জীৱনত কেতিয়াবা এনে কিছুমান মুহূৰ্ত আহে, যেতিয়া মানুহে নিজৰ কৃতিত্বক লৈ আনন্দিত হোৱাৰ অধিকাৰ অনুভৱ কৰে আৰু নিজকে অভিনন্দন জনাবলৈ আগ্ৰহ প্ৰকাশ কৰে। এডভাণ্টেজ আছাম ২.০-ৰ সফলতাৰ পাছত ময়ো একেই অনুভৱ কৰিছোঁ।
আমি ঠিৰাং কৰিছিলোঁ যে আত্মনিৰ্ভৰ, প্ৰগতিশীল আৰু দ্ৰুতগতিত উন্নয়নৰ দিশে আগুৱাই যোৱা ভাৰতক অসমৰ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰিবলৈ এখন বিনিয়োগ সন্মিলন আয়োজন কৰা উচিত। আমি বুজি উঠিছিলোঁ যে আন ৰাজ্যসমূহৰ দৰে সকলোধৰণৰ বিনিয়োগক আকৰ্ষণ কৰাৰ পৰিৱৰ্তে ‘ব্ৰেণ্ড অসম’ৰ কেনেধৰণৰ বিশেষত্ব তথা সম্ভাৱনা আছে, সেই দিশটোতহে গুৰুত্ব দিয়া উচিত। আমি স্পষ্টভাৱে জানিছিলোঁ- কোনসমূহ খণ্ডত আমাৰ স্বাভাৱিক সুবিধা আছে আৰু কোনসমূহ খণ্ডই অসমক অন্য ৰাজ্যসমূহৰ তুলনাত বিশেষ স্থান প্ৰদান কৰিব পাৰে। তদুপৰি আমাৰ যুৱসমাজৰ বাবে কৰ্মসংস্থাপনৰ লগতে উদ্যমিতাৰ সৈতে জড়িত সুযোগ সৃষ্টি কৰাৰ বিষয়টোত আমি বিশেষভাৱে গুৰুত্ব দিছিলোঁ।
সেয়েহে আমি সচেতনভাৱে নিৰ্দিষ্ট খণ্ডসমূহক লক্ষ্য কৰি বিনিয়োগকাৰীৰ ওচৰত অসমৰ প্ৰগতিৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছিলোঁ। অসমৰ উন্নয়ন তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিক অগ্ৰাধিকাৰ দি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিশেষভাৱে অনুপ্ৰাণিত কৰিছিল।
সন্মিলনখনৰ বাবে আমাৰ প্ৰস্তুতি লক্ষ্যভিত্তিক আৰু পৰিকল্পিত আছিল। আমি সম্ভৱপৰ সকলো প্ৰচেষ্টা আগবঢ়াইছিলোঁ। মোৰ কেবিনেট সতীৰ্থসকল, চৰকাৰী বিষয়াসকল প্ৰমুখ্যে সকলোৱে এই সন্মিলনক সফল ৰূপ দিয়াৰ বাবে যেন এক অভিযানত নামি পৰিছিল। মই অধ্যক্ষতা কৰা সন্মিলন সম্পৰ্কীয় বৈঠকসমূহ ফলপ্ৰসূ হৈছিল। মুম্বাই, দিল্লী, দক্ষিণ কোৰিয়া আৰু জাপানলৈ যোৱাৰ সময়তে মই অনুভৱ কৰিছিলোঁ যে অসমলৈ বৃহৎ বিনিয়োগ আহিবই। মোৰ দৰে একেই অভিজ্ঞতা কেবিনেট সতীৰ্থসকলে বেংগালুৰু, ডুবাই আৰু লণ্ডন ভ্ৰমণৰ সময়ত লাভ কৰিছিল। তদুপৰি বিষয়াসকলে তেওঁলোকৰ মতামত আগবঢ়োৱাৰ সময়তে মই অনুভৱ কৰিছিলোঁ যে অসমক এতিয়া নতুন দৃষ্টিৰে চোৱা হৈছে।এতিয়া অসমৰ নামটো আইন-শৃংখলাৰ সমস্যা বা সংঘাতৰ লগত জড়িত নহয়।
বৰ্তমান অসমখন এখন প্ৰগতিশীল অসম— এই ৰাজ্যৰ মানুহৰ দ্বাৰা গঢ় দিয়া আমাৰ আপোন অসম। আজিৰ সমৃদ্ধিশালী অসমখনে উন্নয়নৰ দিশত অগ্ৰণী আন ৰাজ্যসমূহৰ মাজত স্থান নিশ্চিত কৰাৰ বাট বিচাৰি পাইছে। এতিয়া অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰতিঘণ্টাত বৃদ্ধি পাইছে আৰু জি এছ টি সংগ্ৰহৰ বিষয়টোও আন ৰাজ্যসমূহৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।
এই বিশ্বাস আৰু আশাবাদৰ মাজতেই এডভাণ্টেজ আছাম ২.০ আয়োজন কৰা হৈছিল।
