অসমবাসীৰ বাবে এই নতুন বছৰটো বহুকেইটা কাৰণত উল্লেখনীয়৷ বিগত ৪৫ বছৰত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত গঁড়ৰ চোৰাং চিকাৰৰ সংখ্যা শূন্যৰ ঘৰলৈ আহিল৷ এই বাতৰিৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো সন্তুষ্টি ব্যক্ত কৰিছে৷ মই এই সফলতাৰ কৃতিত্ব প্ৰদান কৰিম আমাৰ বনকৰ্মী আৰু অসম আৰক্ষীৰ সদস্যসকলক৷ এওঁলোকে নানা বিপদসংকুলতাক অতিক্ৰমি আমাৰ গৌৰৱৰ প্ৰতীকস্বৰূপ এই দুষ্প্ৰাপ্য প্ৰাণীবিধক সুৰক্ষা প্ৰদান কৰিছে৷ এই কৃতিত্বই বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অসমৰ বাবে প্ৰশংসা বুটলি আনিবলৈ সক্ষম হৈছে৷ এখন চৰকাৰে কোনো বিভাগ বা ব্যক্তিৰ মাজত নিৰ্দিষ্ট দায়িত্বৰ বিভাজনৰ জৰিয়তে কোনোধৰণৰ অপ্ৰয়োজনীয় হস্তক্ষেপ নকৰাকৈ কিদৰে বিভিন্ন গুৰুত্বপূৰ্ণ কাম সমাধা কৰিব পাৰে, ই তাৰেই এক প্ৰতিফলন বুলি মই ভাবোঁ৷
ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা বিবিধ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰতো একেই কৰ্তব্যনিষ্ঠা বিৰাজমান৷ মানৱ সমাজৰ কল্যাণৰ হকে তেখেতসকলৰ নীৰৱ আৰু সমৰ্পিত কৰ্মময় যাত্ৰাত চৰকাৰৰ সহযোগিতা থাকক বা নাথাকক, তেওঁলোক প্ৰতিনিয়ত আগুৱাই গৈছে৷ এই প্ৰতিগৰাকী স্বনামধন্য ব্যক্তিৰ কৰ্মৰাজিও সমানেই প্ৰশংসনীয়৷ এই সন্মানৰ বাবে হোৱা বাছনি প্ৰক্ৰিয়াও আছিল সম্পূৰ্ণ পক্ষপাতিত্ববিহীন৷ আমাৰ ৰাজ্যখনৰ লগতে জনসাধাৰণৰ প্ৰতি তেখেতসকলে আগবঢ়োৱা সেৱাৰ বাবে মই ব্যক্তিগতভাৱে সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
গুণগত দিশৰ পৰা অসমৰ আন্তঃগাঁথনিক বিশ্বমানৰ কৰি তুলিবলৈ আমাৰ চৰকাৰে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ৰাজ্যজুৰি প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ যি সংকল্প আমি বিগত বৰ্ষৰ ডিচেম্বৰত লৈছিলোঁ, তাক বাস্তৱায়িত কৰাৰ দিশত এখোজ আগুৱাই এই মাহত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ তথা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাবে এলানি নতুন প্ৰকল্প নিৰ্মাণৰ ঘোষণা কৰিছোঁ৷ এই প্ৰকল্পসমূহে গুৱাহাটী মহানগৰবাসীৰ দৈনন্দিন জীৱন সহজসাধ্য কৰাৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক, বিভিন্ন উদ্যোগ আৰু বিনিয়োগকাৰীসকলকো উপকৃত কৰিব৷ শেহতীয়াকৈ আংশিক ৰূপত আৰম্ভ হোৱা পানী যোগান প্ৰকল্পটোও এই দিশত আমাৰ এক আশাশুধীয়া পদক্ষেপ৷
