চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰেপৰা আমি স্বাস্থ্য আৰু শিক্ষাৰ সবলীকৰণৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব প্ৰদান কৰি আহিছোঁ৷ প্ৰতিদিনে কৰা উপলব্ধিয়ে মোক এইবাবেই আনন্দিত কৰে যে আমি এই লক্ষ্যক ন্যায্যতাৰে আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ৷ চাহ বাগিচা অঞ্চলৰ লগতে ৰাজ্যজুৰি এতিয়া বিদ্যালয়ৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে৷ ফলত বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বিদ্যালয় এৰি দিয়া শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে৷
মই লক্ষ্য কৰিছোঁ যে চাহ বাগিচা এলেকাসমূহত বিদ্যালয়ৰ সংখ্যা সেৰেঙা হোৱাৰ বাবে
ছাত্ৰ-ছাত্ৰীসকলে বহুদূৰ বাটকুৰি বাই যাব লাগে৷ আমি হয়তো ধাৰণাই কৰিব পৰা নাছিলোঁ যে এই অঞ্চলসমূহত বিদ্যালয় এখন প্ৰতিষ্ঠা কৰাৰ গুৰুত্ব কিমান৷ অৱশ্যে, এতিয়া আৰু পূৰ্বৰ দিনবোৰ নাই আৰু সেই আওকাণ কৰা মনোভাবো নাই৷ প্ৰাথমিক বিদ্যালয়ৰ লগতে আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ো চাহ বাগিচা অঞ্চলত প্ৰতিষ্ঠা হৈছে বা দ্ৰুতগতিত নিৰ্মাণ কৰি থকা হৈছে৷ কেৱল আধাৰশিলা স্থাপন কৰিয়েই আমি ক্ষান্ত হোৱা নাই, আমি সেই আধাৰশিলাসমূহক বিদ্যালয় আৰু মহাবিদ্যালয়লৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰিছোঁ৷ মই পৰিসংখ্যাক সিমান এটা গুৰুত্ব প্ৰদান নকৰোঁ যদিও এটা কথা উল্লেখ কৰিবলৈ বিচাৰিম যে মাত্ৰ কেইটামান বছৰৰ ভিতৰত চাহ বাগিচা অঞ্চলত বিদ্যালয়ৰ সংখ্যা ২০০খনলৈ বৃদ্ধি হ’ব৷
ই চাহ বাগিচাৰ শ্ৰমিক সন্তানসকলে সামাজিক বাধা নেওচি নিজৰ জীৱন গঢ় দিব পৰাটো নিশ্চিত কৰিব৷
তদুপৰি, বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিয়ে আমাৰ দৰে ৰাজ্য এখনত শিশুৰ শাৰীৰিক পুষ্টি নিশ্চিত কৰিছে৷ সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন কৰা শিশুৰ সংখ্যা যোৱা এটা বছৰত ১০% বৃদ্ধি পাইছে৷ ইয়াৰ অৰ্থ হৈছে অধিক সংখ্যক শিক্ষাৰ্থীয়ে শ্ৰেণীত অংশগ্ৰহণ কৰিছে আৰু আমি বিদ্যালয় এৰি যোৱা শিশুসকলক ওভতাই আনিবলৈ সক্ষম হৈছোঁ৷ যদিও আমি যথেষ্ট আগবাঢ়ি গৈছোঁ, তথাপি মই জ্ঞাত যে আমাৰ কৰণীয় আৰু আছে৷ আমি যি লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ তাক স্পৰ্শ কৰিছোঁ আৰু আমি শিক্ষা ক্ষেত্ৰত এই বিশেষ দিশটোক সবল কৰি ৰাখিবলৈও সংকল্পবদ্ধ৷
সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰখনত ব্যাপক প্ৰভাৱ পেলাব পৰা এক উন্নয়ন হৈছে নতুন শিক্ষা নীতি৷ এই নীতি ২০২৩ চনৰ জুনৰপৰা অসমত সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে৷ মোৰ দৃঢ় বিশ্বাস আছে যে এই ব্যাপক নীতিয়ে আমাক শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা লক্ষ্যসমূহৰ দৃষ্টিভংগী ইতিবাচক ধৰণেৰে সলনি কৰিব৷
এনইপি ২০২০-ত নিৰ্ধাৰিত প্ৰয়োজনীয়তাৰ ৯৫%ৰো অধিক অসমে পূৰণ কৰাৰ পাছত ইয়াৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি দেশৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছোঁ৷ মোৰ দৃষ্টিভংগী হৈছে অসমক কেৱল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ দেশৰে শিক্ষাৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো৷ এই দৃষ্টিভংগী সাৰ্থক কৰি তুলিবলৈ আমি আমাৰ বিশ্ববিদ্যালয়সমূহক বিভিন্ন মাপকাঠীত দেশৰ শীৰ্ষ ১০০খনৰ অন্যতম হিচাপে গঢ় দিব লাগিব৷ বিশ্ববিদ্যালয়সমূহ তথা বিশ্ববিদ্যালয়সমূহৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ লগতে শিক্ষক আৰু প্ৰশাসকসকলৰ সামূহিক প্ৰচেষ্টাইহে এই লক্ষ্য পূৰণ কৰিব পাৰিব৷
কেৱল আধাৰশিলা স্থাপন কৰিয়েই আমি ক্ষান্ত হোৱা নাই, আমি সেই আধাৰশিলাসমূহক বিদ্যালয় আৰু মহাবিদ্যালয়লৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত কৰিছোঁ৷ মই পৰিসংখ্যাক সিমান এটা গুৰুত্ব প্ৰদান নকৰোঁ যদিও এটা কথা উল্লেখ কৰিবলৈ বিচাৰিম যে মাত্ৰ কেইটামান বছৰৰ ভিতৰত চাহ বাগিচা অঞ্চলত বিদ্যালয়ৰ সংখ্যা ২০০খনলৈ বৃদ্ধি হ’ব৷