এই আয়োজনে এক ফলপ্ৰসূ প্ৰভাৱ পেলাবলৈ সক্ষম হ’ল। বিনিয়োগকাৰীসকলে আমি উপস্থাপন কৰা সুযোগৰ অংশ হ’বলৈ আগবাঢ়ি আহিল। আম্বানী, আদানী, টাটা, ৰুইয়া, জিন্দাল, আগৰৱাললৈকে সকলোৱে আমাৰ প্ৰতি সমৰ্থন আগবঢ়ালে। তেওঁলোকে অসমৰ সুযোগ-সম্ভাৱনাসমূহক বিশ্বাস কৰিলে। প্রধানমন্ত্রী ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থ মন্ত্ৰীসকলে অবিৰতভাৱে আমাৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা-সমৰ্থন আগবঢ়াই আহিছে। সেয়েহে মোদী ডাঙৰীয়াই কৈছিল ‘এয়া অসমৰ যুগ, এয়া উত্তৰ-পূৰ্বাঞ্চলৰ যুগ।’ এনে অনুপ্ৰেৰণা লৈ আমি ভৱিষ্যৎমুখী চিন্তা-ধাৰাৰে আগবাঢ়ি গৈ আছোঁ আৰু এই বাৰ্তাৰেই অনুষ্ঠিত হৈছিল এডভাণ্টেজ আছাম ২.০।
মোৰ বিশ্বাস যে এই সকলোবোৰে অসমত উদ্যোগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। মানুহে এতিয়া নিজৰ ভাগ্য নিজেই ৰচিব আৰু সমান্তৰালভাৱে অসমৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সংকল্প ল’ব। কিন্তু মই ভাবোঁ যে বুজাবুজিৰ চুক্তিতেই আমি সীমাবদ্ধ নাথাকি আমাৰ কামবোৰ এতিয়াৰে পৰা তৃণমূল পৰ্যায়ৰপৰাই আৰম্ভ কৰিব লাগিব। বিনিয়োগ আকৃষ্ট কৰিবলৈ কেৱল সদিচ্ছাই যথেষ্ট নহয়। এই সদিচ্ছা বাস্তৱ পদক্ষেপ আৰু প্ৰতিশ্ৰুতিৰ সৈতে প্ৰতিফলিত হ’ব লাগিব। মই আগতেও উল্লেখ কৰিছিলোঁ যে বিনিয়োগকাৰীৰ বিকল্প আছে, কিন্তু ৰাজ্যৰ বিকল্প নাথাকে। সেয়ে উদাসীনতাৰ কোনো ঠাই নাই। কেৱল কাগজত বুজাবুজিৰ চুক্তিখন থাকিলেই নহয়, আমি এতিয়া কামত মনোনিৱেশ কৰিব লাগিব। এয়া মাথোঁ আৰম্ভণিহে।এতিয়া মানুহে আমাৰ পৰা আশা কৰিব। তেওঁলোকৰ আশা পূৰণ কৰাটো আমাৰ নৈতিক দায়িত্ব। এডভাণ্টেজ আছাম ২.০ৰ আৰম্ভণিৰ ফলাফললৈ লক্ষ্য কৰি মই সন্তুষ্ট হৈছোঁ আৰু নিজকে কৈছোঁ “এয়া ভাল কাম। কিন্তু কেৱল আৰম্ভণিহে।”
ভাৰতৰ প্রধানমন্ত্রী ডাঙৰীয়াৰ উপস্থিতিত অসমৰ বিভিন্ন স্থানৰ শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ল – ঝুমইৰ নৃত্য। ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানটি আমাৰ সাংস্কৃতিক ইতিহাসত স্মৰণীয় হৈ থাকিব। অসমৰ প্ৰতিটো ক্ষেত্ৰতে অৱদান আগবঢ়াই অহা চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজক কৃতজ্ঞতা জনোৱাৰ এয়া আমাৰ এক আন্তৰিক প্ৰয়াস। অসমক দেশ-বিদেশত জিলিকাই তোলাৰ বাবে এইসকল অসমীয়াৰ অৰিহণাৰ প্ৰতি আমি সকলো কৃতজ্ঞ হোৱা উচিত। ভাবকচোন, যেতিয়া এখন দেশৰ প্রধানমন্ত্রীগৰাকীয়ে মঞ্চলৈ আহি নিজেই ঘোষণা কৰে যে তেখেত এতিয়া আপোনাৰ ৰাজ্যখনৰ “ব্ৰেণ্ড এম্বেছাডৰ”। মোদী ডাঙৰীয়াই এই কথা কোৱাৰ লগে লগেই ষ্টেডিয়ামখনত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছিল। এয়া আমাৰ বাবে সৌভাগ্য বুলি মই ভাবোঁ। মই অনুভৱ কৰিছিলোঁ যে প্রধানমন্ত্রী ডাঙৰীয়াই ‘ঝুমইৰ বিনন্দিনী’ উপভোগ কৰি সঁচাকৈয়ে আনন্দিত হৈ পৰিছিল।