জুলাইত আমালৈ আহিল বহু আনন্দৰ বাৰ্তা৷ নীতি আয়োগৰ প্ৰতিৱেদনতো এটি আনন্দৰ বাৰ্তা লিপিবদ্ধ হ’ল- ২০১৫-২০১৬ৰপৰা ২০১৯-২০২১ৰ ভিতৰত অসমত ৪৭ লাখ লোকে বহুমাত্ৰিক দৰিদ্ৰতাৰ প্ৰতিবন্ধকতা নেওচিবলৈ সক্ষম হ’ল৷ সম্পূৰ্ণ দেশৰ ক্ষেত্ৰত এই পৰিসংখ্যা হ’ল ১৩.৫ কোটি৷ সেই দিশত অসমৰ পৰিসংখ্যা ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ ৪% অধিক৷ অসমত ২০১৫-১৬ চনৰ ৩২.৬৫%ৰপৰা হ্ৰাস হৈ বহুমাত্ৰিক দৰিদ্ৰ সূচকৰ পৰিসংখ্যা ২০২০-২১ চনত হৈছেগৈ ১৯.৩৫%৷ দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ নহ’লেও এই পৰিসংখ্যাই আমাৰ নীতিসমূহৰ সঠিক ৰূপায়ণক প্ৰতিফলিত কৰিছে৷ মই আপোনাসৱক আশ্বাস প্ৰদান কৰিছোঁ যে আগন্তুক সময়ত এই হাৰ অধিক আশাব্যঞ্জক হ’ব যিহেতু আমাৰ বেছিভাগ নীতিগত পদক্ষেপ সঠিক দিশত আগুৱাবলৈ আৰম্ভ কৰিছে৷ এই প্ৰতিৱেদনৰ সাৰমৰ্ম হ’ল যে যোৱা বছৰকেইটাত সমগ্ৰ অসমত স্বাস্থ্য, শিক্ষা আৰু জীৱনধাৰণৰ মান উন্নত হৈছে৷ ইয়াৰ কাৰণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ জনমুখী নীতিসমূহ আৰু এই নীতিসমূহ ৰূপায়ণৰ বাবে আমাৰ চৰকাৰে পালন কৰা ভূমিকা৷ বহুমাত্ৰিক দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ এই উন্নত প্ৰদৰ্শন সন্দৰ্ভত নীতি আয়োগৰ প্ৰতিৱেদন হৈছে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ প্ৰতিফলন৷
আজি আমি যি স্থানত উপনীত হৈছোঁ, তাৰ আঁৰত আছে গৃহ নিৰ্মাণ, শিক্ষা, স্বাস্থ্য সেৱা আদিৰ লগতে অন্যান্য ক্ষেত্ৰসমূহত গ্ৰহণ কৰা উন্নয়নমুখী পদক্ষেপসমূহ৷ অৱশ্যে এয়া মাত্ৰ আৰম্ভণিহে৷ পৰৱৰ্তী প্ৰতিৱেদন প্ৰকাশ হোৱালৈকে অসমৰ লগতে আমাৰ দেশখনে দৰিদ্ৰতাৰ বিৰুদ্ধে এই যুঁজখনত সকলোৰে মৰ্যাদা নিশ্চিত কৰাৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব৷
উল্লিখিত বাৰ্তাৰ ক্ষেত্ৰত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা আন এটা বাৰ্তা হৈছে জিএছটিৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী৷ জিএছটিয়ে আমাৰ অৰ্থনীতিত যে ইতিবাচক প্ৰভাৱ পেলাইছে তাৰ প্ৰমাণ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ প্ৰশংসা৷ এই বৰ্ধিত সংগ্ৰহ আৰু হস্তান্তৰ পুঁজি মুকলি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ নিৰন্তৰ সহযোগিতাই দৰিদ্ৰতা-দূৰীকৰণ আৰু দৰিদ্ৰ আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ বাবে কল্যাণমূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ পুঁজিৰ সমস্যা নোহোৱাটো নিশ্চিত কৰিছে৷ ইয়াৰ ফলত আমি আন্তঃগাঁথনিমূলক ব্যৱস্থাক গতি প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ৷ অৰ্থনীতিবিদসকলে ইয়াক দৰিদ্ৰতা নিৰ্মূল কৰাৰ উত্তম পন্থা হিচাপে অভিহিত কৰে৷ জিএছটিৰ পূৰ্বে আমাৰ কৰ সংগ্ৰহ আছিল প্ৰায় ৫৫৮ কোটি টকা মাত্ৰ৷ জিএছটি কাৰ্যকৰী হোৱাৰ মাত্ৰ ছয় বছৰৰ ভিতৰত আমাৰ মুঠ কৰ সংগ্ৰহ প্ৰায় ৭,১০০ কোটি টকালৈ বৃদ্ধি পাইছে৷ অসম মূলতঃ উপভোক্তা ৰাজ্য হোৱাৰ পাছতো এয়া এক সাফল্য হিচাপেই পৰিগণিত হৈছে৷ এই সফলতাৰ বাবে মই দেশৰ প্ৰতি সততাৰে দায়িত্ব পালন কৰাসকলৰ লগতে আন্তৰিকতাৰে ৰাজ্যখনৰ হকে কাম কৰি থকাসকলক কৃতজ্ঞতা জনাবই লাগিব৷ উল্লেখ্য যে জিএছটি কাৰ্যকৰী কৰা দেশৰ প্ৰথমখন ৰাজ্যও আমি আছিলোঁ৷