পৰিৱৰ্তিত সময়ৰ সৈতে খোজ আগবঢ়াই আমাৰ চৰকাৰখনে দূৰদৃষ্টিৰে কৰ্মৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া জি২০ সন্মিলনৰ পাঁচখন গুৰত্বপূৰ্ণ বৈঠক অসমত অনুষ্ঠিত হোৱাৰ কথাকে দৃষ্টান্ত হিচাপে উল্লেখ কৰিব পাৰি৷ বিত্তীয় আৰু সাংস্কৃতিক ক্ষেত্ৰত নেতৃত্ব দিয়া বিশ্বৰ বিভিন্ন শক্তিশালী দেশ আৰু প্ৰান্তৰ বহুকেইগৰাকী প্ৰতিনিধি আহি অসমত একত্ৰিত হোৱাৰ বিষয়ে আমি ইয়াৰ পূৰ্বে কেতিয়াও কল্পনাই কৰা নাছিলোঁ৷ কিন্তু, এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দক্ষ নেতৃত্বত দেশৰ লগতে ৰাজ্যখনতো বহু ইতিবাচক পৰিৱৰ্তনৰ সূচনা হ’ল৷ ভাৰতে জি-২০ত সভাপতিত্ব কৰাৰ বাবে ইয়াতকৈ উপযুক্ত সময় হয়তো নহ’লহেঁতেন কিয়নো বৰ্তমান আমাৰ দেশখনে একাধিক ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ দিশত দক্ষতাৰে আগবাঢ়িছে৷ গতিকে মই ব্যক্তিগতভাৱে এই অনুষ্ঠানসমূহৰ প্ৰস্তুতিৰ তদাৰক কৰিছোঁ আৰু আমি আমাৰ ফালৰ পৰা সকলোধৰণৰ সহযোগিতা উজাৰি দিবলৈ সাজু হৈছোঁ৷ জি-২০ৰ অনুষ্ঠানসমূহে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সম্পদ আৰু আমাৰ সম্ভাৱনাৰ প্ৰদৰ্শনেৰে ৰাজ্যখনৰ বাবে প্ৰত্যাশাৰ নতুন দুৱাৰ মুকলি কৰিব৷ আমি যুৱ প্ৰতিনিধিসকলৰ লগতে অতিথিসকলক আমাৰ এই শুৱনি ৰাজ্যখনলৈ আদৰণি জনাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ৷ অসমৰ লগতে দেশৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বাৰেৰহণীয়া সাংস্কৃতিক বৈচিত্ৰ্যই নিশ্চিয়কৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিবৰ্গক আকৰ্ষিত কৰিব৷
এই সকলোৰে মাজতো, আমাৰ চৰকাৰখনে জনসাধাৰণৰ বাবে প্ৰয়োজনীয় কল্যাণমূলক কৰ্মসমূহ সম্পাদন কৰিবলৈ পাহৰি যোৱা নাই৷ বিগত বৰ্ষত আমি ঘোষণা কৰা বিভিন্ন আঁচনি আৰু প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যত আামি সঠিকভাৱেই আগুৱাইছোঁ৷ তদুপৰি, আমি নতুন কাৰ্যপন্থা বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলৰ বাবে গণৰাজ্য দিৱসৰ ভাষণত মই কৰা ঘোষণাসমূহ ৰূপায়ণ কৰাৰ দিশতো কাম কৰি আছোঁ৷
ভাৰতে জি-২০ত সভাপতিত্ব কৰাৰ বাবে ইয়াতকৈ উপযুক্ত সময় হয়তো নহ’লহেঁতেন কিয়নো বৰ্তমান আমাৰ দেশখনে একাধিক ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ দিশত দক্ষতাৰে আগবাঢ়িছে৷ গতিকে মই ব্যক্তিগতভাৱে এই অনুষ্ঠানসমূহৰ প্ৰস্তুতিৰ তদাৰক কৰিছোঁ আৰু আমি আমাৰ ফালৰ পৰা সকলোধৰণৰ সহযোগিতা উজাৰি দিবলৈ সাজু হৈছোঁ৷
