আমি এক সমৰ্পিত দক্ষতা বিশ্ববিদ্যালয়ৰ স্থাপন আৰু আইটিআই তথা পলিটেকনিকসমূহৰ উন্নীতকৰণৰ উদ্দেশ্যে ৪,০০০ কোটি টকা বিনিয়োগ কৰাৰ দিশে আগবাঢ়িছোঁ৷ এই পদক্ষেপে বিনিয়োগকৰ্তাসকলক দক্ষ মানৱ সম্পদৰ উপলভ্যতাৰ শংকা আঁতৰ কৰি বিনিয়োগ কৰিবলৈ উৎসাহী কৰি তুলিব৷
অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি(এএমএফআইআৰএছ) ২০২১-ৰ তৃতীয় শ্ৰেণীৰ তৃতীয় পৰ্যায়ৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়াই মোক আৰু আমাৰ চৰকাৰখনক এক আত্মসন্তুষ্টি প্ৰদান কৰিছে৷ এই আঁচনিৰ অধীনত আমি ২.২২ লাখৰো অধিক মহিলা ঋণগ্ৰহণকৰ্তাৰ ২৯১ কোটি টকা বকেয়া ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলোঁ৷ এই পদক্ষেপে আমাক দুটাকৈ লক্ষ্যপ্ৰাপ্তিত সহায় কৰিব: এই হিতাধিকাৰীসকলক বিত্তীয় ঋণযোগ্য শ্ৰেণীলৈ ওভতাই আনিব আৰু অনাগত সময়ত বিত্তীয় দায়বদ্ধতাৰ সৈতে সন্মানীয় জীৱন যাপন কৰিবলৈ তেওঁলোকক সক্ষম কৰি তুলিব৷ এনে ধৰণৰ নীতিৰ গ্ৰহণ নকৰাহেঁতেন আমি ৰাজ্যখনৰ বহু উদ্যমিতাৰ সম্ভাৱনাক পুলিতে উঘালি পেলোৱাৰ দৰে হ’লহেঁতেন৷
ক’ভিডকালীন পৰিস্থিতিৰ বাবে ক্ষুদ্ৰ উদ্যমীসকল এক বৃহৎ ক্ষতিৰ মুখামুখি হৈছিল৷ এনে উদ্যমীক সকাহ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত ঋণ বিতৰণ কৰাৰ ক্ষেত্ৰত অসম সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকৰ্তা ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ আমাৰ ৰাজ্যত ঋণ বিতৰণৰ হাৰ হৈছে ৯৭%৷ ইয়াক লৈ আমি নিশ্চয় গৌৰৱান্বিত হ’ব পাৰোঁ৷ চৰকাৰ এখনে কেৱল বৃহৎ বিনিয়োগকৰ্তাসকলৰ বাবে ৰঙাদলিচা পাৰি দিলেই নহ’ব, ইয়াৰ লগতে ‘উন্নয়নৰ পিৰামিডটো’ৰ তলত অৱস্থান কৰাসকলৰো দায়িত্ব ল’ব লাগিব৷ এই পদক্ষেপে আমাৰ চৰকাৰৰ এই সদিচ্ছাক স্পষ্টৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে৷
১৭ ছেপ্টেম্বৰ আছিল সেউজ অসমৰ সেউজ গঢ়াৰ দিন৷ আমি এটা দিনত ৭০ লাখতকৈও অধিক গছপুলি ৰোপণ কৰাৰ লগতে প্ৰায় ৯ দিনৰ ভিতৰত ১ কোটিতকৈও অধিক গছপুলি ৰোপণ কৰিলোঁ৷ এই পদক্ষেপৰ অধীনত একাধিক অভিলেখো সৃষ্টি কৰিলোঁ৷ এয়া আছিল নাগৰিকে নেতৃত্ব লোৱা আন্দোলনৰ এক ঐতিহাসিক ক্ষণ৷ ৰাজ্যজুৰি সমূহীয়া সহযোগিতা আৰু দায়িত্ববোধৰ ইংগিত প্ৰদান কৰি এই অভিযান সফল হৈ পৰিল৷ এই গছপুলিসমূহে বৰ্তমানৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও অৰ্থনৈতিক আৰু পৰিৱেশ সম্পৰকীয় সুফলাফল প্ৰদান কৰিব৷ ইয়াৰ ফলত এসময়ৰ আমাৰ গৌৰৱ কাঠ-আধাৰিত উদ্যোগসমূহ পুনৰুজ্জীৱিত হৈ উঠিব৷