এপ্ৰিল মাহত অসম কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল যে বৰেণ্য শিল্পী ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱে আগবঢ়াই যোৱা অনন্য অৱদানৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম শতবাৰ্ষিকী ৮ ছেপ্টেম্বৰ ২০২৫-৮ ছেপ্টেম্বৰ ২০২৬লৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে সুধাকণ্ঠৰ জীৱন পৰিক্ৰমা তথা তেখেতৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। আমাৰ দেশৰ বহুলোকে তেখেতৰ বিশাল কৰ্মৰাজিৰ বিষয়ে জ্ঞাত নহয় যদিও লাখ লাখ মানুহে আজিও ভূপেন হাজৰিকাৰদেৱৰ গীত, কথা, কণ্ঠত মোহিত হৈ তেখেতৰ সৃষ্টিসমূহৰ চৰ্চা অব্যাহত ৰাখিছে। হাজৰিকাদেৱ সঁচা অৰ্থত এগৰাকী মানৱতাবাদী আছিল আৰু এই কথা আমি বিশ্বজুৰি প্ৰচাৰ কৰা উচিত। তেখেতে সংগীতৰ জৰিয়তে দেশ-বিদেশৰ মানুহক মন্ত্ৰমুগ্ধ কৰিছিল। তেখেত অসাধাৰণ হৈয়ো সাধাৰণ মানুহৰ দৰেই জীৱন কটাইছিল। হাজৰিকাদেৱৰ শিল্পীসত্তা, অন্তৰ্দৃষ্টি আৰু জীৱনৰ অভিজ্ঞতাই আমাক যুগমীয়া সৃষ্টি উপহাৰ দিছে। মই নিজকে ভাগ্যবান বুলি ভাবোঁ যে মই ভূপেন দাৰ সান্নিধ্য লাভ কৰিছিলোঁ আৰু তেখেতৰ আশিসধন্য হৈ জন্ম শতবৰ্ষ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ অংশ হৈ পৰিছোঁ।
মোৰ সতীৰ্থ মন্ত্ৰী অজন্তা নেওগে একেৰাহে পঞ্চমবাৰৰ অসম বাজেট দাখিল কৰি নাৰী শক্তিৰ অনন্য নিদৰ্শন দেখুৱালে। এইবাৰৰ বাজেট আছিল ঐতিহাসিক আৰু ভৱিষ্যৎমুখী। এনে মিল থকাটো খুউব কমেই দেখিবলৈ পোৱা যায়। আনহাতে প্ৰথমবাৰৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিষয়বস্তু এইবাৰৰ বাজেটে সামৰি লৈছে।
আমাৰ প্ৰস্তাৱিত আছামছেট নামৰ কৃত্ৰিম উপগ্ৰহটোৱে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি উন্নয়ন, সীমান্ত সুৰক্ষা নিশ্চিত কৰাৰ লগতে আৰক্ষীকো বিশেষভাৱে সহায় কৰিব। ইয়াৰ লগতে আন বহু গুৰুত্বপূৰ্ণ সামাজিক আৰু অৰ্থনৈতিক প্ৰকল্পত এই কৃত্ৰিম উপগ্ৰহই সকাহ হিচাপে কাম কৰিব। আমি ভাৰতৰ প্ৰথমখন বাঁহেৰে নিৰ্মিত “বাঁহ স্মাৰ্ট চিটি” স্থাপন কৰাৰ চিন্তা কৰি আছোঁ, যিয়ে বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাক সাকাৰ ৰূপ দিব। এই পদক্ষেপে কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে অসমক বহনক্ষম উন্নয়নৰ দিশে আগুৱাই আমাক বিকাশৰ বতৰাৰে সমৃদ্ধ কৰিব।
এইবাৰৰ বাজেটে আন এটা বিষয়বস্তু সংযোজন কৰিছে। জৈৱ-প্লাষ্টিক ষ্টাৰ্ট-আপৰ জৰিয়তে অসমক ভাৰতৰ প্ৰথম “সেউজ পেকেজিং ঔদ্যোগিক কেন্দ্ৰ” হিচাপে গঢ়ি তোলা হ’ব। আমি এই ধাৰণাটোৰ গৱেষণা আৰু বিকাশৰ বাবে আৰ্থিক সহায় আগবঢ়াইছোঁ। এই দিশত আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ।
