নতুন বছৰত গজালি মেলে নতুন সপোনে। অতীতৰ ভুলবোৰ শুধৰাই নতুনৰ দিশে গতি কৰাৰ বাবে প্ৰতিটো বছৰেই আমাক নতুন সুযোগ দিয়ে আৰু বহু কথা শিকায়। মই প্ৰায়েই এই বিষয়টো মোৰ জীৱনতো কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰোঁ। ২০২৫ বৰ্ষটো অসমৰ বাবে প্ৰকৃতাৰ্থত ‘নতুন’ হৈ পৰিছে। অসমৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই আৰু মোৰ সতীৰ্থ মন্ত্ৰীসকলে ৰাজ্যখনৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ দেশৰ লগতে বিশ্বৰ বিনিয়োগকাৰীসকলৰ সন্মুখত উপস্থাপন কৰাৰ বাবে প্ৰয়াস কৰিলোঁ। ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক সুবৰ্ণ সুযোগটোক সদ্ব্যৱহাৰ কৰাৰ উদ্দেশ্যে অসমলৈ দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাওঁ আৰু অসমৰ সম্ভাৱনাসমূহক অন্বেষণ কৰিবলৈ এখন উপযুক্ত মঞ্চ দিয়াৰ বাবে প্ৰচেষ্টা আগবঢ়াওঁ।
বিশ্বৰ পৰ্যটকৰ বাবে অসম আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰবিন্দু হোৱাৰ উপৰি বিনিয়োগকাৰীসকলৰ বাবে গন্তব্যস্থান হৈ উঠিব পাৰে, যদিহে আমি সকলো ব্যৱসায়িক পৰিকাঠামো সুনিশ্চিত কৰিব পাৰোঁ। সমাগত এডভাণ্টেজ আছাম ২.০ সন্মিলনে সেই পৰিকল্পনাক বাস্তৱায়িত কৰাৰ এক আধাৰ হ’ব পাৰে। অসমৰ উদীয়মান যুৱ শক্তি, তেওঁলোকৰ প্ৰতিভা, আৰু ৰাজ্যলৈ ঘূৰি অহা শান্তি – এই সকলো হৈছে বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ এক শক্তিশালী মাধ্যম।
আমি সঁচাকৈয়ে আমাৰ প্ৰকৃত শক্তি, সম্ভাৱনাৰ ক্ষেত্ৰসমূহ চিনি পাব লাগিব। অসমৰ সম্ভাৱনাসমূহ তথা ইয়াত থকা সুবিধাসমূহক চিহ্নিত কৰি সেইবোৰক বিনিয়োগৰ উপযোগীকৈ গঢ়ি তুলিব লাগিব। মই বিশ্বাসী যে টাটা গোটে জাগীৰোডত স্থাপন কৰিবলগীয়া অৰ্ধপৰিবাহী প্ৰকল্পই অসমৰ সম্ভাৱনাসমূহক বিশ্বৰ সন্মুখত দাঙি ধৰিব। যাৰ জৰিয়তে ইলেক্ট্ৰ’নিক আৰু আন আনুষংগিক উদ্যোগৰ দ্বাৰা ৰাজ্যখনৰ অর্থনীতিৰ গতি ত্বৰান্বিত হ’ব। ঔদ্যোগীকৰণৰ জৰিয়তে অসমৰ উন্নয়নৰ যাত্ৰাটিক নতুন ৰূপ দিয়াৰ এয়া এক উদাহৰণহে।
এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলৰ সৈতে মোৰ হোৱা সাক্ষাতৰ সময়ত সকলোৱে অসমৰ অগ্ৰগতি দেখি আকৃষ্ট হৈছিল। অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জি এছ ডি পি) আৰু বৰ্ধিত বিকাশৰ হাৰৰ বিষয়ে এতিয়া আমি আনৰ পৰা লুকুৱাই ৰাখিব নালাগে। বিনিয়োগকাৰীসকলেও এনে তথ্যৰ বিষয়ে জানিবলৈ সদায় প্ৰস্তুত হৈ থাকে আৰু সেই অনুযায়ী সুযোগৰ উপযুক্ত ব্যৱহাৰ কৰে। তেওঁলোকৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই এখন দেশ তথা ৰাজ্যৰ প্ৰগতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
