যোৱা ২৫ আগষ্টত অনুষ্ঠিত কেবিনেট বৈঠকখনক অসমৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখনীয় খোজ হিচাপে অভিহিত কৰিব পাৰি৷ এই বৈঠকৰ উৎসাহ আৰু অংশীদাৰিত্বই বৰ্তমানৰ ৰাজ্যখনৰ বাস্তৱ ছবিখন প্ৰতিফলিত কৰে৷ কেবিনেট বৈঠকত এতিয়ালৈকে গ্ৰহণ কৰা ১,২৩৮টা সিদ্ধান্তৰ ভিতৰত ১,২১৭টা সিদ্ধান্ত ইতিমধ্যে কাৰ্যকৰী হৈছে বা ৰূপায়িত হোৱাৰ পথত আছে৷ ইয়াৰ অৰ্থ হৈছে যে কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ পালন কৰাৰ হাৰ ৯৮%৷
মই নিশ্চিত যে এয়া ভাৰতৰ ভিতৰতে এক বিৰল সাফল্য৷ সফলতাৰ বাবে কোনো যাদুকৰী উপকৰণ নাথাকে৷ সিদ্ধান্ত এটা গ্ৰহণৰ সময়ত ‘ৰাইজৰ বিষয়ে আৰু ৰাইজৰ বাবে’ কৰা চিন্তাই হৈছে সফলতাৰ চাবি-কাঠী৷ কেবিনেট বৈঠকত সিদ্ধান্ত এটা গ্ৰহণ কৰাৰ মুহূৰ্তত আমাৰ মূলমন্ত্ৰ হিচাপে প্ৰতিদিনে আমি নিজকে দুটা প্ৰশ্ন সোধোঁ – এই সিদ্ধান্ত আমাৰ আপোন অসমবাসীৰ বাবে লাভজনকনে? এই সিদ্ধান্তই ৰাজ্যখনক লাভান্বিত কৰিবনে? এই প্ৰগতিৰ বাবে মই সুখী হৈছোঁ আৰু এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত আগবঢ়োৱা দৃঢ় সমৰ্থনৰ বাবে মোৰ কেবিনেট সতীৰ্থসকলক অভিনন্দন জনাইছোঁ৷ এই বৈঠকসমূহ ভিন্ন স্থানত অনুষ্ঠিত হৈছিল৷ আমাৰ কেবিনেট সতীৰ্থসকলে এই বৈঠকসমূহৰ সফল সমাপনৰ বাবে বিভিন্ন স্থান ভ্ৰমণ কৰিবলগীয়া হৈছিল৷ আজি অসমৰ উন্নয়ন যাত্ৰাৰ সফলতাৰ আঁৰত মসৃণভাৱে ৰূপায়িত হোৱা এই সিদ্ধান্তসমূহৰ অৱদান উল্লেখনীয় হৈ পৰিছে৷ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাটো আৰু তৃণমূল পৰ্যায়ত এই সিদ্ধান্তসমূহৰ ৰূপায়ণ হোৱাৰ মাজত এক
সামঞ্জস্য থকাটো প্ৰয়োজন৷ কোনো সিদ্ধান্ত কাগজতে সীমাবদ্ধ কৰি ৰখাৰ বিপৰীতে সঠিক নিৰীক্ষণৰ মাজেৰে ৰূপায়িত কৰিলেহে ইয়াৰ আশানুৰূপ ফলাফল লাভ কৰিব পাৰি৷ এয়া সন্তুষ্টিৰ বিষয় যে কিছুমান বিভাগে এই কেবিনেট সিদ্ধান্তসমূহ ১০০% ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছে আৰু আন বিভাগসমূহেও এই দিশত আগবাঢ়িবলৈ অহৰহ চেষ্টা কৰি আছে৷
যোৱা কেবিনেট বৈঠকত চাৰিখন জিলাৰ পুনৰ্গঠন আৰু ৮১খন উপ-জিলা গঠনৰ সিদ্ধান্তক আমি ৰাজ্যখনৰ প্ৰশাসনিক সংস্কাৰ সাধনৰ দিশত এক উল্লেখনীয় পদক্ষেপ হিচাপে অভিহিত কৰিব পাৰোঁ৷ ৰাজ্যখনৰ বিভিন্ন স্থান ভ্ৰমণৰ সময়ত ৰাইজৰ মতামতৰ ভিত্তিত আহৰণ কৰা ব্যক্তিগত অভিজ্ঞতাই এই সংস্কাৰ সাধন কৰাৰ বাবে আমাক নিশ্চয়তা প্ৰদান কৰিছে৷ এই পদক্ষেপৰ জৰিয়তে আমি ৰাইজক অধিক কাৰ্যকৰীভাৱে সেৱা আগবঢ়াব পাৰিম আৰু আমাৰ নীতিৰ লগতে আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতো অধিক কাৰ্যক্ষম হ’ব পাৰিম৷ এই উপ-জিলাসমূহ গঠন হোৱাৰ পাছত ৰাইজৰ আশা পূৰণ কৰাৰ উদ্দেশ্যে প্ৰয়োজন হোৱা মানৱ সম্পদৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অহা কেইমাহমানৰ ভিতৰতে আমি প্ৰায় ২২,০০০ নতুন নিযুক্তি প্ৰদান কৰিম৷ অৰ্থনৈতিক বিকাশৰ সৈতে খোজ মিলাই আমি প্ৰতিটো চৰকাৰী খালী পদ পূৰণ কৰিম যাতে ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত আমি পিছপৰি নৰওঁ৷