জুলাইত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত তিনি লাখ হিতাধিকাৰীয়ে আনুষ্ঠানিকভাৱে নিজৰ পকী ঘৰটিত গৃহপ্ৰৱেশ কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা ‘২০২৪ চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ লক্ষ্য প্ৰাপ্তিৰ দিশে এয়া আছিল এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ আমি জ্ঞাত যে এই হিতাধিকাৰীসকলৰ বহুতেই হয়তো এনে এখন সুৰক্ষিত আশ্ৰয়ৰ কল্পনা কৰা নাছিল৷ বহুতৰ হয়তো নিজা এখন ঘৰ নাছিল৷ এনেবোৰ কাৰণতেই দৰিদ্ৰ আৰু আৰ্থিকভাৱে পিছপৰাসকলৰ বিষয়ে চিন্তা আৰু কৰ্ম কৰা এখন চৰকাৰ থকাটো অতি গুৰুত্বপূৰ্ণ৷
অহা ১৭ ছেপ্টেম্বৰত অসমে এটা দিনত তাকো দুঘণ্টাৰ ভিতৰত ১ কোটি গছপুলি ৰোপণ কৰি গীনিজ বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰাৰ এক প্ৰচেষ্টা কৰিব৷ এয়া কেৱল এক অভিলেখ গঢ়াৰ প্ৰচেষ্টা নহয়, ইয়াৰ আঁৰত নিহিত হৈ আছে আমাৰ সন্তানৰ বাবে এক সেউজীয়া আৰু স্বচ্ছ পৰিৱেশ নিশ্চিত কৰাৰ সংকল্প৷ নিজৰ ঘৰতে বাণিজ্যিক প্ৰজাতিৰ গছৰ ৰোপণেৰে বহনক্ষম অৰ্থনীতি প্ৰাপ্তিৰ দিশত এয়া এক উল্লেখনীয় পদক্ষেপ হৈ পৰিব৷ অমৃত বৃক্ষ আন্দোলনে আমাৰ ভৱিষ্যৎ প্ৰজন্মকো প্ৰতিনিধিত্ব কৰিব৷ কেৱল গছপুলি ৰোপণক উৎসাহিত কৰিলেই নহ’ব, গছপুলিসমূহৰ প্ৰতিপালনো গুৰুত্বপূৰ্ণ৷ আমি দুবছৰৰ পাছত ঘৰত ৰোৱা গছপুলিটো প্ৰতিপালন কৰাৰ বাবে উৎসাহিত কৰিবলৈ ২০০ টকাকৈ প্ৰদান কৰিম৷ এই প্ৰচেষ্টাৰদ্বাৰা আমি কিমান লাভাম্বিত হ’ব পাৰিম, সেই বিষয়ে বৰ্ণনা কৰাৰ প্ৰয়োজন হয়তো নাই৷
ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহ স্পৰ্শ কৰিবলৈ মন্ত্ৰী, বিধায়ক, আমোলা আৰু ৫,০০০ শ্ৰেষ্ঠ কৰ্মচাৰীক গাঁওবাসীৰ মাজত গ্ৰাম্য জীৱন শৈলীক অনুভৱ কৰিবলৈ উৎসাহিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই ব্যৱস্থাই অসমৰ প্ৰকৃত প্ৰয়োজনীয়তাসমূহৰ এখন প্ৰকৃত ছবি প্ৰতিফলিত কৰিব৷ গাঁওসমূহ হৈছে আমাৰ ৰাজ্যখনৰ হৃদস্পন্দনস্বৰূপ৷ গতিকে গাঁওসমূহক নগৰীয়া আৰামদায়ক জীৱনশৈলীৰ দৃষ্টিকোণেৰে সৰ্বশ্ৰেষ্ঠ ৰূপত পৰিচালিত কৰিব নোৱাৰি৷ এই পদক্ষেপে আমাক গৰিষ্ঠসংখ্যক লোকৰ স্বাৰ্থত নীতিসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু উপযোগী অৰিহণা যোগাব৷ মোৰ ৰাজহুৱা সেৱাৰ জীৱনকালত, মই এটা কথা উপলব্ধি কৰিছোঁ যে আমাৰ নীতিসমূহ প্ৰায়ে পৰিস্থিতি সম্পৰ্কীয় তত্ত্বৰ আধাৰতেই প্ৰস্তুত কৰা হয়৷ যেতিয়া আমি জনসাধাৰণৰ বেদনা আৰু দুৰ্দশাসমূহ হৃদয়ংগম কৰিম তেতিয়াহে নিজকে জনতাৰ চৰকাৰ বুলি অভিহিত কৰিব পাৰিম৷ কোনো এটা উৎকৃষ্ট সভ্যতাতে সংখ্যাগৰিষ্ঠক নীৰৱে অৱহেলা কৰি চৰকাৰ কেৱল শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ বাবে হ’ব নোৱাৰে৷