বিগত মাহটোৰ শেষৰফালে, আমি ৰাজ্যখনত বাল্য বিবাহৰ কু-প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ৷ এতিয়াও দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত বাল্য বিবাহৰ ঘটনা দেখা পোৱা যায়৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাই (৫) অসমৰ এক ভয়ংকৰ প্ৰতিচ্ছবি দাঙি ধৰিছে৷ মোৰ মনত কোনোধৰণৰ সন্দেহ নাই যে পৰিসংখ্যাই যি প্ৰতিফলিত কৰিছে তাতকৈ আমি বহুগুণে উন্নত অৱস্থানত আছোঁ৷ তথাপি আমি এই পৰিসংখ্যাক আওকাণ কৰাটো উচিত নহয়৷ এই সমস্যাৰ পৰা সমাজক পুনৰ মুক্ত কৰিবলৈ কেবিনেটে এই সামাজিক ব্যাধিৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহৰ যিসমূহ পৰিসংখ্যা আৰু পৰিঘটনা পৰলক্ষিত হৈছে সেয়া বিশ্বাস কৰাটো বৰ কঠিন৷ যিকোনো সচেতন ব্যক্তিয়ে এনে হতাশাজনক প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিলে শান্তিত বহি থাকিব নোৱাৰে৷ মই আপোনাসৱক আশ্বাস প্ৰদান কৰিছোঁ যে আমি সকলো উৎসৰ প্ৰয়োগ কৰি তৃণমূল পৰ্যায়ত পদক্ষেপ গ্ৰহণ কৰি বাল্য বিবাহৰ সন্দৰ্ভত থকা আইনসমূহ কঠোৰভাৱে বলৱৎ কৰিম৷ লগতে আমি নিশ্চিত কৰিব লাগিব যে যেতিয়া পৰৱৰ্তী ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ পৰিসংখ্যাৰ সময়ত যাতে আমি উচ্চ শিৰে থিয় দিব পাৰোঁ৷
আন এটা বিশেষ কাৰণত দেশৰ ভিতৰতে অসমে উচ্চ শিৰে থিয় দিলে৷ ভাৰত চৰকাৰে পূৰ্বৰ আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত থকা ঐতিহাসিক মৈদামসমূহক ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ (সাংস্কৃতিক) হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ইউনেস্ক’লৈ মনোনীত কৰিছে৷ এই বছৰ ৫২খন আৱেদনৰ পৰা বাছনি কৰা অসমৰ এই মৈদামসমূহ হৈছে ভাৰতৰ একমাত্ৰ মনোনয়ন৷ এই মনোনয়নে স্বীকৃতি লাভৰ বাবে বিভিন্ন শাখাত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা অহা শ শ অন্য মনোনয়নৰ সৈতে প্ৰতিযোগিতা কৰিব৷ এটা কথা মই আপোনাসৱক ক’বই লাগিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াক গুৰুত্বসহকাৰে লৈ সময় নিদিয়া হ’লে আমাৰ সাংস্কৃতিক বিশেষজ্ঞসকলৰ প্ৰচেষ্টা হয়তো সফল নহ’লহেঁতেন৷ ২০১৪ চনৰ পৰাই আমি এই দিশত নিষ্ঠাৰে কাম কৰি আছিলোঁ৷ যদিও পৰৱৰ্তী কেইমাহমানত আমাৰ এই মনোনয়নক বাহাল ৰাখিবৰ বাবে পালন কৰিবলগীয়া কিছুমান প্ৰক্ৰিয়া আছে, তথাপি প্ৰথমটো পদক্ষেপ হিচাপে আমাৰ এই মনোনয়নে বিশ্বৰ সন্মুখত অসমৰ এই ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ ঐতিহ্যৰ সংৰক্ষণৰ গুৰুত্ব বহুগুণে বৃদ্ধি কৰিলে৷