মোৰ কেবিনেট সতীৰ্থ মন্ত্ৰীসকলেও বিনিয়োগকাৰীসকলৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হৈ এডভাণ্টেজ আছাম ২.০ক অসমৰ পৰিৱৰ্তনৰ এক নতুন দিশ বুলি উন্মোচন কৰিছে। এই সন্মিলনখন সফল কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা আৰু সঁহাৰি লাভ কৰি আনন্দিত হৈছোঁ। ময়ো অধীৰ আগ্ৰহেৰে এই সন্মিলনখন আৰম্ভ হোৱাৰ শুভ ক্ষণটোলৈ অপেক্ষা কৰিছোঁ। যদিও এই সন্মিলন আমাৰ অন্তিম লক্ষ্য নহয়, তথাপি এডভাণ্টেজ আছাম ৩.০ৰ বাবে এক নতুন বাট মুকলি হ’ব। যাৰ জৰিয়তে অসমে উন্নয়নৰ জখলাডালত ক্ৰমান্বয়ে আগুৱাই যাব আৰু বিনিয়োগকাৰীসকল অসমৰ এই উন্নয়নৰ এক অন্যতম অংশীদাৰ হৈ পৰিব। ইতিমধ্যে আমি এই উদ্যমৰ বীজ ৰোপণ কৰিছোঁ, এতিয়া পোখা মেলাৰ লগে লগে ইয়াৰ প্ৰতিপালন কৰিব লাগিব।
আমি আমাৰ বাণিজ্যিক ক্ষেত্ৰত থকা সম্ভাৱনা-সুবিধাৰ জৰিয়তে বিনিয়োগকাৰীসকলক স্বাগতম জনাম, কিন্তু ইয়াৰ লগতে আমাৰ সাংস্কৃতিক বৈচিত্ৰ্য, পৰম্পৰাৰ সৈতেও তেওঁলোকক পৰিচয় কৰাৰ বাবে এক বিশেষ পদক্ষেপ লোৱা হৈছে। এডভাণ্টেজ আছাম ২.০ৰ দিনটোত ঝুমইৰ পৰিৱেশন কৰাৰ জৰিয়তে আমি অসমৰ বৰ্ণিল সংস্কৃতিক তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিম। অসমৰ চাহ জনগোষ্ঠীয় ভাই-ভনীসকলে ৰাজ্যখনৰ চাহ উদ্যোগৰ উন্নয়নত অনন্য অৱদান আগবঢ়াই আহিছে। এইসকল ভাই-ভনীয়ে এইবাৰ তেওঁলোকৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন কৰিব। গুৱাহাটীত ৮,০০০ৰো অধিক শিল্পীয়ে এই মেগা ঝুমইৰ অনুষ্ঠানত অংশ লৈ বিশ্ববাসীক আহ্বান জনাব – “আহক, আমাৰ বিনন্দীয়া অসমখনৰ বিষয়ে জানক আৰু আমাৰ আনন্দপূৰ্ণ এই যাত্ৰাত সহযাত্ৰী হওক।”
নতুন বছৰটি অসমবাসীৰ লগতে আমাৰ চৰকাৰৰ বাবে এক ঐতিহাসিক বছৰ। কাৰণ প্ৰথমবাৰৰ বাবে আমি গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা আন এখন চহৰত উন্মোচন কৰিলোঁ। মই ডিব্ৰুগড়ত এই গৌৰৱময় ক্ষণত অংশগ্ৰহণ কৰাৰ সময়ত অনুভৱ কৰিছিলোঁ যে ডিব্ৰুগড় দ্বিতীয়খন ৰাজধানী চহৰ হোৱাৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ আছে।
শিক্ষা, উদ্যোগ আৰু শিল্পৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় ইতিমধ্যে এক সমৃদ্ধ চহৰ। এতিয়া আমি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰি আন এক নতুন যাত্ৰাৰ আৰম্ভ কৰিলোঁ। অহা কেইবছৰমানৰ ভিতৰত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তুলিম। ইয়াৰ জৰিয়তে উজনি অসমৰ নখন জিলাৰ জনসাধাৰণ উপকৃত হ’ব।
চাহ বাগিচাৰে পৰিপূৰ্ণ সম্ভাৱনাময় ডিব্ৰুগড় এখন সুন্দৰ চহৰ। ডিব্ৰুগড়ত শেহতীয়াকৈ নতুন আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শিলান্যাস/উদ্বোধন কৰি মই ঘোষণা কৰিছো যে এয়া মাথোন আৰম্ভণিহে, অসমৰ উন্নয়নৰ যাত্ৰা অনাগত দিনতো নিৰন্তৰভাৱে চলি থাকিব…