২০২১ চনৰ মে’ত আমি গ্ৰহণ কৰা প্ৰথম কেবিনেট সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম আছিল ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰত ২,১৮৭ কোটি টকাৰ বিনিয়োগেৰে অসম চৰকাৰৰ অংশীদাৰিত্ব ২৬% গুৱাহাটীত বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ
বৃদ্ধি কৰা৷ সেই সময়ত পুঁজি আহৰণ কৰাটো কঠিন আছিল যদিও আমাৰ লক্ষ্য সুদৃঢ় আছিল৷ প্ৰশংসনীয় বিত্তীয় লাভালাভে এই সিদ্ধান্তৰ ফলপ্ৰসূতা প্ৰতিফলিত কৰিছে৷ চলিত বিত্তীয় বৰ্ষত নুমলীগড় শোধনাগাৰে ৩,৭০১ কোটি টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলত আমি পথ নিৰ্মাণ বা আন্তঃগাঁথনি উন্নয়ন আদি জনমুখী ক্ষেত্ৰসমূহত বিনিয়োগ কৰিবলৈ প্ৰেৰণা লাভ কৰিছোঁ৷ এনে সিদ্ধান্তই আমাক অন্যান্য ৰাজ্যৰ তুলনাত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে৷ যিসময়ত অন্যান্য ৰাজ্যসমূহত বৰ্ধিত মূল্যই ৰাইজক ব্যতিব্যস্ত কৰি তুলিছে সেইসময়ত অসমবাসীয়ে এই ক্ষেত্ৰত যথেষ্ট সকাহ পাইছে৷ মই আপোনাসৱক আশ্বাস প্ৰদান কৰিবলৈ বিচাৰিম যে জনমুখী দৃষ্টিভংগী আমাৰ চৰকাৰৰ বিশেষত্ব হৈ থাকিব৷
আমি যোৱা কেবিনেটত এই পৰিৱৰ্তনশীল সময়ৰ সৈতে খাপ খোৱাকৈ অৰ্ধপৰিবাহী নীতিৰ বাবে অনুমোদন জনাইছোঁ৷ আমাৰ ওচৰত প্ৰতিভাৰ অভাৱ নাই আৰু আমি এক অনন্য পৰিস্থিতি তন্ত্ৰৰ অধিকাৰী৷ উচ্চ মূল্য আৰু বিশেষ উৎপাদন দক্ষতাক আকৰ্ষিত কৰাৰ বাবে অৰ্ধপৰিবাহী উদ্যোগৰ ক্ষেত্ৰত অসমৰ এখন নিজা নীতি যুগুত কৰাৰ এয়া উচিত সময় হিচাপে আমি অনুভৱ কৰিছোঁ৷ মই অনুভৱ কৰোঁ যে অৰ্ধপৰিবাহী হৈছে দেশৰ লগতে বিশ্বৰ বাবে ভৱিষ্যতৰ এক বৃহৎ সম্ভাৱনাময় ক্ষেত্ৰ৷ আমি অনুভৱ কৰোঁ যে প্ৰযুক্তি খণ্ডত ই আমাৰ প্ৰতিভাসমূহক সুযোগ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ বাহিৰত কৰ্মৰতসকলক ৰাজ্যখনলৈ উভতি অহাৰ সুযোগ প্ৰদান কৰিব৷ এয়া হৈছে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ বাবে আমাৰ ওচৰত থকা পৰিকল্পনাৰ এক সম্প্ৰসাৰণ৷ ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া এক বিনিয়োগ সন্মিলনত আমি এই খণ্ডৰ অভিজ্ঞ প্ৰতিষ্ঠানসমূহৰপৰা প্ৰতিশ্ৰুতিপূৰ্ণ সঁহাৰি লাভ কৰিব পাৰিম৷
আমাৰ নিজা বৃক্ষ-অৰ্থনীতি গঢ়ি তোলাৰ পদক্ষেপ অমৃত বৃক্ষ আন্দোলনলৈ ৰাইজৰ সঁহাৰিৰ বিষয়েও মই উল্লেখ কৰিবলৈ বিচাৰিম৷ ভৱিষ্যৎ প্ৰজন্মক সুৰক্ষিত আৰু সবল কৰি ৰখাৰ এই বৃহৎ পদক্ষেপক সফল কৰিবৰ বাবে অহা ১৭ ছেপ্টেম্বৰত আমি প্ৰতিজনে অংশগ্ৰহণ কৰিম৷ পৰিসংখ্যাৰ বিপৰীতে মানৱতাৰ খাতিৰত এই নিঃস্বাৰ্থ কাৰ্যৰ জৰিয়তে এক সু-প্ৰভাৱ সৃষ্টিতহে আমি অধিক আগ্ৰহী৷ মই পুনৰ উল্লেখ কৰিবলৈ বিচাৰিম যে এয়া মাত্ৰ আৰম্ভণিহে৷ ধৰিত্ৰী আইক গোলকীয় উষ্ণতা বৃদ্ধিৰপৰা সুৰক্ষা প্ৰদান কৰিবলৈ কোটি কোটি গছপুলি ৰোপণৰ আমাৰ এই উচ্চকাংক্ষী হেঁপাহক কৰ্মস্পৃহাৰ শকতিৰে আমি প্ৰতিদিনে প্ৰাণৱন্ত কৰি ৰাখিম৷