তদুপৰি বাজেটখন যাতে জনমুখী হৈ ৰাইজৰ কল্যাণ সাধন কৰে, সেই দিশটোৰ কথাও আমি চিন্তা-চৰ্চা কৰিছোঁ। যাৰ কাৰণে সমাজিক সুৰক্ষাৰ দিশটো অধিক শক্তিশালী কৰা হৈছে আৰু মহিলা সবলীকৰণক প্ৰাধান্য দি সমগ্ৰ বাজেটখন প্ৰস্তুত কৰা হৈছে। এনেবোৰ পদক্ষেপৰ জৰিয়তে অসমক দেশৰ শীৰ্ষ ৫খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যও আমিও নিৰ্ধাৰণ কৰিছোঁ, যি প্ৰতিশ্ৰুতি আমি ২০২১ চনত জনতাক দিছিলোঁ। চলিত বৰ্ষৰ বাজেটৰ মূলভিত্তি আছিল “বিকাশো হ’ব, ঐতিহ্য সংৰক্ষণো হ’ব”।
বিগত বৰ্ষৰ বাজেটৰ ৮৫% ব্যৱহাৰ হোৱাৰ বাবে আমি গৌৰৱান্বিত। আন ৰাজ্যসমূহৰ ভিতৰত এয়া বাজেটৰ সৰ্বোৎকৃষ্ট প্ৰয়োগ। ইয়াৰ ফলস্বৰূপে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩% বৃদ্ধি পাইছে, যি ৰাষ্ট্ৰীয় গড়তকৈ ৩ শতাংশ অধিক। অহা বৰ্ষত আমি ১.৫৫ লাখ কোটি টকাৰ ব্যয় অনুমান কৰিছোঁ। এই সকলো ইংগিতে বহন কৰে যে আমি আমাৰ লক্ষ্যত উপনীত হৈ সফলতা আনিবলৈ সাজু।
মাৰ্চ মাহত মাননীয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসম ভ্ৰমণ কৰি কেইবাটাও প্ৰকল্প উছৰ্গা কৰাটোৱে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা আন্তৰিকতাক সূচাইছে। তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিছিল। এই একাডেমীখন আগন্তুক দিনত দেশৰ অন্যতম উৎকৃষ্ট প্ৰশিক্ষণ কেন্দ্ৰ হ’ব বুলি আমি আশা কৰিছোঁ। গোৱা আৰু মণিপুৰৰ আৰক্ষী নিযুক্তিপ্ৰাপ্তসকলেও ইতিমধ্যে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি সন্তুষ্ট বুলি জানিবলৈ পাই সুখী অনুভৱ কৰিছোঁ।
তেখেতে এবছুৰ বাৰ্ষিক সন্মিলনতো অংশগ্ৰহণ কৰে আৰু শান্তি স্থাপন তথা বিকাশত এবছুৰ ভূমিকা প্ৰশংসনীয় বুলি উল্লেখ কৰে। মই সদায় বিশ্বাস কৰোঁ যে যুৱপ্ৰজন্মই সকলোধৰণৰ পৰিৱর্তন আনিব পাৰে। বড়োলেণ্ডত এই কথা পুনৰ প্ৰমাণ কৰিলে এবছুৱে। মই নিশ্চিত যে তেওঁলোকৰ জনসাধাৰণৰ ভৱিষ্যতৰ প্ৰতি থকা দৃষ্টিভংগীয়ে অঞ্চলটোৰ লগতে অসমবাসীৰ কল্যাণ সাধনত সক্ৰিয় ভূমিকা পালন কৰিব।
বিগত কেইবছৰমানৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়সমূহে যি দ্ৰুত অগ্ৰগতি লাভ কৰিছে, সেই বিষয়ে জানি মই আনন্দিত হৈছোঁ। ২০১৭ চনত প্ৰায় নিৰাশাজনক প্ৰদৰ্শনৰ পৰা আমি এই শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে আন বহুক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ।
গৌৰৱৰ সৈতে মই ক’ব পাৰোঁ যে ২০১৭ চনত কেৱল ৬,৩০০খন বিদ্যালয়ে এ+ গ্ৰেড লাভ কৰিছিল আৰু ২০২৫ চনত এই সংখ্যা ১৩,৯৫২ লৈ বৃদ্ধি পাইছে। অৰ্থাৎ আমাৰ প্ৰচেষ্টাই সু-ফলাফল দেখুৱাবলৈ আৰম্ভ কৰাটোৱেই সূচাইছে। গুণোৎসৱ কেৱল চৰকাৰী পদক্ষেপেই নহয়, ইয়াত সকলো অংশীদাৰ জড়িত হৈ থাকে — শিক্ষক, ছাত্ৰ, অভিভাৱক আৰু সমাজ। যেতিয়া আমি সকলোৱে চৰকাৰী বিদ্যালয়ত শিক্ষা প্ৰদানৰ ধৰণ উন্নত কৰাৰ এক অভিযানৰ বাবে একত্ৰিত হওঁ, তেতিয়া আমি উন্নয়নৰ এক স্পষ্ট প্ৰতিচ্ছবি দেখিবলৈ পাওঁ।






