বিখ্যাত কবি ইলিয়টৰ এষাৰ পংক্তিৰ সৈতে অসমবাসী কেতিয়াও একমত হ’ব নোৱাৰে৷ সেই বাক্যশাৰী হৈছে- ‘April is the cruellest month’ – ‘এপ্ৰিল আটাইতকৈ নিষ্ঠুৰ মাহ’৷ কিয়নো অসমত এয়া পুৰণিক সামৰি নতুনক আদৰাৰ সময়, বসন্তৰ ৰঙালী পৰশত হৃদয়ৰ বতৰা বিলোৱাৰ সময়৷ অসমীয়া নৱবৰ্ষক আদৰাৰ এই সময়খিনিতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনলৈ আহি দেশবাসীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প উৎসৰ্গা কৰাৰ লগতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিকো বিশেষ কৰি তুলিলে৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই সুবিধা পায় তেতিয়াই তেওঁ অসমবাসীৰ প্ৰশংসা কৰি আহিছে৷ অসমৰ প্ৰতি তেখেতৰ এই অকুণ্ঠ প্ৰেমৰ কাৰণ সম্পৰ্কে আমি জ্ঞাত নহয় যদিও তেখেতৰ এই প্ৰেমে আমাক ধন্য কৰিছে৷ অসমীয়াৰ গৌৰৱ গামোচাখনক বিভিন্ন বিশেষ মুহূৰ্তত তথা ভাৰতৰ বিভিন্ন স্থানলৈ যাওঁতে তেওঁ ডিঙিত/কান্ধত পিন্ধি গৈছে৷ তেখেতে অসমক এখন ‘এ-ওৱান’ ৰাজ্য হিচাপে মূল্যাঙ্কন কৰিছে৷ এককভাৱে এখন নতুন আৰু পুনৰুত্থানশীল ভাৰতৰ দৃষ্টিভঙ্গীৰ গঢ় দিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক ইমান উচ্চ প্ৰশংসা কৰাটো আমাৰ অসম সত্তাটোৰ বাবে গৌৰৱৰ বিষয়৷ আমি জ্ঞাত যে মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰেপৰা ৰাজ্যখনত এক ইতিবাচক পৰিৱৰ্তন দেখা পাইছোঁ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলে কেন্দ্ৰৰপৰা লাভ কৰা গুৰুত্বই পূৰ্বতে প্ৰান্তীয় বুলি ভবা এই অঞ্চলটো আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ সৈতে থকা তথাকথিত ব্যৱধান হ্ৰাস কৰিছে৷ ভৌতিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যাপক পদক্ষেপে অঞ্চলটোৰ নগৰ আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱন সহজ কৰি তুলিছে৷ দীৰ্ঘদিন ধৰি কেন্দ্ৰৰপৰা শাৰীৰিক আৰু সম্ভৱতঃ মানসিকভাৱে বিচ্ছিন্ন অনুভৱ কৰা আমাক আজি এক নৱ অনুভূতিৰে জীপাল কৰি তুলিছে৷ পূৰ্বতে কোনো এখন চৰকাৰে আমাক এই আনন্দ দিবলৈ সমৰ্থ হোৱা নাছিল৷ কিন্তু, এইখন চৰকাৰৰ কথা সুকীয়া৷ আমাৰ অস্তিত্বক ভাৰতত প্ৰতিপন্ন কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ৷
এই এপ্ৰিল মাহতেই মাননীয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী পুনৰ অসম ভ্ৰমণলৈ আহিল আৰু তেওঁৰ সৰলতা আৰু জনকল্যাণৰ প্ৰতি থকা সমৰ্পণৰ মনোভাৱে আমাৰ সকলোৰে হৃদয় জয় কৰিলে৷ দেশৰ প্ৰথম নাগৰিকগৰাকীয়ে ৰাজ্যজুৰি বিভিন্ন ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ তেখেতৰ এই ব্যতিক্ৰমী সঁহাৰি আছিল তেখেতৰ সৈতে বাৰ্তালাপ কৰাৰ সৌভাগ্য হোৱা আমাৰ প্ৰত্যেকজনৰে বাবে অনুপ্ৰেৰণাদায়ক৷