চিকিৎসা মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰতো একেষাৰ কথাই প্ৰযোজ্য৷ মোৰ মন্ত্ৰীত্বৰ কালতেই অসমত মাত্ৰ দুখন চিকিৎসা মহাবিদ্যালয় আছিল, আজি এই সংখ্যা ১২খন হোৱাৰ লগতে আৰু বৃদ্ধি হৈ আছে৷ চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যখনত উন্নত চিকিৎসা আন্তঃগাঁথনি আৰু উন্নত স্বাস্থ্য সেৱাৰ কেন্দ্ৰৰূপে চিকিৎসালয়সমূহো সবলীকৃত হৈছে৷ আমি এই ক্ষেত্ৰত চহৰসমূহৰ লগতে গ্ৰাম্য আৰু প্ৰান্তীয় অঞ্চলসমূহকো অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ৷ যেতিয়া গ্ৰামাঞ্চলৰ লোকসকলে বিশেষ কাৰণ আৰু পৰিস্থিতিৰ বাদে নিজৰ জিলাখনৰ বাহিৰলৈ কোনো বিকল্প বিচাৰিবলগীয়া নহ’ব সেয়াই হ’ব প্ৰকৃত অমৃত কাল৷ ৰাজ্যখনত ৰাজহৰ সীমাবদ্ধতা থকা স্বত্বেও আমাক সমৰ্থন কৰাৰ বাবে আগবাঢ়ি অহা বাহ্যিক সংস্থা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ শলাগ ল’বই লাগিব৷ চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমি লাভ কৰা সফলতাত প্ৰভাৱিত হৈ যোৱা সপ্তাহত বিশ্ব বেংকে আমাক স্বাস্থ্যসেৱা প্ৰদান প্ৰণালীৰ সবলীকৰণৰ উদ্দেশ্যে ২,০০০ কোটি টকাৰ অধিক নমনীয় ঋণ প্ৰদান কৰে৷ পুনৰ এটা পৰিসংখ্যা উল্লেখ কৰিবলৈ বিচাৰিম৷ বিশ্ব বেংকৰ মতে ২০০৫ চনত অসমৰ ২৪% মহিলাইহে প্ৰতিষ্ঠানগত তত্ত্বাৱধানত সন্তান জন্ম দিছিল আৰু বৰ্তমান এই সংখ্যা হৈছেগৈ ৮৭%৷ ইয়াৰ অৰ্থ হৈছে প্ৰসৱজনিত সমস্যাৰ বাবে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে আৰু গৰ্ভৱতী মাতৃ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনিত আস্থা বৃদ্ধি পাইছে৷
আমাৰ চৰকাৰী চিকিৎসালয়সমূহত বহিঃচিকিৎসা বিভাগত চিকিৎসা গ্ৰহণ কৰা লোকৰ সংখ্যা ৪৫% বৃদ্ধি পাইছে৷ অৰ্থাৎ আমি ৰাজহুৱা স্বাস্থ্যসেৱা সঠিকভাৱে আগবঢ়াব পাৰিছোঁ৷ আমি লাখ লাখ পৰিয়ালক তেওঁলোকৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে আঁচনিৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বাবে নগদবিহীন চিকিৎসা সেৱা উপলভ্য কৰিবলৈ সক্ষম হৈছোঁ৷
মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে ৯টা বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰা উপলক্ষে আমাৰ চৰকাৰে তিনিখন নতুন আঁচনি ঘোষণা কৰে৷ ৰাজ্যখনৰ এক লাখ উদ্যমীক স্বাৱলম্বী হোৱাৰ লগতে আনৰ বাবেও সুযোগ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে যাতে সহায় কৰিব পাৰে, তাৰ বাবে ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব৷ আমি উপলব্ধি কৰিব লাগিব যে সহযোগিতা আৰু সমৰ্থনে উদ্যমিতাৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব৷ এগৰাকী উদ্যমীয়ে এককভাৱে কাম কৰিব নোৱাৰে৷ যেতিয়া উদ্যমিতাৰ সংস্কৃতি গঢ় লৈ উঠে তেতিয়া সম্পূৰ্ণ প্ৰণালীটোৱে ইয়াৰ সুবিধা উপভোগ কৰিব পাৰে৷ এই ক্ষেত্ৰত এখন চৰকাৰৰ ভূমিকা হৈছে সহায়ক হিচাপে কাম কৰা আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰেপৰা যোৱা দুটা বছৰে আমি এই দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছোঁ৷
ৰাজ্যখনত বৰ্ধিত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণৰ উপায় সন্ধানৰ উদ্দেশ্যে জুনৰ শেষ সপ্তাহত মই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বিশেষ আলোচনাত মিলিত হওঁ৷ ৰাজ্যখনত সংঘটিত দুৰ্ঘটনাসমূহে মোক মৰ্মাহত কৰি আহিছে৷ এটা দুৰ্ঘটনাই ব্যক্তি, পৰিয়াল, সমাজ তথা ৰাজ্যখনত নেতিবাচক প্ৰভাৱ পেলায়৷ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোদী ডাঙৰীয়াৰ কাৰ্যকালৰপৰা অনুপ্ৰেৰণা লৈ আমি পথ সুৰক্ষা সজাগতাক এক জন-আন্দোলন হিচাপে গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ৷ মই আপোনাসৱক নিশ্চিত কৰিবলৈ বিচাৰিম যে আমি ৰাজ্যখনত দুৰ্ঘটনা তথা দুৰ্ঘটনাজনিত মৃত্যু হ্ৰাস কৰাৰ ক্ষেত্ৰত এক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম৷