এপ্ৰিল আমাৰ বাবে নিষ্ঠুৰ হ’বই নোৱাৰে, কাৰণ– বিগত ৫১ বছৰৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা বিবাদৰ সমাধান এই এপ্ৰিলতেই আমি লাভ কৰিলোঁ৷ পূৰ্বতে মোৰ মনৰ বাৰ্তাত উল্লেখ কৰিছোঁ যে এনে আলোচনাৰ ফলাফলৰ বাবে সময়ৰ আৱশ্যক৷ হয়, এই সমস্যাবোৰ চিৰদিনৰ বাবে নিষ্পত্তি হ’বলৈ সময় লাগিব৷ অৱশ্যে এয়া কেৱল দুখন চৰকাৰৰ দায়িত্ব নহয়, এনে সমস্যাৰ সমাধানৰ বাবে ৰাইজৰো কৰণীয় থাকিব৷ আমাৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ গতিশীল আৰু নিৰ্ণায়ক নেতৃত্বই এই সমস্যাৰ সমাধানৰ বাট মুকলি কৰিলে৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াৰ সদিচ্ছা আৰু কেইবামাহ ধৰি এই সমস্যা সমাধানৰ বাবে নিষ্ঠাৰে কাম কৰি থকা বিশেষ দলটোৰ দক্ষতাৰ বিষয়ে মই উল্লেখ কৰিবই লাগিব৷ আমি ইতিমধ্যে মেঘালয়ৰ সৈতে জড়িত এনে সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছোঁ৷ মোৰ বিশ্বাস যে অৰুণাচল প্ৰদেশৰ সৈতে হোৱা এই ঐতিহাসিক চুক্তিয়ে অসমৰ সৈতে জড়িত অন্যান্য আন্তঃৰাজ্যিক সীমান্ত বিবাদৰ সমাধানৰ বাটো মুকলি কৰিব৷ মই ভাবোঁ যে সীমা সমস্যাসমূহ কোনো খেল-ধেমালি নহয় যে এজন বিজয়ী হ’ব বা এজন পৰাজিত হ’ব৷ বেছিভাগ বুজাপৰাতেই ‘দিয়া আৰু লোৱা’ৰ মনোভাৱ থাকে৷ আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰোঁতে মই এই কথাষাৰ মনত ৰাখিছোঁ৷
প্ৰতিগৰাকী অসমীয়াই এই মাহটোৰ বাবে অপেক্ষা কৰি থাকে৷ অৱশ্যে মই উল্লেখ কৰিবলৈ বিচাৰিম যে আগন্তুক প্ৰতিটো এপ্ৰিলত অসম আৰু ভাৰতবাসীয়ে এইবাৰৰ এপ্ৰিল মাহটোৰ কথা মনত পেলাব৷ যি সময়ত এক অনন্য অভিলেখ গঢ়িবলৈ এঘাৰ সহস্ৰাধিক শিল্পীয়ে সংহতিৰ সুৰ আৰু ঐক্যতানেৰে আমাৰ বুকুৰ আপোন বিহুনাচক বিশ্ব মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে একত্ৰিত হ’ল, সেই দৃশ্য কাললৈ যুগমীয়া হ’ল৷ আমাৰ বিহুটিয়ে বিশ্বৰ সাংস্কৃতিক মঞ্চত ইয়াৰ সঠিক স্থান লাভ কৰিছে বুলি ঘোষণা কৰাত মই আজি এগৰাকী অসমীয়া হিচাপে পূৰ্বতকৈ অধিক গৌৰৱান্বিত হৈছোঁ৷ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত আমাৰ চৰকাৰৰ সামগ্ৰিক ভূমিকাক লৈ মই সুখী৷ এয়া কেৱল এটা অভিলেখ নহয়, এই প্ৰচেষ্টাৰ বাবে আমাৰ বৈচিত্ৰ্যৰ মাজত থকা একতাই ঐক্যবদ্ধ আৰু শক্তিশালী অসমৰ উদাহৰণ সমগ্ৰ দেশতে দাঙি ধৰিবলৈ সক্ষম হৈছে৷ আমাৰ নাচনী-ঢুলীয়া আৰু প্ৰশিক্ষকসকলৰ এই প্ৰদৰ্শনৰ সাক্ষী হৈ সৰুসজাই ষ্টেডিয়ামৰপৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা ভাষণে আমাৰ এই বিশ্বাস অধিক দৃঢ় কৰি তুলিছে৷